--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১০ জানুৱাৰীত বৰ্ষাপাৰাত শ্ৰীলংকাৰে মুখামুখি হ’ব ভাৰতীয় ক্ৰিকেট দল৷ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল৷ আহি পাইছে কোহলীও৷ গুৱাহাটী আহি পোৱাৰ পাছতে ইনষ্টাগ্ৰামত বিশেষ ষ্ট’ৰী শ্বেয়াৰ কৰিছে বিৰাট কোহলীয়ে! তাৰপাছতে সৃষ্টি হৈছে প্ৰচুৰ উৎকণ্ঠা আৰু ৰহস্যৰ৷

নতুন বছৰৰ আৰম্ভণিতে পত্নী অনুষ্কা শৰ্মা আৰু জীয়ৰী ভামিকাৰ সৈতে সময় অতিবাহিত কৰিছিল বিৰাটে। অলপতে বৃন্দাবনতো দেখা গৈছিল ক্ৰিকেট তাৰকাগৰাকীক।

১০ জানুৱাৰীৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব বিৰাটে। ইয়াৰ পূৰ্বে আকস্মিকভাৱে ইনষ্টাগ্ৰামত ৰহস্যজনক ষ্ট’ৰী পোষ্ট কৰিছে বিৰাটে৷

শেহতীয়াকৈ কোহলীয়ে ইনষ্টাগ্ৰামত দুটা ষ্ট’ৰী পোষ্ট কৰিছিল। এটা ষ্ট’ৰীত হলিউডৰ অভিনেতা টম হেংকছৰ এটা মন্তব্য উদ্ধৃত কৰিছে। আন এটাত বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ এটা বাৰ্তা।

প্ৰথম মন্তব্যটো এনেধৰণৰ- “আপোনাৰ মন বেয়া নেকি? আপুনি বৰ হতাশ নেকি? আপোনাৰ বৰ খং উঠিছে নেকি? আপুনি দেখিব যে এই সময়ছোৱাও পাৰ হৈ যাব। এটা সময়ত আপোনাৰ খুব ভাল লাগিব।’’

দ্বিতীয় ষ্ট’ৰীটোত ইৰফানৰ ছবিখনৰ স’তে লিখা হৈছে, “জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰাটো এটা ৰোগ আৰু আশা কৰোঁ এদিন মই এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ম৷ মোৰ প্ৰকৃত লক্ষ্য হ’ব জীৱন উপভোগ কৰা আৰু সকলোতে স্থিৰ হৈ ৰোৱা৷’’

জনপ্ৰিয়তা আৰু জীৱন সন্দৰ্ভত কোহলীয়ে এইসমূহ ষ্ট’ৰী প’ষ্ট কৰাৰ পাছতেই এতিয়া ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ প্ৰকৃততে ইয়াৰ দ্বাৰা কি ক’ব বিচাৰিছে তাৰকাগৰাকীয়ে তাকেই লৈ চিন্তাত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন