--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ হিতৰ কথা কোৱা, দেশৰ হিতৰ নামত জনতাৰ ভোট আদায় কৰা ৰাজনৈতিক দলে পাকিস্তানী প্ৰতিষ্ঠানৰ পৰাও সংগ্ৰহ কৰিলে চান্দা! ৰাজনৈতিক দললৈ আটাইতকৈ বেছি চান্দা আদায় দিলে এক লটাৰী মাফিয়াই। অপ্ৰিয় হ’লেও এয়া সত্য। অৱশেষত ফাদিল হ’ল দেশৰ ৰাজনৈতিক দলসমূহৰ চন্দুকত জমা হোৱা কোটি কোটি টকাৰ উৎসৰ ৰহস্য। কি বিজেপি, কি কংগ্ৰেছ, কি তৃণমূল? দেশৰ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই চান্দা সংগ্ৰহৰ বাবে সহায় লৈছিল বিতৰ্কিত ইলেক্টৰেল বণ্ডৰ।  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ভাৰতীয় ষ্টেট বেংকে জমা দিয়া ইলেক্টৰেল বণ্ডৰ তথ্য ৰাজহুৱা কৰিলে ভাৰতৰ নিৰ্বাচন  আয়োগে। য’ত পোহৰলৈ আহিল চান্দা গ্ৰহণকাৰী ৰাজনৈতিক দল আৰু দাতাৰ সমস্ত তথ্য। সেই অনুযায়ী বিগত ৫ বছৰত ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৬,০৬০ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিলে শাসকীয় দল বিজেপিয়ে। একেদৰে ১৬০৯ কোটি টকাৰ চান্দা সংগ্ৰহ তৃণমূল কংগ্ৰেছৰ। ১৪২১ কোটিৰ চান্দা সংগ্ৰহেৰে তৃতীয়স্থানত বিৰোধী দল কংগ্ৰেছ। আজি ECIএ ৭৬৩ পৃষ্ঠাৰ দুই তালিকা প্ৰকাশ কৰাৰ পাছতে পোহৰলৈ আহিল ৰাজনৈতিক দল আৰু একাংশ পুঁজিপতিৰ মাজৰ মিতিৰালি। লটাৰী মাফিয়াৰ প্ৰতিষ্ঠান ফিউচাৰ গেমিং এণ্ড হোটেল ছাৰ্ভিছেছে ১৩৬৮ কোটি টকা বৰঙনি আগবঢ়ালে ৰাজনৈতিক দলসমূহক। একেদৰে মেঘা ইঞ্জিনিয়াৰিঙে ৫ বছৰত দিলে ৯৬৬ কোটি টকা। কুইক ছাল্পাই চেইনে ৫ বছৰত ৰাজনৈতিক দলক দিলে ৬১০ কোটি টকাৰ চান্দা। দেশৰ প্ৰখ্যাত প্ৰতিষ্ঠান বাজাজ, এয়াৰটেল, ইণ্ডিগ’, স্পাইছ জেট, DLF, TVS, মাৰুতি ছুজুকিকে ধৰি বহু প্ৰতিষ্ঠানে ৰাজনৈতিক দলক দিলে কোটি কোটি টকাৰ চান্দা। ১ কোটি টকা মূ্ল্যৰ ৫,৮৫৪খন ইলেক্টৰেল বণ্ড বিগত ৫ বছৰত লাভ কৰিলে বিজেপিয়ে। আনহাতে, এক পাকিস্তানী প্ৰতিষ্ঠান  দ্য হাব পাৱাৰ কোম্পানীয়ে বিজেপিক ৯৫ লাখ টকা ইলেক্টৰেল বণ্ডযোগে দান দিয়াৰ অভিযোগ তুলিছে সমাজবাদী পাৰ্টীয়ে। ২০১৯ৰ পুলৱামা কাণ্ডৰ পাছত এই দান সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ তুলিছে সমাজবাদী পাৰ্টীয়ে। আনহাতে, ইলেক্টৰেল বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। যাৰ জৰিয়তে ইলেক্টৰেল বণ্ডৰ সমূদায় তথ্য জমা নকৰাৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ভাৰতীয় ষ্টেট বেংকক। ইপিনে, ইলেক্টৰেল বণ্ডৰ জৰিয়তে একাংশ প্ৰতিষ্ঠানে শাসকীয় দলৰ পৰা সুবিধা আদায় কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান