--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ চন্দ্ৰৰ ওচৰ পালেগৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা প্ৰস্তুত কৰা চন্দ্ৰযানে বৃহস্পতিবাৰে চতুৰ্থ কক্ষপথ সফলতাৰে অতিক্ৰম কৰিলে। চন্দ্ৰযান-৩ চন্দ্ৰলৈ যোৱাৰ পথত আৰু এঢাপ আগবঢ়াব পাৰিলেই সফলতা লাভ কৰিব পৰা যাব।

উৎক্ষেপণৰ পিছৰে পৰা চন্দ্ৰযান-৩ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ পৰিসৰৰ ভিতৰতে আছে। ইছৰোৰ বিজ্ঞানীসকলে মহাকাশত ইয়াৰ গতিবিধি অহৰহ নিয়ন্ত্ৰণ কৰি আছে। পৃথিৱীৰ আকৰ্ষণ কমোৱাৰ বাবে  চন্দ্ৰযান-৩ৰ কক্ষপথ সলনি কৰা হৈছে। মুঠ পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত এই মহাকাশযানখন একেবাৰে মাধ্যাকৰ্ষণৰ বাহিৰলৈ গুচি যাব। বৃহস্পতিবাৰে সফল হয় চতুৰ্থ কক্ষপথ পৰিৱৰ্তন।

আৰু পাঁচ দিনৰ পাছত পঞ্চম আৰু অন্তিম পৰ্যায়ত উত্তীৰ্ণ হ’ব চন্দ্ৰযান-৩। ২৫ জুলাইৰ বিয়লি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত পঞ্চমবাৰৰ বাবে ইছৰোৰ মহাকাশযানখনে নিজৰ কক্ষপথ সলনি কৰিব। ইয়াৰ পিছত তেওঁৰ চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ কোনো বাধা নাথাকিব। কক্ষপথ পৰিৱৰ্তনৰ প্ৰতিটো খোজৰ লগে লগে চন্দ্ৰযান-৩ৰ গতিও বৃদ্ধি পাইছে।

বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক এছ উন্নীকৃষ্ণনে থিৰুঅনন্তপুৰমৰ পৰা সংবাদ মাধ্যমৰ আগত কয় যে চন্দ্ৰযান-৩ উৎক্ষেপণৰ পিছৰে পৰা সুকলমে আগবাঢ়িছে। পৰিকল্পনা অনুসৰি আগবাঢ়িছে। 

উল্লেখ্য যে শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহু দূৰ বাকী আছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব।

ইছৰ’ৰ মতে, উৎক্ষেপণৰ প্ৰায় ৪০ দিনৰ পাছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰযান ৩ৰ সৌৰচালিত লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু