--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'ষ্ট্ৰোক'! শব্দটো শুনিলেই ভয়ত কঁপি উঠে সকলো। এই মাৰাত্মক ৰোগে হঠাতে এজন হত্যাকাৰীৰ দৰে আঘাত কৰে। কিন্তু আপোনাৰ তেজৰ প্ৰকাৰ জানিলেই ক’ব পাৰি যে আপুনি ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কিমান। এই দাবী গৱেষকসকলৰ। আশাবাদী চিকিৎসা সমাজক কেন্দ্ৰ কৰি কৰা গৱেষণা। এই বিষয়ত অধিক গৱেষণাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কমোৱাৰ আনকি প্ৰতিৰোধৰ উপায়ো পোৱা যাব পাৰে বুলি ভবা হয়।

চিকিৎসা আলোচনী নিউৰ’লজীত প্ৰকাশিত এক গৱেষণা পত্ৰই এই বিষয়ে পোহৰ পেলাইছে। সেই গৱেষণা পত্ৰখনত ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিন (UMSOM)ৰ।  গৱেষকসকলে দাবী কৰিছিল যে ৬০ বছৰৰ তলৰ যিসকলৰ তেজ ‘এ’ গ্ৰুপ থাকে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা সৰ্বাধিক। আনহাতে, যিসকলৰ তেজ ‘অ’ গ্ৰুপ হয়, তেওঁলোকৰ বাবে আটাইতকৈ কম বিপদ।

উল্লেখযোগ্য যে গৱেষকসকলে ষ্ট্ৰোক হোৱা প্ৰায় ১৭ হাজাৰ ৰোগীৰ ওপৰত ৪৮ প্ৰকাৰৰ জিনৰ পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স আছিল ১৮ৰ পৰা ৫৯ বছৰৰ ভিতৰত। দেখা গৈছে যে ৬০ বছৰৰ তলৰ লোকৰ ভিতৰত ‘এ’ ব্লাড টাইপ থকাসকলৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি। আনহাতে ‘অ’ গ্ৰুপৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা ১২ শতাংশ কম।

কিন্তু এই বিপদৰ ভিন্নতা কিয়? গৱেষণা পত্ৰখনৰ অন্যতম লেখক স্নায়ুবিজ্ঞানী ষ্টিভেন কিটনাৰে এই কথা এতিয়াও গৱেষকসকলে বুজি পোৱা নাই বুলি উল্লেখ কৰে। তেওঁৰ ভাষাত "আমি এতিয়াও নাজানো কিয় 'এ' গ্ৰুপত ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক।" কিন্তু হয়তো ইয়াত তেজ জমা হোৱাৰ ভূমিকা আছে। তেজত অণু, প্ৰ’টিন উপস্থিত থকাৰ লগতে কোষবোৰো আছে, এই সকলোবোৰৰ ভূমিকা আছে।”

মন কৰিবলগীয়া কথা যে ৰক্তবাহী নলীৰ জৰিয়তে তেজ মগজুলৈ যায়। কিন্তু যদি কোনো ধৰণে ৰক্তবাহী নলী ফাটি বা জমা হয় তেন্তে ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীৰ ডিচচাৰ্জ নিৰ্ভৰ কৰে ৰোগীক কিমান সোনকালে চিকিৎসালয়লৈ নিব পাৰি তাৰ ওপৰত। কিন্তু ব্লাড গ্ৰুপৰ সৈতে যদি ষ্ট্ৰোকৰ আশংকাৰ বিষয়ে অধিক তথ্য থাকে তেন্তে ভৱিষ্যতে এই ৰোগ প্ৰতিৰোধৰ উপায় থাকিব পাৰে বুলি বিশ্বাস কৰা হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক