--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক আজৱ খবৰ পোহৰলৈ আহিছে। সাধাৰণতে নাৰী সমাজৰ প্ৰতি অভিযোগ উত্থাপন হয় যে অধিকাংশ নাৰীয়ে প্ৰেম যিমানেই কৰক লাগে যদি প্ৰেমিকৰ টকা-পইচা কম থাকে তেন্তে এজন ধনী মানুহৰ সৈতে বিয়া হৈ গুচি যায়। এয়া এক প্ৰকাৰ নাৰী সমাজৰ প্ৰতি থকা অপবাদ বুলিয়েই ক'ব লাগিব। এই অভিযোগ তথা অপবাদকে মিছা প্ৰমাণিত কৰিলে এগৰাকী মহিলাই! মধ্যপ্ৰদেশৰ ইন্দোৰৰ এগৰাকী মহিলাই কোটিপতি স্বামীক এৰি পলাই গ'ল এজন অটো চালকলৈ।

৪৫ বছৰীয়া মহিলাগৰাকী তেওঁতকৈ ১৩ বছৰৰ সৰু এজন যুৱকলৈ পলাই যায়। যুৱকজনে অটো চলায়। পলাই যোৱাৰ সময়ত মহিলাগৰাকীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা লৈ যায় আৰু যিমান গহনা আছিল সকলোখিনি লৈ যায় লগত। স্বামী কামৰ পৰা ঘৰলৈ আহি পত্নীক নেদেখি বিচাৰ খোচাৰ কৰে।

আৰু পঢ়কঃ জনী লিভাৰঃ মজদুৰৰ পৰা তাৰকা হোৱা এক বৰ্ণিল যাত্ৰা

ঘৰৰ পৰা ৪৭ লাখ টকা, সকলোখিনি অলংকাৰ নোহোৱা হোৱাৰ কথাও স্বামীৰ চকুত পৰে। তেওঁ লগালগ থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে মহিলা গৰাকীৰ অটোচালকজনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁৰ লগতে মহিলাগৰাকী পলাই গৈছে। আৰক্ষীয়ে তেওঁক উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে যদিও সক্ষম হোৱা নাই। মহিলাগৰাকী আৰু অটোচালক দুয়োৰে মোবাইল ফোন ট্ৰেকিং কৰা হৈছে যদিও এই পৰ্যন্ত কোনো সফলতা লাভ কৰা নাই আৰক্ষীয়ে। কোটিপতি স্বামীক এৰি পত্নী কিয় এজন সাধাৰণ অটোচালকলৈ পলাই গ'ল সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে ওচৰ-চুবুৰীয়া।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক