--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। এতিয়া সমগ্ৰ দেশতে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। এনে সময়তে পুনেস্থিত অধিবক্তা অসীম চাৰোদে আৰু পৰিৱেশবিদ বিশ্বম্ভৰ চৌধুৰীয়ে ভাৰতীয় নিৰ্বাচন আয়োগলৈ এখন আইনী জাননী প্ৰেৰণ কৰি লোকসভা নিৰ্বাচনৰ বাবে মুক্ত আৰু নিৰপেক্ষ প্ৰচাৰ নিশ্চিত কৰাৰ বাবে সকলো ৰাজহুৱা স্থান , চৰকাৰী আৰু অৰ্ধ-চৰকাৰী  কাৰ্যালয় আদিৰ  পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আঁতৰাবলৈ কৈছে।

জাননীখনত তেওঁলোকে নিৰ্বাচন আয়োগক  সকলো চৰকাৰী আৰু অৰ্ধ-চৰকাৰী সংস্থাক কাৰ্যালয়, বিমানবন্দৰ, ৰে'ল ষ্টেচন, ৰে'ল, মেট্ৰ', বাছ ষ্টেচন, বাছ ষ্টপেজ, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বাছ আৰু অন্যান্য স্থানৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ছবি আঁতৰাবলৈ নিৰ্দেশ দিবলৈ কৈছে। জাননীখনত কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ দুজন উপ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ছবি প্ৰদৰ্শন কৰিলে আদৰ্শ আচৰণ বিধি (এমচিচি) উলংঘা হ'ব কিয়নো প্ৰধানমন্ত্ৰী শাসকীয় বিজেপিৰ এজন তাৰকা নিৰ্বাচনী প্ৰচাৰক। 

জাননী খনত কোৱা হৈছে  "আমি পৰামৰ্শ দিওঁ যে নিৰ্বাচন আয়োগে চৰকাৰী  কাৰ্যালয়সমূহক প্ৰধানমন্ত্ৰীৰ ছবিবোৰ  উপযুক্ত ধৰণে ঢাকি ৰাখিবলৈ নিৰ্দেশ দিব লাগে," । নিৰ্বাচনী আচৰণ বিধিয়ে ৰাজনৈতিক দলৰ  বিজ্ঞাপনৰ বাবে ৰাজহুৱা কোষাগাৰৰ ধনৰ  ব্যৱহাৰ নিষিদ্ধ কৰিছে। শাসকীয় দলটোৱে প্ৰচাৰৰ বাবে চৰকাৰী ধন  ব্যৱহাৰ কৰিব নোৱাৰে বুলিও তেওঁলোকে কৈছে।  

নিৰ্ভয় বানো মঞ্চৰ বেনাৰত চাৰোদে আৰু চৌধুৰীয়ে জনতাৰ মাজত নিৰ্বাচনী  সজাগতা সৃষ্টিৰ বাে সক্ৰিয়ভাৱে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰি আহিছে। সংস্থাটোৱে ইতিমধ্যে ৰাজ্যজুৰি অসংখ্য ৰাজহুৱা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰিছে। উল্লেখ্য ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সমগ্ৰ দেশতে ১৮ সংখ্যক লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মহাৰাষ্ট্ৰত পাঁচটা পৰ্যায়ত ভোটদান হ'ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী