--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিখনকৈ ভিন ভিন ৰাজ্যত ছয়গৰাকী মহিলাক বিয়া পাতি আৰক্ষীৰ জালত পৰিল বিহাৰৰ ছটু কুমাৰ। বিহাৰৰ জামুই ৰেলৱে’ ষ্টেচনত এগৰাকী পত্নীৰ স’তে হাতে লোটে ধৰা ছটু কুমাৰ। ধৰা পেলায় তেওঁৰ আন এগৰাকী পত্নী মঞ্জুৰ ভাতৃ বিকাশে।

তাৰপাছতে তেওঁক আৰক্ষী থানালৈ লৈ যোৱা হয়। আৰক্ষীৰ আগত ছটু কুমাৰে স্বীকাৰোক্তি দিয়ে যে ইতিমধ্যে তেওঁ চাৰিখন ৰাজ্যত ছয়গৰাকী মহিলাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে।

তদুপৰি প্ৰথমা পত্নীৰ ফালৰ পৰা চাৰিটা সন্তান আৰু আন এগৰাকী পত্নীৰ ফালৰ পৰা দুটা সন্তান জন্ম হৈছে বুলিও আৰক্ষীক কয়। দুটা সন্তান জন্ম দিয়া পত্নীগৰাকীৰ নাম মঞ্জু। এই মঞ্জুৰ স’তে তেওঁৰ ডেৰ বছৰ পূৰ্বে বিচ্ছিন্ন হৈছে। ছটু কুমাৰৰ ঘৰ বিহাৰৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত জাভাটাৰি গাঁৱত।

ছটু কুমাৰৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰা অন্যতম পত্নী মঞ্জুৰ মাতৃ কবিতা দেৱীয়ে কয় যে ২০১৮ চনত তেওঁৰ জীয়েকৰ স’তে ছটুৰ বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুটাকৈ সন্তান জন্ম হৈছিল। কিন্তু ডেৰ বছৰ পূৰ্বে ছটু কুমাৰে ঘৰ এৰি গুচি যায়।

আনহাতে, মঞ্জুৱে এতিয়াও ছটু উভটি অহালৈ অপেক্ষা কৰি থকাৰ কথা সদৰী কৰে তেওঁৰ ভাতৃ বিকাশে। মঞ্জুৰ পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে যে ছটুৱে তেওঁলোকক প্ৰৱঞ্চনা কৰিছে।

''ছটুৱে ৰাঁছী নিবাসী কলাৱতী দেৱীৰ স’তেও বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ইতিমধ্যে চাৰিটা সন্তান জন্ম হৈছে।’’- মঞ্জুৰ পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে।

আনহাতে, আৰক্ষীসূত্ৰৰ পৰা জানিব পৰা মতে, ছটু কুমাৰে দেওঘৰৰ মা সাৰ্দা অৰ্কেষ্ট্ৰা নামৰ সংগীতগোষ্ঠীটোৰ এগৰাকী কণ্ঠশিল্পী। ইতিমধ্যে তেওঁ চিনাৱাৰিয়া, সুন্দৰকন্দ, ৰাঁচী, সংগ্ৰামপুৰ, দিল্লী আৰু দেওঘৰৰ ছগৰাকীকৈ মহিলাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে। প্ৰত্যেকৰে সন্তানো ইতিমধ্যে জন্ম হৈছে।
অৱশ্যে বৰ্তমানলৈকে ছটু কুমাৰৰ বিৰুদ্ধে কোনো অভিযোগ পঞ্জীয়ন কৰা হোৱা নাই বুলি আৰক্ষীয়ে জনায়। যদি পঞ্জীয়ন কৰা হয়, তেন্তে বিষয়টো লৈ অনুসন্ধান চলাব বুলিও আৰক্ষীয়ে কয়।

আনহাতে, মঞ্জুৰ ভাতৃ বিকাশে কয় যে ছটু কুমাৰে গান গাই মানুহক মনোৰঞ্জন দিয়ে আৰু য’তেই সংগীতানুষ্ঠানত অংশ লয়, তাতেই বিবাহপাশত আৱদ্ধ হয়। এনেদৰেই এগৰাকী মহিলাৰ স’তে কেইদিনমান সংসাৰ কৰাৰ পাছত পলাই পত্ৰং দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু