--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টাইকুন গৌতম আদানীয়ে বিগত কিছুদিন ধৰি শ্বেয়াৰ বজাৰত দুৰ্যোগৰ সন্মুখীন হৈছে। আদানীৰ সকলো কোম্পানীয়ে বিপদত পৰিছে। আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা সপ্তাহত এক প্ৰতিবেদন প্ৰকাশ কৰি আদানী গোটটোক ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ শ্বেয়াৰৰ মূল্য তললৈ নামি আহিছে।

হিণ্ডেনবাৰ্গ ৰিপৰ্টে বিশ্বৰ ধনী লোকৰ তালিকাতো প্ৰভাৱ পেলাইছে। তাত আদানীয়ে তৃতীয় স্থানৰ পৰা নামি শীৰ্ষ দহৰ পৰা বাহিৰ হ’ল। ভাৰতীয় কোটিপতিগৰাকী বৰ্তমান ১৭ নম্বৰত আছে। এই হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অনুসৰি আদানীয়ে জালিয়াতী কৰি ধনী হৈছিল। কৃত্ৰিমভাৱে তেওঁলোকৰ মূল্য বৃদ্ধি কৰিছে শ্বেয়াৰ বজাৰত। এইদৰে বিনিয়োগকাৰীসকলক প্ৰতাৰণা কৰা হৈছে।

প্ৰতিবেদনত হিণ্ডেনবাৰ্গে অকল গৌতম আদানী বা তেওঁৰ কোম্পানীলৈ নহয়, আদানী পৰিয়ালৰ আন কেইবাজনো সদস্যৰ ওপৰত অভিযোগ আঙুলিয়াইছে। তেওঁলোকে কেনেধৰণৰ দুৰ্নীতিৰ লগত জড়িত হৈ আছে, সেয়াও উল্লেখ কৰিছে।

হিণ্ডেনবাৰ্গৰ তালিকাত গৌতম আদানীৰ বহু আত্মীয়ৰ নাম সন্নিবিষ্ট কৰা হৈছে, য’ত তেওঁৰ ভাতৃ, দাদা আৰু দেউতাক আদিও আছে। অভিযোগ অনুসৰি আদানী পৰিয়ালৰ এই সদস্যসকল একাধিক দুৰ্নীতিৰ সৈতে জড়িত।

হিণ্ডেনবাৰ্গৰ ১০৬ পৃষ্ঠাৰ প্ৰতিবেদনত বিনোদ আদানীৰ নাম উল্লেখ কৰা হৈছে। অভিযোগ অনুসৰি আদানী গোটৰ এটা শ্বেল কোম্পানী চলোৱাৰ দায়িত্ব তেওঁৰ। গৌতম আদানীৰ ককায়েক এই বিনোদ। ২০১৬ চনত পানামাত সংঘটিত দুৰ্নীতি আৰু ২০২১ চনত পাণ্ডোৰা পেপাৰৰ দুৰ্নীতিৰ লগত তেওঁৰ নাম জড়িত হৈ পৰিছিল।

বিনোদ আদানীয়ে নিয়মিতভাৱে ডুবাইত থাকে। প্ৰবাসী ভাৰতীয়ৰ মাজত তেওঁৰ এই ধন-সম্পত্তি চকু কপালত উঠা। কেইসপ্তাহমানৰ আগতে বিশ্বৰ ধনী প্ৰবাসী ভাৰতীয়ৰ তালিকাত বিনোদৰ নাম শীৰ্ষত আছিল।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ৰাজেশ আদানীৰ নামো উল্লেখ কৰা হৈছিল। তেওঁ হৈছে গৌতমৰ ভায়েক। বৰ্তমান তেওঁ আদানী গ্ৰুপ অৱ কোম্পানীসমূহৰ পৰিচালন সঞ্চালক হিচাপে কাম কৰি আছে। আমেৰিকান কোম্পানীটোৱে দাবী কৰিছে যে ৰাজেশ অবৈধ হীৰাৰ ব্যৱসায়ত জড়িত।

হিণ্ডেনবাৰ্গে তেওঁলোকৰ প্ৰতিবেদনত কয় যে দুৰ্নীতিৰ গোচৰত ৰাজেশে কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয় বা ডি আৰ আইয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। ১৯৯৯ আৰু ২০১০ চনতো দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল ৰাজেশক।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত গৌতম আদানীৰ ভায়েক সমীৰ ভোৰাৰো নাম উল্লেখ কৰা হৈছে। হীৰা দুৰ্নীতিৰ লগতো সমীৰৰ নাম জড়িত আছিল। বৰ্তমান তেওঁ আদানীৰ অষ্ট্ৰেলিয়া বিভাগৰ কাৰ্যবাহী সঞ্চালক।

ডি আৰ আইয়ে সমীৰক হীৰা কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড হিচাপেও চিনাক্ত কৰিছে বুলি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। অভিযোগ অনুসৰি দুৰ্নীতি ঢাকিবলৈ তেওঁ একাধিক মিছা কথাৰ আশ্ৰয়ও লৈছিল।

ইয়াৰ উপৰিও গৌতম আদানীৰ পত্নী প্ৰীতি আদানীৰ কথা হিণ্ডেনবাৰ্গ ৰিপৰ্টত উল্লেখ কৰা হৈছে। পেছাত তেওঁ এজন দন্ত চিকিৎসক। প্ৰীতি আদানী ফাউণ্ডেচনৰ অধ্যক্ষ।

প্ৰতিবেদনত যতীন মেটৰ নামো আছে। তেওঁৰ পুত্ৰৰ বিয়া আদানীৰ ভায়েকৰ কন্যাৰ লগত। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে তেওঁ হীৰা দুৰ্নীতিৰ সৈতে জড়িত।

অভিযোগ অনুসৰি, হীৰাৰ ১০০০ কোটি টকাৰ আৰ্থিক দুৰ্নীতি হৈছে। সেই দুৰ্নীতিৰ মেৰুদণ্ড আদানী। অভিযোগ অনুসৰি, কৰ ফাঁকি দি তেওঁলোকে হীৰা আৰু সোণৰ গহনা ব্যৱসায় চলাইছে।

অৱশ্যে আদানি গ্ৰুপে হিণ্ডেনবাৰ্গৰ এই অভিযোগসমূহ অস্বীকাৰ কৰিছে। তেওঁলোকে সকলো অভিযোগ মিছা আৰু ভিত্তিহীন বুলি কয়। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক ‘ভাৰতৰ বিৰুদ্ধে পৰিকল্পিত আক্ৰমণ’ বুলিও অভিহিত কৰে।

কিন্তু আদানীৰ এই প্ৰত্যুত্তৰে শ্বেয়াৰ বজাৰত কোনো প্ৰভাৱ পেলোৱা নাই। ইয়াৰ পিছত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক