--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেলেণ্ডাৰ মানুহে দিন, বাৰ আদি চোৱাৰ বাবে ব্যৱহাৰ কৰে। বহুতে কেলেণ্ডাৰৰ নিৰ্দিষ্ট স্থানত কৰিবলগীয়া কামৰ তালিকাও লিখি ৰাখে। ইয়াৰ ফলত তেনে কাম পাহৰি যোৱাৰ আশংকা দূৰ হয়। ঘৰৰ সুবিধাজনক স্থানত মানুহে কেলেণ্ডাৰ আঁৰি থয়। 

ফেংছুইয়ে কেলেণ্ডাৰ আঁৰি থোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। ফেংছুইৰ মতে ঘৰৰ প্ৰধান দুৱাৰৰ ওপৰত অথবা দুবাৰৰ দুয়োফালে কেলেণ্ডাৰ আঁৰিব নালাগে। এনে কৰিলে ঘৰত অমংগল হয়।

কেলেণ্ডাৰ কেতিয়াও মানুহৰ চকুত পোনে পোনে পৰা স্থানত ৰাখিব নালাগে। এনেদৰে কেলেণ্ডাৰ আঁৰিলে মানুহৰ আয়ুস ক্ষয় হয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।

ফেংছুই বিশেষজ্ঞৰ মতে  কেলেণ্ডাৰখন চকুৰ মুখামুখিকৈ পৰা স্থানত আঁৰি থ'লে মানুহে দিন-বাৰ আদি হিচাপ কৰি থাকে আৰু তেওঁৰ যে পৃথিবীত দিন সদায় কমি আহিছে সেই কথাটো ভাবিব পাৰে।

 ইয়াৰ ফলত মানুহ এজনৰ মন দুৰ্বল হৈ পৰে আৰু তেওঁৰ আয়ুস ক্ষয় হ’ব পাৰে। সেয়ে ঘৰত কেলেণ্ডাৰ খন আঁৰোতে কিছু সতৰ্ক হ’লে ভাল।

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন