--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড অতিমাৰীৰ সময়ত চৰকাৰৰ নিৰ্দেশনাত সমগ্ৰ দেশতে বিদ্যালয়সমূহত   অনলাইনত শিক্ষা পৰিচালনা কৰা হৈছিল। আশ্চৰ্যজনকভাৱে দেশৰ বেছিভাগ বিদ্যালয়তে সেই সময়ত ইণ্টাৰনেট সেৱাই নাছিল! এই কথা পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ২০২১-২২ শিক্ষাবৰ্ষত দেশৰ ৬৬ শতাংশ বিদ্যালয়ে ইণ্টাৰনেটৰ সুবিধা লাভ কৰা নাছিল। ৫৫.৫ শতাংশ  বিদ্যালয়ত কম্পিউটাৰেই  নাছিল। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জিলা-অনুসৰি শিক্ষাৰ বিষয়ত  এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনখনক  'শিক্ষাৰ বাবে একত্ৰিত জিলা তথ্য প্ৰণালী' (ইউআইডিএছই) বুলি কোৱা হৈছে। দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

 ইয়াত কোৱা হৈছে যে দেশৰ ১৪ লাখ ৮৯ হাজাৰ ১১৫ খন বিদ্যালয়ৰ ভিতৰত মাত্ৰ ৬ লাখ ৮২ হাজাৰ ৫৬৬ খন বিদ্যালয়ত কম্পিউটাৰ আছে। আৰু ইণ্টাৰনেট সেৱা উপলব্ধ বিদ্যালয়ৰ সংখ্যা  তাতকৈও কম, ৫ লাখ ৪ হাজাৰ ৯৮৯ খন ।

প্ৰতিবেদনখনত প্ৰকাশিত  অধিক উদ্বেগজনক কথা টো হ'ল যে ১২.৭ শতাংশ বিদ্যালয়ত পুথিভঁৰালেই  নাই। মাত্ৰ ২.২ শতাংশ বিদ্যালয়তহে ডিজিটেল পুথিভঁৰাল আছে। দেশৰ ১০.৬ শতাংশ বিদ্যালয়ত এতিয়াও বিদ্যুতৰ সুবিধা নাই। ২৩.০৪ শতাংশ বিদ্যালয়ত খেলপথাৰ নাই।

 মাত্ৰ ২৬.৯৬ শতাংশ বিদ্যালয়ত শিশুসকলৰ বাবে উপযুক্ত শৌচালয় আছে।যোৱা কেইবছৰমানত সমগ্ৰ দেশতে বিদ্যালয়সমূহত 'স্মাৰ্ট শ্ৰেণী'ৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱা আৰম্ভ হৈছে। ইয়াৰ অৰ্থ হৈছে যে চক-ডাষ্টাৰৰ পৰিৱৰ্তে শীততাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাত ডিজিটেল বোৰ্ড, কম্পিউটাৰ, প্ৰজেক্টৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব।  কিন্তু দেশৰ মাত্ৰ ১৪.৯ শতাংশ বিদ্যালয়তহোে এনে ব্যৱস্থা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক