--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন সংসাৰ পতাৰ পাছত সকলোৱে এটি সন্তানৰ আশা কৰে। সন্তানৰ আগমনে ভৰপূৰ কৰি তোলে সংসাৰখন। সন্তান জন্ম হোৱাৰ লগে লগেই কোনো পুৰুষ-নাৰীয়ে অৰ্জন কৰে পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ। যিয়ে বহু চেষ্টা কৰিও এটি সন্তান জন্ম দিব নোৱাৰে তেওঁহে জানে ইয়াৰ দুখ কিমান গভীৰ। বহু দম্পতীয়ে মন্দিৰে-মছজিদে প্ৰাৰ্থনা কৰি, বিভিন্ন দামী দামী পাথৰ পিন্ধি, চিকিৎসাত লাখ লাখ টকা খৰচ কৰিও, IVF পদ্ধতিৰ আশ্ৰয় লৈয়ো এটি সন্তানৰ মুখ দেখিবলৈ সক্ষম নহয়। 

আৰু কিছুমান মানুহে অ'ত-ত'ত দলিয়াই দিয়ে নিজে জন্ম দিয়া সন্তানক। নৱজাতক শিশুৰ উদ্ধাৰ হোৱা বাতৰি কিমান পোহৰলৈ আহি থাকে, সেয়া সকলোৰে জ্ঞাত। কোনোবাই যদি দলিয়াই দাষ্টবিনত আকৌ কোনোবাই পেলাই দিয়ে জাৱৰৰ দমৰ মাজত। কেতিয়াবা পথৰ কাষতো উদ্ধাৰ হয়। যদিহে শিশুটিৰ ভাগ্য ভালে থাকে তেন্তে কোনো সহৃদয়ৱান মানুহে উদ্ধাৰ কৰি আশ্ৰয় দিয়ে। কেতিয়াবা দেখা পোৱা যায় কোনোবাই দলিয়াই থৈ যোৱা নৱজাতক শিশুৱে মৃত্যুক সাবটে, ফলত কুকুৰ বা অন্য বন্য প্ৰাণীয়ে শিশুটিৰ মৃতদেহ ভক্ষণ কৰি থাকে। মৃত শিশু অথবা মানৱ ভ্ৰণক কুকুৰে টানি টানি ৰাস্তাৰ মাজলৈ লৈ অহাৰ খবৰো পোৱা যায়। 

শেহতীয়াকৈ ধেমাজি জিলাৰ জয়ৰামপুৰৰ লালুকিজান অঞ্চলৰ শিৱ মন্দিৰ প্ৰাংগনত উদ্ধাৰ হৈছে এটি নৱজাতক শিশু। এই দেৱশিশুটিক 
কোনো পাষাণ হৃদয়ৰ লোকে পেলাই থৈ যায়। স্থানীয় লোকে শিশুটিক দেখা পাই উদ্ধাৰ কৰে। সুস্থ-সবল সুন্দৰ চেহেৰাৰ শিশুটিক যিয়ে দেখিছে তেওঁৰে অন্তৰে কান্দি উঠিছে। 

যিয়ে এই অমানৱীয় কাম কৰিছে, তেওঁৰ কঠোৰতকৈও কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় লোকে। বহুতে কৈছে মানৱীয়তা নোহোৱা হ'ল কিন্তু কোনোৱে এই নিকৃষ্ট কাম কৰিলে বুলিয়ে মানৱীয়তা নোহোৱা হ'ল বুলি ক'ব নোৱাৰি কিয়নো কোনোৱে যদি শিশুটি দলিয়াই দিছে তেন্তে আন কোনোৱে শিশুটিক উদ্ধাৰ কৰি নিৰাপদে ৰখাৰ প্ৰচেষ্টাতো ব্ৰতী হৈছে। গতিকে মানৱীয়তা জীয়াই আছিল, আছে আৰু থাকিব.....মানৱৰূপী দানৱে এয়া শেষ কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ