--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'ষ্ট্ৰোক'! শব্দটো শুনিলেই ভয়ত কঁপি উঠে সকলো। এই মাৰাত্মক ৰোগে হঠাতে এজন হত্যাকাৰীৰ দৰে আঘাত কৰে। কিন্তু আপোনাৰ তেজৰ প্ৰকাৰ জানিলেই ক’ব পাৰি যে আপুনি ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কিমান। এই দাবী গৱেষকসকলৰ। আশাবাদী চিকিৎসা সমাজক কেন্দ্ৰ কৰি কৰা গৱেষণা। এই বিষয়ত অধিক গৱেষণাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কমোৱাৰ আনকি প্ৰতিৰোধৰ উপায়ো পোৱা যাব পাৰে বুলি ভবা হয়।

চিকিৎসা আলোচনী নিউৰ’লজীত প্ৰকাশিত এক গৱেষণা পত্ৰই এই বিষয়ে পোহৰ পেলাইছে। সেই গৱেষণা পত্ৰখনত ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিন (UMSOM)ৰ।  গৱেষকসকলে দাবী কৰিছিল যে ৬০ বছৰৰ তলৰ যিসকলৰ তেজ ‘এ’ গ্ৰুপ থাকে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা সৰ্বাধিক। আনহাতে, যিসকলৰ তেজ ‘অ’ গ্ৰুপ হয়, তেওঁলোকৰ বাবে আটাইতকৈ কম বিপদ।

উল্লেখযোগ্য যে গৱেষকসকলে ষ্ট্ৰোক হোৱা প্ৰায় ১৭ হাজাৰ ৰোগীৰ ওপৰত ৪৮ প্ৰকাৰৰ জিনৰ পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স আছিল ১৮ৰ পৰা ৫৯ বছৰৰ ভিতৰত। দেখা গৈছে যে ৬০ বছৰৰ তলৰ লোকৰ ভিতৰত ‘এ’ ব্লাড টাইপ থকাসকলৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি। আনহাতে ‘অ’ গ্ৰুপৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা ১২ শতাংশ কম।

কিন্তু এই বিপদৰ ভিন্নতা কিয়? গৱেষণা পত্ৰখনৰ অন্যতম লেখক স্নায়ুবিজ্ঞানী ষ্টিভেন কিটনাৰে এই কথা এতিয়াও গৱেষকসকলে বুজি পোৱা নাই বুলি উল্লেখ কৰে। তেওঁৰ ভাষাত "আমি এতিয়াও নাজানো কিয় 'এ' গ্ৰুপত ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক।" কিন্তু হয়তো ইয়াত তেজ জমা হোৱাৰ ভূমিকা আছে। তেজত অণু, প্ৰ’টিন উপস্থিত থকাৰ লগতে কোষবোৰো আছে, এই সকলোবোৰৰ ভূমিকা আছে।”

মন কৰিবলগীয়া কথা যে ৰক্তবাহী নলীৰ জৰিয়তে তেজ মগজুলৈ যায়। কিন্তু যদি কোনো ধৰণে ৰক্তবাহী নলী ফাটি বা জমা হয় তেন্তে ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীৰ ডিচচাৰ্জ নিৰ্ভৰ কৰে ৰোগীক কিমান সোনকালে চিকিৎসালয়লৈ নিব পাৰি তাৰ ওপৰত। কিন্তু ব্লাড গ্ৰুপৰ সৈতে যদি ষ্ট্ৰোকৰ আশংকাৰ বিষয়ে অধিক তথ্য থাকে তেন্তে ভৱিষ্যতে এই ৰোগ প্ৰতিৰোধৰ উপায় থাকিব পাৰে বুলি বিশ্বাস কৰা হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ