--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানৰ সমৰ্থকসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদকে ধৰি গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভৱনসমূহআক্ৰমণ কৰিছে। দেওবাৰে নিশা হাজাৰ হাজাৰ লোকে  একত্ৰিত হৈ  ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ কৰে৷  ব্ৰাজিলৰ কংগ্ৰেছ আৰু উচ্চতম ন্যায়ালয়তো  আক্ৰমণ কৰাৰ খূৰ পোৱা গৈছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে ২০২১ চনৰ ৬ জানুৱাৰীত  ইউএছ কেপিটলত আক্ৰমণ কৰাৰ দৰেই বলচোনাৰোৰ সমৰ্থকসকলেওব্ৰাজিলত একেধৰণৰেই আক্ৰমণ সংঘটিত কৰিছে৷ 

বলচোনাৰোক পৰাস্ত কৰি লুইজ ইনাচিও লুলা দা চিলভা যোৱা বছৰ ব্ৰাজিলত ক্ষমতালৈ আহিছিল৷  ।  লুলাই ৰাজধানী ব্ৰাচিলিয়াৰ নিৰাপত্তাক লৈও সন্দেহ পৰকাশ কৰি আহিছিল৷ অৱশেষত তেওঁ সন্দেহ কৰা ধৰণেই ব্ৰাজিলত আক্ৰমণ সংঘটিত হ’ল৷ 
ব্ৰাচিলিয়াত আক্ৰমণ সংঘটিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি লুলা ৰাষ্ট্ৰপতি ভৱনত  নাছিল। তেওঁ সেই সময়ত চাও পাওলোলৈ গৈছিল।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ'ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ব্ৰাজিলৰ হালধীয়া আৰু সেউজীয়া পতাকা লৈ ৰাষ্ট্ৰপতিৰ প্ৰাসাদৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে। তেওঁলোকে নিৰাপত্তা বেষ্টনী ভাঙি ৰাষ্ট্ৰপতি ভৱনটোত প্ৰৱেশ কৰে আৰু ভৱনটোত আক্ৰমণ চলায়৷ 

উল্লেখ্য প্ৰাক্তন ৰাষ্ট্ৰপতি বলচোনাৰোৱে এতিয়ালৈকে পৰাজয় স্বীকাৰ কৰা নাই। তেওঁ  ভোট গণনাত ৰিগিংহোৱা বুলি আজিও অভিযোগ কৰি আহিছে৷  যোৱা বছৰৰ  অক্টোবৰত পৰাজয়ৰ পিছত বলচোনাৰোৱে দেশ ত্যাগ কৰিছিল। তেওঁ বৰ্তমান ফ্লৰিডাত বাস কৰে। অক্টোবৰত হোৱা ভোটদানৰ পিছৰে পৰা বলচোনাৰোৰ সমৰ্থক আৰু অনুগামীসকলে দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু