--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিলচৰত অনুষ্ঠিত হ’ল বহু প্ৰতীক্ষিত ‘প্ৰাগ চিনে এৱাৰ্ডছ-২০২২’। ‘লুইত-বৰাক একাকাৰ’-এই মূলমন্ত্ৰৰে শিলচৰত উত্তৰ-পূবৰ সৰ্ববৃহৎ এৱাৰ্ডছ শ্ব’ প্ৰাগ চিনে এৱাৰ্ডছ-২০২২। শনিবাৰে বিয়লি বৰাকৰ মাটিত প্ৰাগ চিনে এৱাৰ্ডে ৰচিলে নতুন ইতিহাস। বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ সেতু গঢ়ি SMD ষ্টেডিয়ামত শিল্পী, কলা-কুশলীৰ মহামিলনৰ সাক্ষী হৈ ৰ’ল সহস্ৰাধিক দৰ্শক। তাৰকা শিল্পীৰ সমাৱেশেৰে অনুষ্ঠিত হ’ল অভিনৱ অনুষ্ঠান। উপস্থিত থাকে ৰাখী শ্বাৱন্ত, প্ৰসেনজিৎ, ঋতুপৰ্ণা সেনগুপ্তাৰ লগতে হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ, সীমা বিশ্বাস, দেৱজিৎ সাহা আদি শিল্পী। অনুষ্ঠানত ঘোষণা কৰা হ’ল প্ৰাগ চিনে এৱাৰ্ডছৰ ২০২০-২১ বৰ্ষৰ বঁটা। ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ মনোজ বৰকটকীৰ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা শিৱাৰাণী কলিতালৈ। ‘গৰু’ ছবিৰ বাবে ২০২০ৰ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান বাহাৰুল ইছলামে লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা ‘তুমি মালালা’ ছবিৰ বাবে পংখী কাশ্যপে লাভ কৰিছে। জয়চেং জয় দহোতীয়াৰ পৰিচালিত ‘জলছবি’-এ লাভ কৰিছে ২০২০ৰ BEST SCREENPLAY বঁটা। আনহাতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ সন্মান ছিদা বৰা আৰু জয়চেং জয় দহোতীয়াই লাভ কৰিছে। ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিছে জোন খাউণ্ডে, শ্ৰেষ্ঠ শব্দ সংমিশ্ৰণৰ সন্মান লাভ কৰিছে অমৃত প্ৰিতমে। বৰ্ষটোৰ শ্ৰেষ্ঠ কলা-নিৰ্দেশনাৰ সন্মান দীপাংকৰ দাসলৈ, লগতে জুৰিৰ বিশেষ বঁটা অংশ্ৰুত কাশ্যপ আৰু আইমী বৰুৱালৈ। ২০২০-২১ৰ শ্ৰেষ্ঠ সাজ-সজ্জাৰ সন্মান মন্দিৰা গগৈলৈ। ২০২১ বৰ্ষত ‘ক্ষণচৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কুলদা ভট্টাচাৰ্যই। ‘বৰষুণ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে মৈত্ৰী দাসে। ‘গৰু’ ছবিৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান লাভ কৰিছে অপূৰ্ব বৰ্মনে আৰু ‘বুলু’ ছবিৰ বাবে প্ৰণামী বৰাই লাভ কৰিছে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা। ২০২১ বৰ্ষৰ বাবে ৩জন ব্যক্তিয়ে লাভ কৰিছে BEST SCREENPLAY সন্মান। তেওঁলোকৰ ভিতৰত আছে হিমাংশু প্ৰসাদ দাস, নিৰঞ্জন নাথ আৰু মহৰ্ষি তুহিন কাশ্যপ। কাজুলৈ প্ৰদান কৰা হৈছে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা, জনাৰ্দন পাটোৱাৰীলৈ শ্ৰেষ্ঠ শব্দ সংমিশ্ৰণৰ সন্মান। সৌৰভ বৈশ্য আৰু কৌশিক নাথলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ কলা-নিৰ্দেশনাৰ সন্মান। বৰ্ষা বাহাৰলৈ ২০২১ৰ জুৰিৰ বিশেষ বঁটা। চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থ বাছনি কৰা হৈছে ‘বিজু ফুকন এ লাইফ ইন চিনেমা’। লগতে চন্দ্ৰ শ্বেখৰ দাসলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান। লুইত-বৰাক একাকাৰ কৰি শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰাৰ এই মহৎ প্ৰচেষ্টা হাতত লৈছে এ এম টেলিভিছন প্ৰাঃলিঃৰ স্বত্বাধিকাৰী তথা মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে। যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে আগবঢ়ালে শুভেচ্ছা। উত্তৰ-পূবৰ এই বৃহৎ চিনে এৱাৰ্ডে ড০ সঞ্জীৱ নাৰায়ণৰ নেতৃত্ব আৰু ডাঃ অক্ষতা নাৰায়ণৰ অধ্যক্ষতাত পাইছে অনন্য চিনাৰকি। এই অনুষ্ঠানতেই অসম আৰু উত্তৰ-পূবৰ চলচ্চিত্ৰই পাইছে নতুন উৎসাহ আৰু প্ৰেৰণা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক