--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিখনকৈ ভিন ভিন ৰাজ্যত ছয়গৰাকী মহিলাক বিয়া পাতি আৰক্ষীৰ জালত পৰিল বিহাৰৰ ছটু কুমাৰ। বিহাৰৰ জামুই ৰেলৱে’ ষ্টেচনত এগৰাকী পত্নীৰ স’তে হাতে লোটে ধৰা ছটু কুমাৰ। ধৰা পেলায় তেওঁৰ আন এগৰাকী পত্নী মঞ্জুৰ ভাতৃ বিকাশে।

তাৰপাছতে তেওঁক আৰক্ষী থানালৈ লৈ যোৱা হয়। আৰক্ষীৰ আগত ছটু কুমাৰে স্বীকাৰোক্তি দিয়ে যে ইতিমধ্যে তেওঁ চাৰিখন ৰাজ্যত ছয়গৰাকী মহিলাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে।

তদুপৰি প্ৰথমা পত্নীৰ ফালৰ পৰা চাৰিটা সন্তান আৰু আন এগৰাকী পত্নীৰ ফালৰ পৰা দুটা সন্তান জন্ম হৈছে বুলিও আৰক্ষীক কয়। দুটা সন্তান জন্ম দিয়া পত্নীগৰাকীৰ নাম মঞ্জু। এই মঞ্জুৰ স’তে তেওঁৰ ডেৰ বছৰ পূৰ্বে বিচ্ছিন্ন হৈছে। ছটু কুমাৰৰ ঘৰ বিহাৰৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত জাভাটাৰি গাঁৱত।

ছটু কুমাৰৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰা অন্যতম পত্নী মঞ্জুৰ মাতৃ কবিতা দেৱীয়ে কয় যে ২০১৮ চনত তেওঁৰ জীয়েকৰ স’তে ছটুৰ বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুটাকৈ সন্তান জন্ম হৈছিল। কিন্তু ডেৰ বছৰ পূৰ্বে ছটু কুমাৰে ঘৰ এৰি গুচি যায়।

আনহাতে, মঞ্জুৱে এতিয়াও ছটু উভটি অহালৈ অপেক্ষা কৰি থকাৰ কথা সদৰী কৰে তেওঁৰ ভাতৃ বিকাশে। মঞ্জুৰ পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে যে ছটুৱে তেওঁলোকক প্ৰৱঞ্চনা কৰিছে।

''ছটুৱে ৰাঁছী নিবাসী কলাৱতী দেৱীৰ স’তেও বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ইতিমধ্যে চাৰিটা সন্তান জন্ম হৈছে।’’- মঞ্জুৰ পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে।

আনহাতে, আৰক্ষীসূত্ৰৰ পৰা জানিব পৰা মতে, ছটু কুমাৰে দেওঘৰৰ মা সাৰ্দা অৰ্কেষ্ট্ৰা নামৰ সংগীতগোষ্ঠীটোৰ এগৰাকী কণ্ঠশিল্পী। ইতিমধ্যে তেওঁ চিনাৱাৰিয়া, সুন্দৰকন্দ, ৰাঁচী, সংগ্ৰামপুৰ, দিল্লী আৰু দেওঘৰৰ ছগৰাকীকৈ মহিলাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে। প্ৰত্যেকৰে সন্তানো ইতিমধ্যে জন্ম হৈছে।
অৱশ্যে বৰ্তমানলৈকে ছটু কুমাৰৰ বিৰুদ্ধে কোনো অভিযোগ পঞ্জীয়ন কৰা হোৱা নাই বুলি আৰক্ষীয়ে জনায়। যদি পঞ্জীয়ন কৰা হয়, তেন্তে বিষয়টো লৈ অনুসন্ধান চলাব বুলিও আৰক্ষীয়ে কয়।

আনহাতে, মঞ্জুৰ ভাতৃ বিকাশে কয় যে ছটু কুমাৰে গান গাই মানুহক মনোৰঞ্জন দিয়ে আৰু য’তেই সংগীতানুষ্ঠানত অংশ লয়, তাতেই বিবাহপাশত আৱদ্ধ হয়। এনেদৰেই এগৰাকী মহিলাৰ স’তে কেইদিনমান সংসাৰ কৰাৰ পাছত পলাই পত্ৰং দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক