--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ এছভি চিনেমা হলত আৰআৰআৰ চলচ্চিত্ৰখন চাই থকাৰ সময়তে ওবুলেচু (৩০) নামৰ এজন অনুৰাগী ঢলি পৰে। তেওঁক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটিছিল। চিকিৎসকে তেওঁক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা ওবুলেচু তেওঁৰ বন্ধুবৰ্গৰ সৈতে চিনেমাখন চাই থাকোতেই তেওঁ ঢলি পৰিছিল বুলি জানিব পৰা গৈছে। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ৰাজামৌলীৰ ছবি ‘আৰ আৰ আৰ’-এ ২৫ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল। ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ-এ অভিনীত কৰিছে ছবিখনত। বলীউড তাৰকা আলিয়া ভাটৰ অভিনয়ে সোণত সুৱগা চৰাইছে ‘আৰ আৰ আৰ’ক। ছবিখনৰ মুক্তিৰ লগে লগে, সাংস্কৃতিক জগতত বিয়পি পৰিছে উদ্দীপনা। আজি চলচ্চিত্ৰখনৰ বাণিজ্যিক বিশ্লেষণ তুলি ধৰিছে তৰণ আদৰ্শে। ছবিখনে প্ৰথম দিনটোতে বক্স অফিচত আলোড়ন তোলাৰ কথা তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, বিগত কেইটামান সপ্তাহত ভাৰতীয় ছবিজগতৰ বাবে একাধিক সুখবৰ আহিছে। প্ৰথমে ‘দ্য কাশ্মীৰ ফাইলছ’-এ ২০০ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰাৰ পাছত এতিয়া ‘আৰ আৰ আৰ’ৰ এই বৃহৎ সাফল্যৰ ইংগিতে ছবিজগতৰ সুদিন ঘূৰাই অনাৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। নিৰ্মাতাসকলে ‘আৰ আৰ আৰ’ক পৰ্দালৈ অনাৰ বাবে প্ৰায় ৩৩৬ কোটি টকা খৰচ কৰিছে। ইয়াৰ ওপৰেঞ্চি হিচাপে আছে অভিনেতা-অভিনেত্ৰীৰ পাৰিশ্ৰমিক আৰু জিএছটি। কিন্তু প্ৰথম দিনাই ছবিখনৰ ব্যাপক সাফল্যই ছবিখনৰ এই বৃহৎ ব্যয় যে নগন্য বুলি বিবেচিত কৰিব সেয়া স্পষ্ট হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু