--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ড সন্দৰ্ভত ষ্টেট বেংক অব ইণ্ডিয়াৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে উচ্চতম  ন্যায়ালয়।  নিৰ্বাচনী বণ্ডৰ বিষয়ত এছবিআইক পুনৰ  তীব্ৰ সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে ।  বাৰে বাৰে নিৰ্দেশনা দিয়া স্বত্বেওভাৰতীয় ষ্টেট বেঙ্কে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰা নাই। সেয়েহে উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ তথ্য দাখিল কৰাৰ বাবে পুনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। এছবিআইয়ে অহা বৃহস্পতিবাৰৰ ভিতৰত বণ্ড সম্পৰ্কীয় সকলো বিৱৰণ দাখিল কৰিব লাগিব।

উল্লেখ্য  নিৰ্বাচনী বণ্ডৰ বিষয়ে অসম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ বাবে এছবিআইৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন পাঁচ জনীয়া বিচাৰপীঠে সোমবাৰে গোচৰটোৰ শুনানি আৰম্ভ কৰে। চন্দ্ৰচূড়ে কয়, "এছবিআইয়ে নিৰ্বাচনী বণ্ড সম্পৰ্কে সকলো তথ্য প্ৰকাশ কৰিব লাগিব।

 বেঙ্কে যিধৰণে তথ্য প্ৰকাশ কৰিছে, সেয়া  অতি আপত্তিজনক। তেওঁলোকে ভাবিছে যে উচ্চতম ন্যায়ালয়ে উল্লেখ কৰা কেৱল কেইটামান তথ্যহে প্ৰকাশ কৰা উচিত। সেয়া একেবাৰে হ’ব নোৱাৰে। যিহেতু সকলো তথ্য বিচৰা হৈছে, সেয়ে  এছ.বি.আই.-য়ে সম্পূৰ্ণ তথ্য প্ৰদান কৰিব লাগিব। কোনো তথ্য গোপন কৰিব নোৱাৰিব। " বিচাৰপীঠে এছবিআইক ২১ মাৰ্চ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ  বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

 বেংকটোৱে এখন বিশেষ শপতনামাও দাখিল কৰিব লাগে। শপতনামাত এইবুলি  স্পষ্টভাৱে উল্লেখ কৰিব লাগিব যে এছবিআইয়ে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিছে। বেংকে প্ৰদান কৰা সকলো তথ্য নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰিব লাগিব। ইয়াৰ পূৰ্বে  ন্যায়ালয়ে এছবিআইক  জাননী জাৰি কৰি সুধিছিল যে আদালতৰ নিৰ্দেশনা স্বত্বেও বেংকে  নিৰ্বাচনী বণ্ডৰ  বিৱৰণ কিয় প্ৰদান কৰা নাই। ইয়াৰ পিছতে  নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত এছ.বি.আই.-য়ে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় কিছু তথ্য প্ৰকাশ কৰিছিল।

তথ্য অনুসৰি  বিজেপিয়ে বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে। নিৰ্বাচনী বণ্ডৰ জড়িয়তে ৬,৯৮৬.৫ কোটি টকা গেৰুৱা শিবিৰৰ ভাণ্ডাৰলৈ গৈছে। তৃণমূল কংগ্ৰেছ (টিএমচি) দ্বিতীয় স্থানত আছে। মমতা বেনাৰ্জীৰ দলে এই বণ্ডবোৰৰ পৰা মুঠ ১,৩৯৭ কোটি টকা উপাৰ্জন  কৰিছে। তৃতীয় স্থানত থকা  কংগ্ৰেছে ১,৩৩৪ কোটি টকা লাভ কৰিছে। তেলেংগানাৰ বিআৰএছে লাভ কৰা ধনৰ পৰিমাণ  ১,৩২২ কোটি টকা। অৱশ্যে, বণ্ডৰ ইউনিক নাম্বাৰ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ে আজি পুনৰ এছবিআইক  এই তথ্য প্ৰকাশৰ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস