--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন সংসাৰ পতাৰ পাছত সকলোৱে এটি সন্তানৰ আশা কৰে। সন্তানৰ আগমনে ভৰপূৰ কৰি তোলে সংসাৰখন। সন্তান জন্ম হোৱাৰ লগে লগেই কোনো পুৰুষ-নাৰীয়ে অৰ্জন কৰে পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ। যিয়ে বহু চেষ্টা কৰিও এটি সন্তান জন্ম দিব নোৱাৰে তেওঁহে জানে ইয়াৰ দুখ কিমান গভীৰ। বহু দম্পতীয়ে মন্দিৰে-মছজিদে প্ৰাৰ্থনা কৰি, বিভিন্ন দামী দামী পাথৰ পিন্ধি, চিকিৎসাত লাখ লাখ টকা খৰচ কৰিও, IVF পদ্ধতিৰ আশ্ৰয় লৈয়ো এটি সন্তানৰ মুখ দেখিবলৈ সক্ষম নহয়। 

আৰু কিছুমান মানুহে অ'ত-ত'ত দলিয়াই দিয়ে নিজে জন্ম দিয়া সন্তানক। নৱজাতক শিশুৰ উদ্ধাৰ হোৱা বাতৰি কিমান পোহৰলৈ আহি থাকে, সেয়া সকলোৰে জ্ঞাত। কোনোবাই যদি দলিয়াই দাষ্টবিনত আকৌ কোনোবাই পেলাই দিয়ে জাৱৰৰ দমৰ মাজত। কেতিয়াবা পথৰ কাষতো উদ্ধাৰ হয়। যদিহে শিশুটিৰ ভাগ্য ভালে থাকে তেন্তে কোনো সহৃদয়ৱান মানুহে উদ্ধাৰ কৰি আশ্ৰয় দিয়ে। কেতিয়াবা দেখা পোৱা যায় কোনোবাই দলিয়াই থৈ যোৱা নৱজাতক শিশুৱে মৃত্যুক সাবটে, ফলত কুকুৰ বা অন্য বন্য প্ৰাণীয়ে শিশুটিৰ মৃতদেহ ভক্ষণ কৰি থাকে। মৃত শিশু অথবা মানৱ ভ্ৰণক কুকুৰে টানি টানি ৰাস্তাৰ মাজলৈ লৈ অহাৰ খবৰো পোৱা যায়। 

শেহতীয়াকৈ ধেমাজি জিলাৰ জয়ৰামপুৰৰ লালুকিজান অঞ্চলৰ শিৱ মন্দিৰ প্ৰাংগনত উদ্ধাৰ হৈছে এটি নৱজাতক শিশু। এই দেৱশিশুটিক 
কোনো পাষাণ হৃদয়ৰ লোকে পেলাই থৈ যায়। স্থানীয় লোকে শিশুটিক দেখা পাই উদ্ধাৰ কৰে। সুস্থ-সবল সুন্দৰ চেহেৰাৰ শিশুটিক যিয়ে দেখিছে তেওঁৰে অন্তৰে কান্দি উঠিছে। 

যিয়ে এই অমানৱীয় কাম কৰিছে, তেওঁৰ কঠোৰতকৈও কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় লোকে। বহুতে কৈছে মানৱীয়তা নোহোৱা হ'ল কিন্তু কোনোৱে এই নিকৃষ্ট কাম কৰিলে বুলিয়ে মানৱীয়তা নোহোৱা হ'ল বুলি ক'ব নোৱাৰি কিয়নো কোনোৱে যদি শিশুটি দলিয়াই দিছে তেন্তে আন কোনোৱে শিশুটিক উদ্ধাৰ কৰি নিৰাপদে ৰখাৰ প্ৰচেষ্টাতো ব্ৰতী হৈছে। গতিকে মানৱীয়তা জীয়াই আছিল, আছে আৰু থাকিব.....মানৱৰূপী দানৱে এয়া শেষ কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি