--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ এছভি চিনেমা হলত আৰআৰআৰ চলচ্চিত্ৰখন চাই থকাৰ সময়তে ওবুলেচু (৩০) নামৰ এজন অনুৰাগী ঢলি পৰে। তেওঁক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতে তেওঁৰ মৃত্যু ঘটিছিল। চিকিৎসকে তেওঁক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা ওবুলেচু তেওঁৰ বন্ধুবৰ্গৰ সৈতে চিনেমাখন চাই থাকোতেই তেওঁ ঢলি পৰিছিল বুলি জানিব পৰা গৈছে। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ৰাজামৌলীৰ ছবি ‘আৰ আৰ আৰ’-এ ২৫ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল। ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ-এ অভিনীত কৰিছে ছবিখনত। বলীউড তাৰকা আলিয়া ভাটৰ অভিনয়ে সোণত সুৱগা চৰাইছে ‘আৰ আৰ আৰ’ক। ছবিখনৰ মুক্তিৰ লগে লগে, সাংস্কৃতিক জগতত বিয়পি পৰিছে উদ্দীপনা। আজি চলচ্চিত্ৰখনৰ বাণিজ্যিক বিশ্লেষণ তুলি ধৰিছে তৰণ আদৰ্শে। ছবিখনে প্ৰথম দিনটোতে বক্স অফিচত আলোড়ন তোলাৰ কথা তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, বিগত কেইটামান সপ্তাহত ভাৰতীয় ছবিজগতৰ বাবে একাধিক সুখবৰ আহিছে। প্ৰথমে ‘দ্য কাশ্মীৰ ফাইলছ’-এ ২০০ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰাৰ পাছত এতিয়া ‘আৰ আৰ আৰ’ৰ এই বৃহৎ সাফল্যৰ ইংগিতে ছবিজগতৰ সুদিন ঘূৰাই অনাৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। নিৰ্মাতাসকলে ‘আৰ আৰ আৰ’ক পৰ্দালৈ অনাৰ বাবে প্ৰায় ৩৩৬ কোটি টকা খৰচ কৰিছে। ইয়াৰ ওপৰেঞ্চি হিচাপে আছে অভিনেতা-অভিনেত্ৰীৰ পাৰিশ্ৰমিক আৰু জিএছটি। কিন্তু প্ৰথম দিনাই ছবিখনৰ ব্যাপক সাফল্যই ছবিখনৰ এই বৃহৎ ব্যয় যে নগন্য বুলি বিবেচিত কৰিব সেয়া স্পষ্ট হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক