--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ড সন্দৰ্ভত ষ্টেট বেংক অব ইণ্ডিয়াৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে উচ্চতম  ন্যায়ালয়।  নিৰ্বাচনী বণ্ডৰ বিষয়ত এছবিআইক পুনৰ  তীব্ৰ সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে ।  বাৰে বাৰে নিৰ্দেশনা দিয়া স্বত্বেওভাৰতীয় ষ্টেট বেঙ্কে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰা নাই। সেয়েহে উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ তথ্য দাখিল কৰাৰ বাবে পুনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। এছবিআইয়ে অহা বৃহস্পতিবাৰৰ ভিতৰত বণ্ড সম্পৰ্কীয় সকলো বিৱৰণ দাখিল কৰিব লাগিব।

উল্লেখ্য  নিৰ্বাচনী বণ্ডৰ বিষয়ে অসম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ বাবে এছবিআইৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন পাঁচ জনীয়া বিচাৰপীঠে সোমবাৰে গোচৰটোৰ শুনানি আৰম্ভ কৰে। চন্দ্ৰচূড়ে কয়, "এছবিআইয়ে নিৰ্বাচনী বণ্ড সম্পৰ্কে সকলো তথ্য প্ৰকাশ কৰিব লাগিব।

 বেঙ্কে যিধৰণে তথ্য প্ৰকাশ কৰিছে, সেয়া  অতি আপত্তিজনক। তেওঁলোকে ভাবিছে যে উচ্চতম ন্যায়ালয়ে উল্লেখ কৰা কেৱল কেইটামান তথ্যহে প্ৰকাশ কৰা উচিত। সেয়া একেবাৰে হ’ব নোৱাৰে। যিহেতু সকলো তথ্য বিচৰা হৈছে, সেয়ে  এছ.বি.আই.-য়ে সম্পূৰ্ণ তথ্য প্ৰদান কৰিব লাগিব। কোনো তথ্য গোপন কৰিব নোৱাৰিব। " বিচাৰপীঠে এছবিআইক ২১ মাৰ্চ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ  বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

 বেংকটোৱে এখন বিশেষ শপতনামাও দাখিল কৰিব লাগে। শপতনামাত এইবুলি  স্পষ্টভাৱে উল্লেখ কৰিব লাগিব যে এছবিআইয়ে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিছে। বেংকে প্ৰদান কৰা সকলো তথ্য নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰিব লাগিব। ইয়াৰ পূৰ্বে  ন্যায়ালয়ে এছবিআইক  জাননী জাৰি কৰি সুধিছিল যে আদালতৰ নিৰ্দেশনা স্বত্বেও বেংকে  নিৰ্বাচনী বণ্ডৰ  বিৱৰণ কিয় প্ৰদান কৰা নাই। ইয়াৰ পিছতে  নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত এছ.বি.আই.-য়ে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় কিছু তথ্য প্ৰকাশ কৰিছিল।

তথ্য অনুসৰি  বিজেপিয়ে বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে। নিৰ্বাচনী বণ্ডৰ জড়িয়তে ৬,৯৮৬.৫ কোটি টকা গেৰুৱা শিবিৰৰ ভাণ্ডাৰলৈ গৈছে। তৃণমূল কংগ্ৰেছ (টিএমচি) দ্বিতীয় স্থানত আছে। মমতা বেনাৰ্জীৰ দলে এই বণ্ডবোৰৰ পৰা মুঠ ১,৩৯৭ কোটি টকা উপাৰ্জন  কৰিছে। তৃতীয় স্থানত থকা  কংগ্ৰেছে ১,৩৩৪ কোটি টকা লাভ কৰিছে। তেলেংগানাৰ বিআৰএছে লাভ কৰা ধনৰ পৰিমাণ  ১,৩২২ কোটি টকা। অৱশ্যে, বণ্ডৰ ইউনিক নাম্বাৰ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ে আজি পুনৰ এছবিআইক  এই তথ্য প্ৰকাশৰ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement