--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহৰ আপত্তি জনাইছে মোদী চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামা দিছে।

শপতনামাখনত সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কোৱা হৈছে যে অসমলিংগ বিবাহ আৰু সমলিংগ বিবাহৰ মাজত স্পষ্ট বিভাজন আছে। গতিকে দুয়োটাকে একে ধৰণে চাব নালাগে। লগতে কোৱা হৈছে যে সমলিংগ সম্পৰ্কক স্বীকৃতি দিয়াৰ অৰ্থ সমলিংগ বিবাহক স্বীকৃতি দিয়া নহয়।

একে সময়তে মোডী চৰকাৰে অসমলিংগ বিবাহৰ ‘সামাজিক মূল্য’ আছে বুলি দাবী কৰিছে। শপতনামাত লগতে দাবী কৰা হৈছে সমলিংগ বিবাহৰ কোনো সামাজিক মূল্য নাই।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে সমলিংগ সম্পৰ্কক  বৈধ ঘোষণা কৰিছে। যদিও উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত দেশত সমলিংগ সম্পৰ্ক এতিয়া ‘অবৈধ’ নহয়, তথাপিও দেশত সমলিংগ বিবাহৰ আইনী স্বীকৃতি নাই।

সোমবাৰে এই গোচৰত দুয়োপক্ষৰ বক্তব্য শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। তাৰ মাত্ৰ এদিন পূৰ্বে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল। দেশৰ বিভিন্ন আদালতত সমলিংগ বিবাহক আইনী স্বীকৃতি বিচাৰি কেইবাখনো আৱেদন দাখিল কৰা হয়।

৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে আনুষংগিক সকলো গোচৰ একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। একে সময়তে তেওঁলোকে সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰিব। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ কথা।

৬ জানুৱাৰীত আদালতে আবেদনকাৰীৰ অধিবক্তা অৰুন্ধতী কাটজু আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক সকলো তথ্য, নথি-পত্ৰ, শপতনামাৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল। আদালতে লগতে কয় যে দুয়োপক্ষই তেওঁলোকৰ বক্তব্যৰ সমৰ্থনত প্ৰদান কৰা তথ্যসমূহ এখন কিতাপত সংকলিত কৰা হ’ব আৰু আদালতৰ লগতে গোচৰটোৰ সৈতে জড়িত সকলো পক্ষৰ বাবে উপলব্ধ হ’ব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি এই গোচৰটো ১৩ মাৰ্চ (সোমবাৰ)ৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই