--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহৰ আপত্তি জনাইছে মোদী চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামা দিছে।

শপতনামাখনত সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কোৱা হৈছে যে অসমলিংগ বিবাহ আৰু সমলিংগ বিবাহৰ মাজত স্পষ্ট বিভাজন আছে। গতিকে দুয়োটাকে একে ধৰণে চাব নালাগে। লগতে কোৱা হৈছে যে সমলিংগ সম্পৰ্কক স্বীকৃতি দিয়াৰ অৰ্থ সমলিংগ বিবাহক স্বীকৃতি দিয়া নহয়।

একে সময়তে মোডী চৰকাৰে অসমলিংগ বিবাহৰ ‘সামাজিক মূল্য’ আছে বুলি দাবী কৰিছে। শপতনামাত লগতে দাবী কৰা হৈছে সমলিংগ বিবাহৰ কোনো সামাজিক মূল্য নাই।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে সমলিংগ সম্পৰ্কক  বৈধ ঘোষণা কৰিছে। যদিও উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত দেশত সমলিংগ সম্পৰ্ক এতিয়া ‘অবৈধ’ নহয়, তথাপিও দেশত সমলিংগ বিবাহৰ আইনী স্বীকৃতি নাই।

সোমবাৰে এই গোচৰত দুয়োপক্ষৰ বক্তব্য শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। তাৰ মাত্ৰ এদিন পূৰ্বে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল। দেশৰ বিভিন্ন আদালতত সমলিংগ বিবাহক আইনী স্বীকৃতি বিচাৰি কেইবাখনো আৱেদন দাখিল কৰা হয়।

৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে আনুষংগিক সকলো গোচৰ একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। একে সময়তে তেওঁলোকে সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰিব। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ কথা।

৬ জানুৱাৰীত আদালতে আবেদনকাৰীৰ অধিবক্তা অৰুন্ধতী কাটজু আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক সকলো তথ্য, নথি-পত্ৰ, শপতনামাৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল। আদালতে লগতে কয় যে দুয়োপক্ষই তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত প্ৰদান কৰা তথ্যসমূহ এখন কিতাপত সংকলিত কৰা হ’ব আৰু আদালতৰ লগতে গোচৰটোৰ সৈতে জড়িত সকলো পক্ষৰ বাবে উপলব্ধ হ’ব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি এই গোচৰটো ১৩ মাৰ্চ (সোমবাৰ)ৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু