--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় ডেৰবছৰে চলা কৃষক বিদ্ৰোহে দেশৰ ইতিহাসত এক নতুন অধ্যায় সংযোজিত কৰিলে। তিনিখন কৃষি আইনৰ বিৰোধিতাৰে দেশৰ হাজাৰ হাজাৰ কৃষকে খেতিপথাৰ এৰি আহি ভৰি থৈছিল ৰাজপথত।আৰু তাৰ পাছত এক অভূতপূৰ্ব কৃষক বিদ্ৰোহৰ অগ্নিশিখা দেখা পালে দেশৰ জনগণে। অনমনীয় দৃঢ়তাৰে দেশৰ কৃষক সমাজে কৰা বিদ্ৰোহৰ ওচৰত সেও মানি তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল চৰকাৰ

কিন্তু এই দীঘলীয়া সংগ্ৰামৰ সময়ছোৱাত দেশৰ কৃষক সমাজৰ লগতে সামগ্ৰিকভাৱে দেশে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল। সাত শতাধিক কৃষকে এই আন্দোলনৰ সময়ছোৱাত প্ৰাণ আহুতি দিবলগীয়া হ’ল। কেন্দ্ৰীয় চৰকাৰে এই পৰিসংখ্যাৰ কথা স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে যদিও কৃষকে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ হয়তো সম্ভৱ নহয়। মন কৰিবলগীয়া যে, আইন বাতিলৰ বাবে বিধেয়ক গৃহীত হ’লেও প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ সন্মত হোৱা নাই কৃষকসকল। বৰং আন ভালেমান দাবী লৈ তেওঁলোকে এই আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এই আন্দোলনৰ ফলত দেশে বৃহৎ আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছে। পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানত হোৱা কৃষক বিদ্ৰোহৰ ফলত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২,৭৩১.৩২কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। ৰাজ্যসভাত বুধবাৰে এই তথ্য সদৰি কৰা হৈছে। পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য সদৰি কৰে ৰাজ্যসভাত। তেওঁ কয়, প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছত ২০২০চনৰ অক্টোবৰৰপৰা টোল কৰ সংগ্ৰহত ব্যাঘাত জন্মিছিল। প্ৰথমে পঞ্জাবৰ টোল প্লাজাসমূহ অকাৰ্যকৰী হৈ পৰে। তাৰ পাছত ই লাহে লাহে আন আন ৰাজ্যলৈও বিয়পি পৰে। কৃষক বিদ্ৰোহৰ ফলত ৬০ৰপৰা ৬৫খন টোল প্লাজা বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ২,৭৩১কোটিৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু