--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানত ঈশ্বৰৰ ব্যাখ্যা কি? এলবাৰ্ট আইনষ্টাইনে ঈশ্বৰক বিশ্বাস কৰিছিল নেকি? ১৯৫০ চনত ধৰ্ম শিক্ষয়িত্ৰী মাৰ্থা মংকে আইনষ্টাইনলৈ এখন চিঠি লিখিছিল। জানিব বিচাৰিছিল, আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃয়ে ঈশ্বৰক বিশ্বাস কৰে নে? ঈশ্বৰ বা কোনো পৰম শক্তিয়ে এই জগতখন সৃষ্টি কৰিছিল বুলি তেওঁ ভাবেনে?

আইনষ্টাইনে মাৰ্থাক প্ৰত্যুত্তৰ দিলে। তেওঁ লিখা চিঠিখন এতিয়া আমেৰিকাৰ স্বাক্ষৰ সংগ্ৰহকাৰী সংস্থা ‘দ্য ৰেব কলেকচন’ই নিলাম কৰিছে। ১ লাখ ২৫ হাজাৰ টকাৰ পৰা আৰম্ভ হ’ব এই নিলাম। যিটো ভাৰতীয় মুদ্ৰাত ১.০২ কোটি।

আইনষ্টাইনৰ চিঠিখন ইমান দিনে মাৰ্থাৰ উত্তৰাধিকাৰী এজনে সযতনে ৰাখিছিল। মাৰ্থাৰ প্ৰশ্নৰ উত্তৰত আইনষ্টাইনে লিখিছে: ''মই ভাবো মোটামুটি বৈজ্ঞানিক মনোভাৱৰ ব্যক্তিৰ বাবে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আঁৰৰ ধৰ্মীয় ব্যাখ্যা যুক্তিসংগত নহয়। কাৰণ তেওঁ বিজ্ঞানৰ যুক্তি সকলোতে বিচাৰে।''

উল্লেখ্য যে ১৯৩৩ চনত জাৰ্মানীত এডলফ হিটলাৰ ক্ষমতালৈ অহাৰ পিছত আইনষ্টাইন আমেৰিকালৈ যায়। জাৰ্মানী এৰি যোৱাৰ পিছত তেওঁ বেলজিয়ামত প্ৰথমে থাকে। ইয়াৰ পিছত ছয় সপ্তাহ ব্ৰিটেইনত থাকে। অৱশেষত আমেৰিকালৈ যায় বিজ্ঞানীজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে