--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানৰ সমৰ্থকসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদকে ধৰি গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভৱনসমূহআক্ৰমণ কৰিছে। দেওবাৰে নিশা হাজাৰ হাজাৰ লোকে  একত্ৰিত হৈ  ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ কৰে৷  ব্ৰাজিলৰ কংগ্ৰেছ আৰু উচ্চতম ন্যায়ালয়তো  আক্ৰমণ কৰাৰ খূৰ পোৱা গৈছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে ২০২১ চনৰ ৬ জানুৱাৰীত  ইউএছ কেপিটলত আক্ৰমণ কৰাৰ দৰেই বলচোনাৰোৰ সমৰ্থকসকলেওব্ৰাজিলত একেধৰণৰেই আক্ৰমণ সংঘটিত কৰিছে৷ 

বলচোনাৰোক পৰাস্ত কৰি লুইজ ইনাচিও লুলা দা চিলভা যোৱা বছৰ ব্ৰাজিলত ক্ষমতালৈ আহিছিল৷  ।  লুলাই ৰাজধানী ব্ৰাচিলিয়াৰ নিৰাপত্তাক লৈও সন্দেহ পৰকাশ কৰি আহিছিল৷ অৱশেষত তেওঁ সন্দেহ কৰা ধৰণেই ব্ৰাজিলত আক্ৰমণ সংঘটিত হ’ল৷ 
ব্ৰাচিলিয়াত আক্ৰমণ সংঘটিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি লুলা ৰাষ্ট্ৰপতি ভৱনত  নাছিল। তেওঁ সেই সময়ত চাও পাওলোলৈ গৈছিল।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ'ত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ব্ৰাজিলৰ হালধীয়া আৰু সেউজীয়া পতাকা লৈ ৰাষ্ট্ৰপতিৰ প্ৰাসাদৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে। তেওঁলোকে নিৰাপত্তা বেষ্টনী ভাঙি ৰাষ্ট্ৰপতি ভৱনটোত প্ৰৱেশ কৰে আৰু ভৱনটোত আক্ৰমণ চলায়৷ 

উল্লেখ্য প্ৰাক্তন ৰাষ্ট্ৰপতি বলচোনাৰোৱে এতিয়ালৈকে পৰাজয় স্বীকাৰ কৰা নাই। তেওঁ  ভোট গণনাত ৰিগিংহোৱা বুলি আজিও অভিযোগ কৰি আহিছে৷  যোৱা বছৰৰ  অক্টোবৰত পৰাজয়ৰ পিছত বলচোনাৰোৱে দেশ ত্যাগ কৰিছিল। তেওঁ বৰ্তমান ফ্লৰিডাত বাস কৰে। অক্টোবৰত হোৱা ভোটদানৰ পিছৰে পৰা বলচোনাৰোৰ সমৰ্থক আৰু অনুগামীসকলে দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক