--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙে মানুহৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে।ঘৰৰ খিৰিকী তথা দুবাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ  প্ৰভাৱৰ সলনি অশুৱ প্ৰভাৱহে গৃহস্থৰ ওপৰত পৰিব পাৰে। ফেংছুই মতে পর্দা নির্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। 

পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। 


পূব দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়। পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। 

যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকাৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভূজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক