--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এজন গাড্ডাৰ কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে৷ কংগ্ৰেছ হাইকমাণ্ডেও শচীন পাইলটক মুখ্যমন্ত্ৰী কৰিব নোৱাৰে৷’— ঠিক এইদৰেই বিষোদগাৰ কৰি শচীন পাইলটৰ বিৰুদ্ধে মুকলি সংঘাতৰ পাতনি মেলিছিল অশোক গেহলটে৷  

অক্টোবৰত কংগ্ৰেছৰ সভাপতি হোৱাৰ সুযোগ সমৰ্পণ কৰা গেহলটে পাইলট শিবিৰৰ এজন আইন প্ৰণেতাই গান্ধীৰ যাত্ৰাত বাধা দিয়াৰ ভাবুকি দিয়াৰ পাছত ক্ষোভ প্ৰকাশ কৰিছিল। আৰু দীঘলীয়া সংঘাতৰ অৱসান ঘটাই কালি একেখন মঞ্চত দেখা গৈছিল গেহলট-পাইলটক৷ দলীয় হাইকমাণ্ডে সংঘাত নিবিচাৰি ৰাজস্থানত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশৰ প্ৰাকমুহূৰ্তৰ সংঘাত মৰিষণৰ চেষ্টা চলাইছিল৷

ৰাহুল গান্ধীয়ে গেহলট আৰু পাইলট দুয়োকে 'সম্পদ' বুলি অভিহিত কৰিছিল৷ আৰু গেহলটে সাংবাদিকসকলক কৈছিল, যদি ৰাহুল গান্ধীয়েই কৈছে, তেন্তে আমি সম্পদ৷ আমি যাত্ৰাটো সফল কৰিম আৰু ২০২৩ চনৰ নিৰ্বাচনত জয়ী হ'ম, কিয়নো মানুহে আমাক সমৰ্থন কৰে৷

দলৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালেও ৰাজস্থানত কোনো বিবাদ নাই বুলি জোৰ দি কৈছিল৷ ৰাজস্থানে অহা বছৰ এখন নতুন চৰকাৰৰ বাবে ভোট দিব৷ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক প্ৰাসংগিকতাৰ বাবে যুঁজ দিয়া কংগ্ৰেছৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু