--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুবছৰ ধৰি কোভিডে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ কোভিডে লোক এজনৰ স্বাস্থ্য, মনোজগত সকলোতে প্ৰভাৱ পেলাইছে৷ কেৱল সেয়াই নহয়, কোভিডত আক্ৰান্ত হোৱাৰ পিছত বহুতৰে যৌন আকাংক্ষা হ্ৰাস পোৱাৰ তথ্যও পোহৰলৈ আহিছে৷ যদিও ভাইৰাছবিধৰ সৈতে যৌন সম্পৰ্কৰ প্ৰত্যক্ষ সম্পৰ্ক নাই,তথাপি কোভিডে যৌন স্পৃহা আন ধৰণে বহু খিনি কমাই দিয়ে৷

কোভিডে বিভিন্ন লোকক বিভিন্ন  ধৰণে প্ৰভাৱান্বিত কৰিছে। মগজুৰ  ক্ৰিয়া কলাপত কোভিডে প্ৰভাৱ পেলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ভাগৰ লগা, গেষ্ট্ৰাইটিছ, চুলি সৰা, দীৰ্ঘদিনধৰি গোন্ধ নোপোৱা হোৱা  আৰু আনকি কামশক্তি হ্ৰাস পোৱা আদি কোভিডৰ পাৰ্শ্বক্ৰিয়া। বিভিন্ন অধ্যয়নত বিভিন্ন উপায়েৰে কৰোনা ভাইৰাছৰ সৈতে পুৰুষৰ টেষ্টোষ্টেৰনৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন চলোৱা হৈছে৷ এনে অধ্যয়নত মহিলাৰ যৌন আকাংক্ষা আৰু যৌন কাৰ্যকলাপ হ্ৰাসৰ কথাবোৰ চোৱা হৈছে।

 বিএমচি পাব্লিক হেল্থে প্ৰকাশ কৰা এক গৱেষণা প্ৰতিবেদনত এই সম্পৰ্কীয় একৈশটা  অধ্যয়ন অন্তৰ্ভুক্ত কৰা হৈছে। অধ্যয়নটোত মুঠতে ২৪৫৪ গৰাকী মহিলা আৰু ৩৭৬৫  জন পুৰুষৰ সামৰি লোৱা হৈছিল  হৈছিল। বিশ্লেষণত যৌন কাৰ্যকলাপ দুটা মানক আৰু নিৰ্ভৰযোগ্য সঁজুলিৰ জৰিয়তে মূল্যায়ন কৰা হৈছিল, যেনে "মহিলাৰ যৌন কাৰ্য সূচক" (এফএছএফআই) আৰু "ইৰেক্টাইল ফাংচন-৫ৰ আন্তৰ্জাতিক সূচক" (আইআইইএফ-৫)। অধ্যয়নটোত দেখা গৈছে যে কোভিডত আক্ৰান্ত হোৱাৰ ফলত বহুতৰে যৌন স্পৃহা কমি গৈছে৷ 

যৌন সক্ৰিয়তা, যাক লিবিডো বুলিও কোৱা হয়, হৈছে এজন ব্যক্তিৰ যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ আকাংক্ষাৰ বাবে ব্যৱহাৰ কৰা শব্দ। উচ্চ কামশক্তি হৈছে যৌন আকাংক্ষা বৃদ্ধিৰ উচ্চ হাৰ৷বহুতো কাৰক আছে যিয়ে এজন ব্যক্তিৰ যৌন সক্ৰিয়তাক প্ৰভাৱান্বিত কৰিব পাৰে। যদিও ভাইৰাছ আৰু যৌন সক্ৰিয়তাৰ মাজত কোনো পোনপটীয়া সম্পৰ্ক নাই, গৱেষকসকলে জানিব পাৰিছে যে কামশক্তি হ্ৰাস হোৱাটো  কোভিডৰ পাৰ্শ্বক্ৰিয়া বোৰৰ ভিতৰৰে এটা হ'ব পাৰে। উদ্বেগ, মানসিক চাপ কাৰকবোৰো মানুহৰ যৌন স্পৃহা  কম হোৱাৰ কাৰণ হ'ব পাৰে।

এই প্ৰসংগত ডাঃ ৰাধামনীয়ে" কোভিডৰ পিছত, মই বহু ৰোগীৰ পৰা  নিম্ন যৌন স্পৃহা আৰু কামশক্তিৰ সমস্যাৰ কথা জানিব পাৰিছো। যৌন স্বাস্থ্য লোক এজনৰ আন  শাৰীৰিক স্বাস্থ্যৰ দৰেই গুৰুত্বপূৰ্ণ আৰু ইয়াক গুৰুত্বসহকাৰে চোৱাচিতা কৰা উচিত। যৌন শক্তি  উন্নত কৰা খাদ্য খাবলৈ চেষ্টা কৰক, যাতে আপোনাৰ শৰীৰে খাদ্যৰ পৰাই সকলো পুষ্টি শোষণ কৰিবলৈ সক্ষম হয়" ।তেওঁ মগু, বুট,পুৰৈ শাক, ৰঙালাও, ডালিম আদি নিয়মিত খালে লিবিডো সুস্থিৰ অৱস্থাত ৰাখিব পাৰি বুলিও কয়৷









 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু