--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ আতংক শাম কটাৰ সময়তে দেশত ফেব্ৰুৱাৰী  মাহৰ পৰাই সমগ্ৰ দেশতে ভাইৰেল ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। জ্বৰ, চৰ্দি আৰু কাহত ভুগি থকা ৰোগীৰে ভৰি পৰিছে দেশৰ চিকিৎসালয়৷  উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ উপপ্ৰকাৰ এইচ৩এন২-ত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে৷  দৰাচলকে বহুতে হংকং ফ্লু বুলি কোৱা ভাইৰাছ  এইচ৩এন২ সংক্ৰমিত হোৱাৰ ক্ষমতা আন ভাইৰাছতকৈ বহু বেছি। 

এই ভাইৰাছে হাঁচি আৰু কাহৰ জৰিয়তে ৰোগীৰ শৰীৰৰ পৰা আন লোকৰ শৰীৰলৈ সহজে বিয়পিব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলত হোৱা ফ্লুক 'হংকং ফ্লু' বুলি কোৱা হয়। এই ফ্লুৰ বাবেই  ভাৰতত পুনৰ মহামাৰীৰ পৰিস্থিতি হ'ব পাৰে নেকি? চিকিৎসকসকলে কি কয়? এইচ৩এন২- অন্যান্য উপ-প্ৰকাৰতকৈ অধিক ক্ষতিকাৰক বুলি  আইচিএমআৰে দাবী কৰিছে। ডাঃ ধীৰেন গুপ্তাই কয়, "কোভিডৰ সময়ত, শিশুসকল দুবছৰ ধৰি গৃহবন্দী হৈ আছিল, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাইছিল। 

দুবছৰ পিছত যেতিয়া তেওঁলোক পুনৰ ওলাই আহিবলৈ আৰম্ভ কৰিছিল, ইনফ্লুৱেঞ্জাৰ আটাইতকৈ সংক্ৰামক  উপপ্ৰকাৰ  এইচ৩এন২-ৰ আক্ৰমণৰ ফলত বহু শিশুৰ  শাৰীৰিক অৱস্থাও সংকটজনক হৈ পৰিছে। চিকিৎসালয়ত শিশু ৰোগীৰ সংখ্যাও বাঢ়ি আহিছে। ইনফ্লুৱেঞ্জা ভাইৰাছৰ এই উপপ্ৰকাৰটো জীৱনৰ বাবে বিপজ্জনক নহয়। কিন্তু কোমৰ্বিডিটি বা আন ৰোগ থাকিলে  জীৱনৰ বাবে বিপজ্জনক হ'ব পাৰে। এইচ৩এন২ ৰ বিৰুদ্ধে টিকাকৰণৰ কাৰ্যকাৰিতা কম আৰু এই বছৰ টিকাকৰণৰ সংখ্যাও হ্ৰাস পাইছে। ''

এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰৰ উপৰি কাহ, নাকেৰে পানী ওলোৱা,  ডিঙিৰ বিষ আৰু মূৰৰ বিষ আদি লক্ষণে দেখা যায়। বহুক্ষেত্ৰত, ডায়েৰিয়া, বমি, গোটেই শৰীৰত বিষ আদিও হ’ব পাৰে৷ আন লক্ষণবোৰ ৩ দিনৰ ভিতৰত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, কাহ কমিবলৈ ১৫ দিনতকৈ অধিক সময় লাগে বুলি স্বাস্থ্য বিজ্ঞানীসকলে মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement