--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ‘ছিংগল মাডাৰ’ৰ সৈতে জীয়াই থকাটোৱে মোৰ জীৱনটো গঢ় দিছে বুলি মন্তব্য কৰে বলীউড অভিনেত্ৰী ছাৰা আলী খানে। ছাৰাই কয় ‘‘মই সৰুতে উপলব্ধি কৰিছিলোঁ যে মই নিজে নিজৰ জীৱনৰ প্ৰৱৰ্তক হ’ব লাগিব, কেতিয়াও কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ।’’ 

এক সাক্ষাৎকাৰত ছাৰাই কয় যে ‘‘এগৰাকী ‘ছিংগল মাডাৰ’ৰ সৈতে ডাঙৰ-দীঘল হোৱাটোৱে মোৰ জীৱনত বৃহৎ ভূমিকা পালন কৰিছে।’’

ছাৰাই কয়, "মই ভাবো ‘ছিংগল মাডাৰ’ৰ লগত জীয়াই থকাটোত মোৰ জীৱনত এক বৃহৎ ভূমিকা আছে। অতি কম বয়সতে মই বুজিলোঁ আপোনাৰ বাবে কোনেও একো নকৰে, এনে নহয় যে মই সহায় নাপাওঁ, মই পাওঁ, কিন্তু শেষত, আপুনি নিজে নিজৰ জীৱনৰ গতি দিব লাগিব আৰু প্ৰৱৰ্তক হ’ব লাগিব। যদি আপোনাৰ ভাগ্য খুব ভাল আৰু ঈশ্বৰে বিচাৰে তেন্তে নিজে নিজে জীৱনটোৱে গতি ল’ব পাৰে কিন্তু তেনেকুৱা হ’ব বুলি অপেক্ষা কৰি বহি থাকিব নোৱাৰি৷"

উল্লেখ্য যে ২০০৪ চনত ছাৰাৰ পিতৃ-মাতৃ ছৈফ আলী খান আৰু অমৃতা সিঙৰ বিচ্ছেদ হৈছিল। সেই সময়ত ছাৰাৰ বয়স আছিল ৯ বছৰ। ছাৰাৰ এজন কনিষ্ঠ ভাতৃ ইব্ৰাহিম আলী খানো আছে।

‘কেদাৰনাথ’  ছবিৰে ছাৰাৰ বলীউডত প্ৰৱেশ

যদি আমি ছাৰাৰ ৱৰ্ক ফ্ৰণ্টলৈ চাওঁ তেন্তে ‘কেদাৰনাথ’ ছবিখনৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁক ‘চিম্বা’ ছবিত দেখা গৈছিল। ছাৰাই ‘লাভ আজ কাল’, ‘কুলি নং ১’, ‘আটৰংগী ৰে’, ‘গেছলাইট’, ‘জাৰা হাটকে জাৰা বচকে’ আদি ছবি কৰিছে।

এই ছবিবোৰত বৰ্তমান দেখা যাব

এতিয়া তেওঁৰ হাতত চাৰিখন ছবি আছে। ১৫ মাৰ্চত মুক্তি পাব ‘মাৰ্ডাৰ মুবাৰক’। অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰটো বহুত ভাল পাইছে। নেটফ্লিক্সত ষ্ট্ৰীম কৰা হ’ব ছবিখন। ইয়াৰ পিছত তেওঁক ‘এ ৱটন মেৰে ৱটন’ত উষা মেহতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মেট্ৰ’...ইন দিনৌ’ আৰু জগন শক্তিৰ এতিয়ালৈকে নাম স্থিৰ নোহোৱা এখন ছবিতো দেখা পোৱা যাব ছাৰা আলী খানক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী