--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। এতিয়া সমগ্ৰ দেশতে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। এনে সময়তে পুনেস্থিত অধিবক্তা অসীম চাৰোদে আৰু পৰিৱেশবিদ বিশ্বম্ভৰ চৌধুৰীয়ে ভাৰতীয় নিৰ্বাচন আয়োগলৈ এখন আইনী জাননী প্ৰেৰণ কৰি লোকসভা নিৰ্বাচনৰ বাবে মুক্ত আৰু নিৰপেক্ষ প্ৰচাৰ নিশ্চিত কৰাৰ বাবে সকলো ৰাজহুৱা স্থান , চৰকাৰী আৰু অৰ্ধ-চৰকাৰী  কাৰ্যালয় আদিৰ  পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আঁতৰাবলৈ কৈছে।

জাননীখনত তেওঁলোকে নিৰ্বাচন আয়োগক  সকলো চৰকাৰী আৰু অৰ্ধ-চৰকাৰী সংস্থাক কাৰ্যালয়, বিমানবন্দৰ, ৰে'ল ষ্টেচন, ৰে'ল, মেট্ৰ', বাছ ষ্টেচন, বাছ ষ্টপেজ, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বাছ আৰু অন্যান্য স্থানৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ছবি আঁতৰাবলৈ নিৰ্দেশ দিবলৈ কৈছে। জাননীখনত কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ দুজন উপ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ছবি প্ৰদৰ্শন কৰিলে আদৰ্শ আচৰণ বিধি (এমচিচি) উলংঘা হ'ব কিয়নো প্ৰধানমন্ত্ৰী শাসকীয় বিজেপিৰ এজন তাৰকা নিৰ্বাচনী প্ৰচাৰক। 

জাননী খনত কোৱা হৈছে  "আমি পৰামৰ্শ দিওঁ যে নিৰ্বাচন আয়োগে চৰকাৰী  কাৰ্যালয়সমূহক প্ৰধানমন্ত্ৰীৰ ছবিবোৰ  উপযুক্ত ধৰণে ঢাকি ৰাখিবলৈ নিৰ্দেশ দিব লাগে," । নিৰ্বাচনী আচৰণ বিধিয়ে ৰাজনৈতিক দলৰ  বিজ্ঞাপনৰ বাবে ৰাজহুৱা কোষাগাৰৰ ধনৰ  ব্যৱহাৰ নিষিদ্ধ কৰিছে। শাসকীয় দলটোৱে প্ৰচাৰৰ বাবে চৰকাৰী ধন  ব্যৱহাৰ কৰিব নোৱাৰে বুলিও তেওঁলোকে কৈছে।  

নিৰ্ভয় বানো মঞ্চৰ বেনাৰত চাৰোদে আৰু চৌধুৰীয়ে জনতাৰ মাজত নিৰ্বাচনী  সজাগতা সৃষ্টিৰ বাে সক্ৰিয়ভাৱে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰি আহিছে। সংস্থাটোৱে ইতিমধ্যে ৰাজ্যজুৰি অসংখ্য ৰাজহুৱা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰিছে। উল্লেখ্য ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সমগ্ৰ দেশতে ১৮ সংখ্যক লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মহাৰাষ্ট্ৰত পাঁচটা পৰ্যায়ত ভোটদান হ'ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু