--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকক ধমক দিছে উচ্চতম ন্যায়ালয়ে। ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য উচ্চতম ন্যায়ালয়ত দাখিল নকৰাৰ বাবেই SBIক ধমকি সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনী বণ্ড সন্দৰ্ভত যোৱা ১১ মাৰ্চত SBIৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে। ১২ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক প্ৰদানৰ নিৰ্দেশ দিছিল SBIক।  সেই অনুযায়ী SBIএ তথ্য দাখিল কৰিলে যদিও বাদ পৰি গ'ল কিছু গুৰুত্বপূৰ্ণ তথ্য। বেংকটোৱে নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যত নাই বণ্ড নম্বৰ। ইয়াৰ বাবেই SBIৰ বিৰুদ্ধে ক্ষুণ্ণ উচ্চতম ন্যায়ালয়। ইলেক্টৰেল বণ্ড নম্বৰৰ জৰিয়তে জনা যায় কোন ব্যক্তি, কোম্পানীয়ে কোনটো দলক ধনৰ অনুদান আগবঢ়াইছে। কিন্তু SBIৰ তথ্যত বণ্ড নম্বৰ নথকাত এই দিশটো জনতাৰ বাবে সম্পূৰ্ণ অন্ধকাৰত থাকি গ'ল। এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক বান্ধি দিছে নতুন সময়সীমা। ১৮ মাৰ্চৰ শুনানিত স্থিতি স্পষ্ট কৰিবলৈ বেংকটোক কঠোৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। ষ্টেট বেংকে দাখিল কৰা তথ্যত কেইবাটাও কোম্পানীয়ে ৰাজনৈতিক দলক বৃহৎ অংকৰ চান্দা দিয়াৰ তথ্য ওলাইছে। ফিউচাৰ গেমিং, মেঘা ইঞ্জিনিয়াৰিং, বেদান্তৰ দৰে কোম্পানীয়ে দলসমূহক নিৰ্বাচনী বণ্ডৰ জৰিয়তে হাজাৰ কোটি টকাৰ চান্দা দিছে। কিন্তু এই হাজাৰ হাজাৰ কোটি টকা কোন দলে লাভ কৰিছে সেয়া জনতাই জানিব পৰা নাই। এই তথ্যৰ বিষয়ে অৱগত হোৱাটো জনতাৰ অধিকাৰ বুলি বিবেচনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। কিন্তু SBIএ সম্পূৰ্ণ তথ্য দাখিল নকৰাৰ বাবে খৰ্ব হৈছে নাগৰিকৰ অধিকাৰ। যাৰ বাবে ষ্টেট বেংকৰ ওপৰত এতিয়া খৰ্গহস্ত সৰ্বোচ্চ ন্যায়ালয়। অভিযোগ উত্থাপন হৈ আহিছে যে ইলেক্টৰেল বণ্ডৰ চান্দাৰ সৰ্বাধিক সুবিধা লাভ কৰিছে বিজেপিয়ে। কিছু বিতৰ্কিত কোম্পানীয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপি চৰকাৰক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে বুলি উঠিছে অভিযোগ। যদিহে ষ্টেট বেংকে বণ্ড নম্বৰ প্ৰকাশ কৰে বিতৰ্কিত ব্যক্তি অথবা কোম্পানীয়ে কোনটো দলক ধন দিছে সেয়া স্পষ্ট হ’ব। কিন্তু বেংকটোৱে এই তথ্য প্ৰকাশত হোঁহকা–পিছলা কৰিছে। গতিকে প্ৰশ্ন উত্থাপন হৈছে ষ্টেট বেংকে কোনো বিশেষ ৰাজনৈতিক দলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে নেকি? কোনো বিশেষ ৰাজনৈতিক দলৰ যাতে ভাৱমূৰ্তি ম্লান নহয় তাৰ বাবেই SBIৰ এনে ভূমিকা নেকি? এনে প্ৰশ্ন উত্থাপনৰ সময়তে নিৰ্বাচনী বণ্ড সন্দৰ্ভত ক্ৰমশঃ শ’লঠেকত পৰিছে শাসকীয় বিজেপি। উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত দিনে দিনে বৃদ্ধি পাইছে বিজেপিৰ অস্বস্তি। এতিয়া ১৮ মাৰ্চৰ দিনটো গুৰুত্বপূৰ্ণ হ’ব SBIৰ লগতে বিজেপিৰ বাবেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক