--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ আতংক শাম কটাৰ সময়তে দেশত ফেব্ৰুৱাৰী  মাহৰ পৰাই সমগ্ৰ দেশতে ভাইৰেল ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। জ্বৰ, চৰ্দি আৰু কাহত ভুগি থকা ৰোগীৰে ভৰি পৰিছে দেশৰ চিকিৎসালয়৷  উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ উপপ্ৰকাৰ এইচ৩এন২-ত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে৷  দৰাচলকে বহুতে হংকং ফ্লু বুলি কোৱা ভাইৰাছ  এইচ৩এন২ সংক্ৰমিত হোৱাৰ ক্ষমতা আন ভাইৰাছতকৈ বহু বেছি। 

এই ভাইৰাছে হাঁচি আৰু কাহৰ জৰিয়তে ৰোগীৰ শৰীৰৰ পৰা আন লোকৰ শৰীৰলৈ সহজে বিয়পিব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলত হোৱা ফ্লুক 'হংকং ফ্লু' বুলি কোৱা হয়। এই ফ্লুৰ বাবেই  ভাৰতত পুনৰ মহামাৰীৰ পৰিস্থিতি হ'ব পাৰে নেকি? চিকিৎসকসকলে কি কয়? এইচ৩এন২- অন্যান্য উপ-প্ৰকাৰতকৈ অধিক ক্ষতিকাৰক বুলি  আইচিএমআৰে দাবী কৰিছে। ডাঃ ধীৰেন গুপ্তাই কয়, "কোভিডৰ সময়ত, শিশুসকল দুবছৰ ধৰি গৃহবন্দী হৈ আছিল, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাইছিল। 

দুবছৰ পিছত যেতিয়া তেওঁলোক পুনৰ ওলাই আহিবলৈ আৰম্ভ কৰিছিল, ইনফ্লুৱেঞ্জাৰ আটাইতকৈ সংক্ৰামক  উপপ্ৰকাৰ  এইচ৩এন২-ৰ আক্ৰমণৰ ফলত বহু শিশুৰ  শাৰীৰিক অৱস্থাও সংকটজনক হৈ পৰিছে। চিকিৎসালয়ত শিশু ৰোগীৰ সংখ্যাও বাঢ়ি আহিছে। ইনফ্লুৱেঞ্জা ভাইৰাছৰ এই উপপ্ৰকাৰটো জীৱনৰ বাবে বিপজ্জনক নহয়। কিন্তু কোমৰ্বিডিটি বা আন ৰোগ থাকিলে  জীৱনৰ বাবে বিপজ্জনক হ'ব পাৰে। এইচ৩এন২ ৰ বিৰুদ্ধে টিকাকৰণৰ কাৰ্যকাৰিতা কম আৰু এই বছৰ টিকাকৰণৰ সংখ্যাও হ্ৰাস পাইছে। ''

এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰৰ উপৰি কাহ, নাকেৰে পানী ওলোৱা,  ডিঙিৰ বিষ আৰু মূৰৰ বিষ আদি লক্ষণে দেখা যায়। বহুক্ষেত্ৰত, ডায়েৰিয়া, বমি, গোটেই শৰীৰত বিষ আদিও হ’ব পাৰে৷ আন লক্ষণবোৰ ৩ দিনৰ ভিতৰত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, কাহ কমিবলৈ ১৫ দিনতকৈ অধিক সময় লাগে বুলি স্বাস্থ্য বিজ্ঞানীসকলে মন্তব্য কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু