--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিত আকাল নাই ক্ৰিকেটাৰৰ। ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পাছত ৰাজনীতিক নতুন কেৰিয়াৰ হিচাপে সাবটি লোৱা কেইবাগৰাকীও ক্ৰিকেটাৰৰ নাম ভাৰতীয় ৰাজনীতিত দেখিবলৈ পোৱা যায়। মনচুৰ আলী খান পাটাউদীৰ পৰা শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন তাৰকা অফ স্পিনাৰ হৰভজন সিঙলৈকে এই তালিকাখন কিছু দীঘলীয়াই হ'ব। অৱশ্যে ৰাজনীতিত প্ৰৱেশৰ পিছত এইসকল প্ৰাক্তন ক্ৰিকেটাৰে পুনৰ ক্ৰিকেটলৈ উভতি যোৱাৰ কোনো প্ৰয়োজনীয়তা দেখা নাই।

অৱশ্যে এইক্ষেত্ৰত ব্যতিক্ৰম ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰী। ক্ৰিকেটৰ পৰা গৈ ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত বংগৰ ক্ৰীড়ামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈয়ো এইবাৰ ঘৰুৱা ৰঞ্জী ক্ৰিকেটত বংগ দলৰ হৈ ফিল্ডত নামিছিল তিৱাৰী, খেলিছিল শতকীয়-দ্বিশতকীয় ইনিংছো। এইবাৰ এই তালিকাত আন এটা নাম সাঙুৰ খাইছে।

অৱশ্যে এইগৰাকী ক্ৰিকেটাৰে ভাৰতীয় দলৰ হৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেটত ভাগ লোৱা নাই। সেইদৰে ঘৰুৱা ক্ৰিকেটতো অৱশ্যে ছিনিয়ৰ পৰ্যায়ত খেলাৰ সুবিধা পোৱা নাছিল এওঁ। হ’লেও পিছে ক্ৰিকেটাৰ হিচাপেই এইগৰাকী ব্যক্তিয়ে কেৰিয়াৰ বনোৱাৰ সপোন দেখিছিল। ২২ গজৰ যুঁজখনত খেলিছিল জুনিয়ৰ পৰ্যায়ত।

এইগৰাকী ব্যক্তি আন কোনো নহয়। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱৰ কথা ইয়াত কোৱা হৈছে। ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা তেজস্বী এতিয়া বিহাৰৰ ৰাজনীতিৰ এক শক্তিশালী নেতা। বিহাৰৰ ৰাজনীতিত তেজস্বীয়ে এগৰাকী জনপ্ৰিয় নেতা হিচাপে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে।

কিন্তু এনেদৰে ৰাজনৈতিক ক্ষেত্ৰখনত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিল নেকি তেজস্বীৰ? নে পুৰণি কেৰিয়াৰক আকৌ ঘূৰাই পোৱাৰ যো-জা চলাইছে লালু তনয়ে? শেহতীয়াকৈ তেওঁ নিজেই টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ক লৈ ব্যাপক চৰ্চা চলিছে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে ৰাজনীতিক তেজস্বীৰ পৰিৱৰ্তে ক্ৰিকেটাৰ তেজস্বীক।

ক্ৰিকেটৰ পৰা দীৰ্ঘদিন আঁতৰি থকাৰ পিছতো যেন হেৰুওৱা নাই তেজস্বীৰ ছন্দ! হাতত বেট লৈ প্ৰতিপক্ষৰ বলাৰক কৰিছে নিৰ্দয় প্ৰহাৰ, তাৰ পিছতে বল হাতত তুলি স্পিন ঘূৰ্ণীৰে শলঠেকত পেলাইছে বেটাৰক। দেওবাৰে তেজস্বী যাদৱে টুইটাৰত পোষ্ট কৰিছে এই দৃশ্য। অৱশ্যে আনুষ্ঠানিক ক্ৰিকেট যুঁজত নহয়, ঘৰৰ চোতালতহে লালু পুত্ৰই ক্ৰিকেটৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।

মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ চৰকাৰী বাসগৃহ চাৰ্কুলাৰ ৰোড বাংলোৰ চৌহদত অৱসৰ বিনোদনৰ বাবেহে হাতত পুনৰ বেট-বল তুলি লয় তেজস্বী যাদৱে। এই সাময়িক বিনোদনৰে এটা চমু ভিডিঅ’ টুইটাৰত পোষ্ট কৰে যাদৱে।

ভিডিঅ’টোত তেজস্বীয়ে লিখিছে, "জীৱনেই হওক বা খেল, জিকিবলৈ সদায় খেলিব লাগিব। আপুনি যিমানে মগজুত পৰিকল্পনা কৰিব, খেলপথাৰত সিমানে অধিক ভাল প্ৰদৰ্শন কৰিব। কেইবাটাও বৰ্ষৰ পিছত পুনৰ হাতত বেট আৰু বল তুলি লোৱাৰ চেষ্টা কৰি আনন্দিত। “যেতিয়া আপোনাৰ গাড়ী চালক, ৰান্ধনী, চুইপাৰ, মালি আৰু আন পৰিচৰ্যাকাৰী সকল আপোনাৰ প্ৰতিপক্ষ খেলুৱৈ হয় আৰু আপোনাক আঘাত কৰিবলৈ আৰু আউট কৰিবলৈ আগ্ৰহী হয়, তেতিয়া ই অধিক সন্তোষজনক হৈ পৰে।"- টুইটটোত যাদৱে লগতে এইদৰে লিখে।

উল্লেখ্য যে ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল তেজস্বীয়ে। দিল্লীৰ হৈ তেওঁ জুনিয়ৰ ক্ৰিকেটো খেলিছিল। আনহাতে উদ্বোধনী বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত দিল্লী ডেয়াৰডেভিলছ দলৰ অংশও আছিল তেজস্বী।

তদুপৰি তেওঁ ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিও কেইবাখনো আন্ত:ৰাজ্যিক পৰ্যায়ৰ টূৰ্ণামেণ্ট খেলিছিল। জুনিয়ৰ ক্ৰিকেটত তেজস্বীৰ নামত আছে শতকীয় ইনিংছো। কিন্তু ক্ৰিকেট কেৰিয়াৰত আশানুৰূপ সফলতা লাভ নকৰাৰ পাছত পিতৃ লালু প্ৰসাদ যাদৱ আৰু মাতৃ ৰাৱড়ী দেৱীৰ পথ অনুসৰণ কৰি তেজস্বীয়ে ৰাজনীতিত প্ৰৱেশ কৰে।

ইফালে শেহতীয়াকৈ বিহাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বীক ওজন হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল। গত ১২ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধান সভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাটনা ভ্ৰমণ কৰিছিল। তেতিয়াই মোদীয়ে তেজস্বীক কিছু ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ এই পৰামৰ্শক তেজস্বীয়ে গুৰুত্বসহকাৰে লোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে। মোদীৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনায়ে তেজস্বীয়ে ক্ৰিকেটত মনোনিৱেশ কৰিছে বুলি সামাজিক মাধ্যমত সৰস চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ