--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক বিজ্ঞানে  মহাকাশৰ বহুজটিল ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ দৰেই মহাকাশৰো আন কৰবাত প্ৰাণীয়ে বাস কৰি আছে নেকি? এই প্ৰশ্নই এতিয়া বিজ্ঞানীসকলক ভবাই তুলিছে৷ এনে সময়তে এলিয়েনৰ কথাবোৰেও মাজে-সময়ে আলোড়ণৰ সৃষ্টি কৰি আহিছে৷  হঠাতে ছায়াপথৰ পৰা আহিছে এক বিশেষ ৰেডিঅ’  সংকেত!   

প্ৰথমবাৰৰ বাবে কানাডাৰ  বিজ্ঞানীৰ এটা দলে ৯০০ বিলিয়ন আলোকবৰ্ষ দূৰত থকা এটা ছায়াপথৰ পৰা অহা ৰেডিঅ' তৰংগ ধৰা পেলাবলৈ সক্ষম হৈছে৷ বিজ্ঞানীসকলে  ভাৰতত স্থাপন কৰা টেলিস্কোপৰ সহায়ত সেই তৰংগৰ সন্ধান লাভ কৰিছে৷ এলিয়েনৰ বিষয়ে মানুহৰ  কৌতূহলৰ কোনো অন্ত নাই। সাধাৰণ জনতাপৰা বিজ্ঞানীলৈকে সকলোৱে এলিয়েনৰ বিষয়কলৈ আগ্ৰহ দেখুৱাই আহিছে৷  উৎসাহিত। গতিকে ৯০০ বিলিয়ন আলোক বৰ্ষ দূৰৰ পৰা অহা ৰেডিঅ’ সংকেতকলৈ সেয়ে এতিয়া বিজ্ঞানীসকলো আচৰিত হৈ পৰিছে৷ 

বিজ্ঞানীসকলৰ মতে  পৃথিৱীৰ ওচৰৰ ছায়াপথৰ পৰা অহা সংকেতটো  এলিয়েনৰ নহবও পাৰে৷  এই সংকেত প্ৰকৃততে বহুদিন আগতে সেই স্থানত  সৃষ্টি হৈছিল আৰু এতিয়াহে পৃথিৱীলৈ আহি পাইছে।
এছ.ডি.এছ.এছ.জে ০৮২৬+৫৬৩০ ছায়াপথৰ পৰা বিজ্ঞানীসকলে সংকেত পাইছে৷  এই সংকেতটো  ১৩.৭  বিলিয়ন বছৰ পুৰণি বুলি ভবা হৈছে৷  যায়।  বিশ্বতত্ত্বৰ বিষয়ত  গৱেষণা কৰি থকা ভাৰতীয় বিজ্ঞানী অয়ন চক্ৰৱৰ্তীয়ে কয়, "এতিয়ালৈকে আমি পৃথিৱীৰ ওচৰৰ ছায়াপথৰ পৰা এটা ৰেডিঅ' সংকেত পাইছো। ছায়াপথবোৰে বিভিন্ন প্ৰকাৰৰ সংকেত দিয়ে। অৱশ্যে ৯০০  নিযুত আলোক বৰ্ষ দূৰৰ পৰা  প্ৰথমবাৰৰ বাবে এনে সংকেত ধ্বনি আহিছে । "

ৰয়েল এষ্ট্ৰোনমিকেল চছাইটিয়ে এছ.ডি.এছ.এছ.জে ০৮২৬+৫৬৩০ ছায়াপথৰ পৰা  অহা সংকেত বিশ্লেষণ কৰা আৰম্ভ কৰিছে। বিজ্ঞানীসকলৰ  মতে এয়া হৈছে এক বিদ্যুতচুম্বকীয় তৰংগ, যাক হাইড্ৰজেন ৰেখা বুলি কোৱা হয়। তৰংগদৈৰ্ঘ্য ১৪২০-ৰ ওচৰত।  ইয়াতকৈ বেছি আৰু একো জনা হোৱা নাই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক