--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকক ধমক দিছে উচ্চতম ন্যায়ালয়ে। ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল নকৰাৰ বাবেই SBIক ধমকি সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনী বণ্ড সন্দৰ্ভত যোৱা ১১ মাৰ্চত SBIৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে। ১২ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক প্ৰদানৰ নিৰ্দেশ দিছিল SBIক।  সেই অনুযায়ী SBIএ তথ্য দাখিল কৰিলে যদিও বাদ পৰি গ'ল কিছু গুৰুত্বপূৰ্ণ তথ্য। বেংকটোৱে নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যত নাই বণ্ড নম্বৰ। ইয়াৰ বাবেই SBIৰ বিৰুদ্ধে ক্ষুণ্ণ উচ্চতম ন্যায়ালয়। ইলেক্টৰেল বণ্ড নম্বৰৰ জৰিয়তে জনা যায় কোন ব্যক্তি, কোম্পানীয়ে কোনটো দলক ধনৰ অনুদান আগবঢ়াইছে। কিন্তু SBIৰ তথ্যত বণ্ড নম্বৰ নথকাত এই দিশটো জনতাৰ বাবে সম্পূৰ্ণ অন্ধকাৰত থাকি গ'ল। এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক বান্ধি দিছে নতুন সময়সীমা। ১৮ মাৰ্চৰ শুনানিত স্থিতি স্পষ্ট কৰিবলৈ বেংকটোক কঠোৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। ষ্টেট বেংকে দাখিল কৰা তথ্যত কেইবাটাও কোম্পানীয়ে ৰাজনৈতিক দলক বৃহৎ অংকৰ চান্দা দিয়াৰ তথ্য ওলাইছে। ফিউচাৰ গেমিং, মেঘা ইঞ্জিনিয়াৰিং, বেদান্তৰ দৰে কোম্পানীয়ে দলসমূহক নিৰ্বাচনী বণ্ডৰ জৰিয়তে হাজাৰ কোটি টকাৰ চান্দা দিছে। কিন্তু এই হাজাৰ হাজাৰ কোটি টকা কোন দলে লাভ কৰিছে সেয়া জনতাই জানিব পৰা নাই। এই তথ্যৰ বিষয়ে অৱগত হোৱাটো জনতাৰ অধিকাৰ বুলি বিবেচনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। কিন্তু SBIএ সম্পূৰ্ণ তথ্য দাখিল নকৰাৰ বাবে খৰ্ব হৈছে নাগৰিকৰ অধিকাৰ। যাৰ বাবে ষ্টেট বেংকৰ ওপৰত এতিয়া খৰ্গহস্ত সৰ্বোচ্চ ন্যায়ালয়। অভিযোগ উত্থাপন হৈ আহিছে যে ইলেক্টৰেল বণ্ডৰ চান্দাৰ সৰ্বাধিক সুবিধা লাভ কৰিছে বিজেপিয়ে। কিছু বিতৰ্কিত কোম্পানীয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপি চৰকাৰক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে বুলি উঠিছে অভিযোগ। যদিহে ষ্টেট বেংকে বণ্ড নম্বৰ প্ৰকাশ কৰে বিতৰ্কিত ব্যক্তি অথবা কোম্পানীয়ে কোনটো দলক ধন দিছে সেয়া স্পষ্ট হ’ব। কিন্তু বেংকটোৱে এই তথ্য প্ৰকাশত হোঁহকা–পিছলা কৰিছে। গতিকে প্ৰশ্ন উত্থাপন হৈছে ষ্টেট বেংকে কোনো বিশেষ ৰাজনৈতিক দলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে নেকি? কোনো বিশেষ ৰাজনৈতিক দলৰ যাতে ভাৱমূৰ্তি ম্লান নহয় তাৰ বাবেই SBIৰ এনে ভূমিকা নেকি? এনে প্ৰশ্ন উত্থাপনৰ সময়তে নিৰ্বাচনী বণ্ড সন্দৰ্ভত ক্ৰমশঃ শ’লঠেকত পৰিছে শাসকীয় বিজেপি। উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত দিনে দিনে বৃদ্ধি পাইছে বিজেপিৰ অস্বস্তি। এতিয়া ১৮ মাৰ্চৰ দিনটো গুৰুত্বপূৰ্ণ হ’ব SBIৰ লগতে বিজেপিৰ বাবেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু