--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় ডেৰবছৰে চলা কৃষক বিদ্ৰোহে দেশৰ ইতিহাসত এক নতুন অধ্যায় সংযোজিত কৰিলে। তিনিখন কৃষি আইনৰ বিৰোধিতাৰে দেশৰ হাজাৰ হাজাৰ কৃষকে খেতিপথাৰ এৰি আহি ভৰি থৈছিল ৰাজপথত।আৰু তাৰ পাছত এক অভূতপূৰ্ব কৃষক বিদ্ৰোহৰ অগ্নিশিখা দেখা পালে দেশৰ জনগণে। অনমনীয় দৃঢ়তাৰে দেশৰ কৃষক সমাজে কৰা বিদ্ৰোহৰ ওচৰত সেও মানি তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল চৰকাৰ

কিন্তু এই দীঘলীয়া সংগ্ৰামৰ সময়ছোৱাত দেশৰ কৃষক সমাজৰ লগতে সামগ্ৰিকভাৱে দেশে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল। সাত শতাধিক কৃষকে এই আন্দোলনৰ সময়ছোৱাত প্ৰাণ আহুতি দিবলগীয়া হ’ল। কেন্দ্ৰীয় চৰকাৰে এই পৰিসংখ্যাৰ কথা স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে যদিও কৃষকে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ হয়তো সম্ভৱ নহয়। মন কৰিবলগীয়া যে, আইন বাতিলৰ বাবে বিধেয়ক গৃহীত হ’লেও প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ সন্মত হোৱা নাই কৃষকসকল। বৰং আন ভালেমান দাবী লৈ তেওঁলোকে এই আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এই আন্দোলনৰ ফলত দেশে বৃহৎ আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছে। পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানত হোৱা কৃষক বিদ্ৰোহৰ ফলত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২,৭৩১.৩২কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। ৰাজ্যসভাত বুধবাৰে এই তথ্য সদৰি কৰা হৈছে। পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য সদৰি কৰে ৰাজ্যসভাত। তেওঁ কয়, প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছত ২০২০চনৰ অক্টোবৰৰপৰা টোল কৰ সংগ্ৰহত ব্যাঘাত জন্মিছিল। প্ৰথমে পঞ্জাবৰ টোল প্লাজাসমূহ অকাৰ্যকৰী হৈ পৰে। তাৰ পাছত ই লাহে লাহে আন আন ৰাজ্যলৈও বিয়পি পৰে। কৃষক বিদ্ৰোহৰ ফলত ৬০ৰপৰা ৬৫খন টোল প্লাজা বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ২,৭৩১কোটিৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?