--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ হিতৰ কথা কোৱা, দেশৰ হিতৰ নামত জনতাৰ ভোট আদায় কৰা ৰাজনৈতিক দলে পাকিস্তানী প্ৰতিষ্ঠানৰ পৰাও সংগ্ৰহ কৰিলে চান্দা! ৰাজনৈতিক দললৈ আটাইতকৈ বেছি চান্দা আদায় দিলে এক লটাৰী মাফিয়াই। অপ্ৰিয় হ’লেও এয়া সত্য। অৱশেষত ফাদিল হ’ল দেশৰ ৰাজনৈতিক দলসমূহৰ চন্দুকত জমা হোৱা কোটি কোটি টকাৰ উৎসৰ ৰহস্য। কি বিজেপি, কি কংগ্ৰেছ, কি তৃণমূল? দেশৰ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই চান্দা সংগ্ৰহৰ বাবে সহায় লৈছিল বিতৰ্কিত ইলেক্টৰেল বণ্ডৰ।  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ভাৰতীয় ষ্টেট বেংকে জমা দিয়া ইলেক্টৰেল বণ্ডৰ তথ্য ৰাজহুৱা কৰিলে ভাৰতৰ নিৰ্বাচন  আয়োগে। য’ত পোহৰলৈ আহিল চান্দা গ্ৰহণকাৰী ৰাজনৈতিক দল আৰু দাতাৰ সমস্ত তথ্য। সেই অনুযায়ী বিগত ৫ বছৰত ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৬,০৬০ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিলে শাসকীয় দল বিজেপিয়ে। একেদৰে ১৬০৯ কোটি টকাৰ চান্দা সংগ্ৰহ তৃণমূল কংগ্ৰেছৰ। ১৪২১ কোটিৰ চান্দা সংগ্ৰহেৰে তৃতীয়স্থানত বিৰোধী দল কংগ্ৰেছ। আজি ECIএ ৭৬৩ পৃষ্ঠাৰ দুই তালিকা প্ৰকাশ কৰাৰ পাছতে পোহৰলৈ আহিল ৰাজনৈতিক দল আৰু একাংশ পুঁজিপতিৰ মাজৰ মিতিৰালি। লটাৰী মাফিয়াৰ প্ৰতিষ্ঠান ফিউচাৰ গেমিং এণ্ড হোটেল ছাৰ্ভিছেছে ১৩৬৮ কোটি টকা বৰঙনি আগবঢ়ালে ৰাজনৈতিক দলসমূহক। একেদৰে মেঘা ইঞ্জিনিয়াৰিঙে ৫ বছৰত দিলে ৯৬৬ কোটি টকা। কুইক ছাল্পাই চেইনে ৫ বছৰত ৰাজনৈতিক দলক দিলে ৬১০ কোটি টকাৰ চান্দা। দেশৰ প্ৰখ্যাত প্ৰতিষ্ঠান বাজাজ, এয়াৰটেল, ইণ্ডিগ’, স্পাইছ জেট, DLF, TVS, মাৰুতি ছুজুকিকে ধৰি বহু প্ৰতিষ্ঠানে ৰাজনৈতিক দলক দিলে কোটি কোটি টকাৰ চান্দা। ১ কোটি টকা মূ্ল্যৰ ৫,৮৫৪খন ইলেক্টৰেল বণ্ড বিগত ৫ বছৰত লাভ কৰিলে বিজেপিয়ে। আনহাতে, এক পাকিস্তানী প্ৰতিষ্ঠান  দ্য হাব পাৱাৰ কোম্পানীয়ে বিজেপিক ৯৫ লাখ টকা ইলেক্টৰেল বণ্ডযোগে দান দিয়াৰ অভিযোগ তুলিছে সমাজবাদী পাৰ্টীয়ে। ২০১৯ৰ পুলৱামা কাণ্ডৰ পাছত এই দান সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ তুলিছে সমাজবাদী পাৰ্টীয়ে। আনহাতে, ইলেক্টৰেল বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। যাৰ জৰিয়তে ইলেক্টৰেল বণ্ডৰ সমূদায় তথ্য জমা নকৰাৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ভাৰতীয় ষ্টেট বেংকক। ইপিনে, ইলেক্টৰেল বণ্ডৰ জৰিয়তে একাংশ প্ৰতিষ্ঠানে শাসকীয় দলৰ পৰা সুবিধা আদায় কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু