--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড অতিমাৰীৰ সময়ত চৰকাৰৰ নিৰ্দেশনাত সমগ্ৰ দেশতে বিদ্যালয়সমূহত   অনলাইনত শিক্ষা পৰিচালনা কৰা হৈছিল। আশ্চৰ্যজনকভাৱে দেশৰ বেছিভাগ বিদ্যালয়তে সেই সময়ত ইণ্টাৰনেট সেৱাই নাছিল! এই কথা পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ২০২১-২২ শিক্ষাবৰ্ষত দেশৰ ৬৬ শতাংশ বিদ্যালয়ে ইণ্টাৰনেটৰ সুবিধা লাভ কৰা নাছিল। ৫৫.৫ শতাংশ  বিদ্যালয়ত কম্পিউটাৰেই  নাছিল। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জিলা-অনুসৰি শিক্ষাৰ বিষয়ত  এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনখনক  'শিক্ষাৰ বাবে একত্ৰিত জিলা তথ্য প্ৰণালী' (ইউআইডিএছই) বুলি কোৱা হৈছে। দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

 ইয়াত কোৱা হৈছে যে দেশৰ ১৪ লাখ ৮৯ হাজাৰ ১১৫ খন বিদ্যালয়ৰ ভিতৰত মাত্ৰ ৬ লাখ ৮২ হাজাৰ ৫৬৬ খন বিদ্যালয়ত কম্পিউটাৰ আছে। আৰু ইণ্টাৰনেট সেৱা উপলব্ধ বিদ্যালয়ৰ সংখ্যা  তাতকৈও কম, ৫ লাখ ৪ হাজাৰ ৯৮৯ খন ।

প্ৰতিবেদনখনত প্ৰকাশিত  অধিক উদ্বেগজনক কথা টো হ'ল যে ১২.৭ শতাংশ বিদ্যালয়ত পুথিভঁৰালেই  নাই। মাত্ৰ ২.২ শতাংশ বিদ্যালয়তহে ডিজিটেল পুথিভঁৰাল আছে। দেশৰ ১০.৬ শতাংশ বিদ্যালয়ত এতিয়াও বিদ্যুতৰ সুবিধা নাই। ২৩.০৪ শতাংশ বিদ্যালয়ত খেলপথাৰ নাই।

 মাত্ৰ ২৬.৯৬ শতাংশ বিদ্যালয়ত শিশুসকলৰ বাবে উপযুক্ত শৌচালয় আছে।যোৱা কেইবছৰমানত সমগ্ৰ দেশতে বিদ্যালয়সমূহত 'স্মাৰ্ট শ্ৰেণী'ৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱা আৰম্ভ হৈছে। ইয়াৰ অৰ্থ হৈছে যে চক-ডাষ্টাৰৰ পৰিৱৰ্তে শীততাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাত ডিজিটেল বোৰ্ড, কম্পিউটাৰ, প্ৰজেক্টৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব।  কিন্তু দেশৰ মাত্ৰ ১৪.৯ শতাংশ বিদ্যালয়তহোে এনে ব্যৱস্থা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু