--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১০ জানুৱাৰীত বৰ্ষাপাৰাত শ্ৰীলংকাৰে মুখামুখি হ’ব ভাৰতীয় ক্ৰিকেট দল৷ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল৷ আহি পাইছে কোহলীও৷ গুৱাহাটী আহি পোৱাৰ পাছতে ইনষ্টাগ্ৰামত বিশেষ ষ্ট’ৰী শ্বেয়াৰ কৰিছে বিৰাট কোহলীয়ে! তাৰপাছতে সৃষ্টি হৈছে প্ৰচুৰ উৎকণ্ঠা আৰু ৰহস্যৰ৷

নতুন বছৰৰ আৰম্ভণিতে পত্নী অনুষ্কা শৰ্মা আৰু জীয়ৰী ভামিকাৰ সৈতে সময় অতিবাহিত কৰিছিল বিৰাটে। অলপতে বৃন্দাবনতো দেখা গৈছিল ক্ৰিকেট তাৰকাগৰাকীক।

১০ জানুৱাৰীৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব বিৰাটে। ইয়াৰ পূৰ্বে আকস্মিকভাৱে ইনষ্টাগ্ৰামত ৰহস্যজনক ষ্ট’ৰী পোষ্ট কৰিছে বিৰাটে৷

শেহতীয়াকৈ কোহলীয়ে ইনষ্টাগ্ৰামত দুটা ষ্ট’ৰী পোষ্ট কৰিছিল। এটা ষ্ট’ৰীত হলিউডৰ অভিনেতা টম হেংকছৰ এটা মন্তব্য উদ্ধৃত কৰিছে। আন এটাত বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ এটা বাৰ্তা।

প্ৰথম মন্তব্যটো এনেধৰণৰ- “আপোনাৰ মন বেয়া নেকি? আপুনি বৰ হতাশ নেকি? আপোনাৰ বৰ খং উঠিছে নেকি? আপুনি দেখিব যে এই সময়ছোৱাও পাৰ হৈ যাব। এটা সময়ত আপোনাৰ খুব ভাল লাগিব।’’

দ্বিতীয় ষ্ট’ৰীটোত ইৰফানৰ ছবিখনৰ স’তে লিখা হৈছে, “জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰাটো এটা ৰোগ আৰু আশা কৰোঁ এদিন মই এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ম৷ মোৰ প্ৰকৃত লক্ষ্য হ’ব জীৱন উপভোগ কৰা আৰু সকলোতে স্থিৰ হৈ ৰোৱা৷’’

জনপ্ৰিয়তা আৰু জীৱন সন্দৰ্ভত কোহলীয়ে এইসমূহ ষ্ট’ৰী প’ষ্ট কৰাৰ পাছতেই এতিয়া ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ প্ৰকৃততে ইয়াৰ দ্বাৰা কি ক’ব বিচাৰিছে তাৰকাগৰাকীয়ে তাকেই লৈ চিন্তাত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক