--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ চন্দ্ৰৰ ওচৰ পালেগৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা প্ৰস্তুত কৰা চন্দ্ৰযানে বৃহস্পতিবাৰে চতুৰ্থ কক্ষপথ সফলতাৰে অতিক্ৰম কৰিলে। চন্দ্ৰযান-৩ চন্দ্ৰলৈ যোৱাৰ পথত আৰু এঢাপ আগবঢ়াব পাৰিলেই সফলতা লাভ কৰিব পৰা যাব।

উৎক্ষেপণৰ পিছৰে পৰা চন্দ্ৰযান-৩ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ পৰিসৰৰ ভিতৰতে আছে। ইছৰোৰ বিজ্ঞানীসকলে মহাকাশত ইয়াৰ গতিবিধি অহৰহ নিয়ন্ত্ৰণ কৰি আছে। পৃথিৱীৰ আকৰ্ষণ কমোৱাৰ বাবে  চন্দ্ৰযান-৩ৰ কক্ষপথ সলনি কৰা হৈছে। মুঠ পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত এই মহাকাশযানখন একেবাৰে মাধ্যাকৰ্ষণৰ বাহিৰলৈ গুচি যাব। বৃহস্পতিবাৰে সফল হয় চতুৰ্থ কক্ষপথ পৰিৱৰ্তন।

আৰু পাঁচ দিনৰ পাছত পঞ্চম আৰু অন্তিম পৰ্যায়ত উত্তীৰ্ণ হ’ব চন্দ্ৰযান-৩। ২৫ জুলাইৰ বিয়লি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত পঞ্চমবাৰৰ বাবে ইছৰোৰ মহাকাশযানখনে নিজৰ কক্ষপথ সলনি কৰিব। ইয়াৰ পিছত তেওঁৰ চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ কোনো বাধা নাথাকিব। কক্ষপথ পৰিৱৰ্তনৰ প্ৰতিটো খোজৰ লগে লগে চন্দ্ৰযান-৩ৰ গতিও বৃদ্ধি পাইছে।

বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক এছ উন্নীকৃষ্ণনে থিৰুঅনন্তপুৰমৰ পৰা সংবাদ মাধ্যমৰ আগত কয় যে চন্দ্ৰযান-৩ উৎক্ষেপণৰ পিছৰে পৰা সুকলমে আগবাঢ়িছে। পৰিকল্পনা অনুসৰি আগবাঢ়িছে। 

উল্লেখ্য যে শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহু দূৰ বাকী আছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব।

ইছৰ’ৰ মতে, উৎক্ষেপণৰ প্ৰায় ৪০ দিনৰ পাছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰযান ৩ৰ সৌৰচালিত লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে