--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ষুধাতুৰ কৃষকৰ জয় হ’ল৷ বাতিল হ’ল বিতৰ্কিত তিনিওখন কৃষি আইন৷ কৃষকৰ ওচৰত হেওঁ মানি মোদী চৰকাৰেও কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল৷ প্ৰায় ডেৰ বছৰজোৰা আন্দোলনৰ সফল সমাপ্তি ঘটিল৷ কিন্তু এই আন্দোলনৰ নেপথ্যত আছিল আছিল আন বহুতো মানুহ, যি সকল আন্দোলনৰ লগত প্ৰত্যেক্ষভাৱে জড়িত হৈ পৰিছিল৷

দিল্লীৰ কৃষক আন্দোলনৰ নেতৃত্বত অসমৰ কেইজনমান প্ৰতিবাদী সত্বাও অংশগ্ৰহণ কৰিছিল৷ কিন্তু সেই লোক সকলৰ নাম অসমৰ সংবাদ মাধ্যমত আশানুৰূপ ধৰণে প্ৰচাৰ নাপালে৷ দিল্লীৰ কৃষক আন্দোলনত ভাগ লৈ অসমৰ কৃষকে আনকি জেল পৰ্যন্ত খাটিবলগীয়া হৈছিল, সেই কথাও সংবাদ মাধ্যমত প্ৰচাৰ নহল৷ দিল্লীৰ কৃষক আন্দোলনত অসমৰ হৈ ৫০ জনৰো অধিক লোকে দিল্লীত গৈ আন্দোলনত ভাগ লৈছিল আৰু তেওঁলোকৰ নেতৃত্ব বহন কৰিছিল ক্ৰমে- জয়ন্ত গগৈ, দীনেশ দাস, গজেন বৰ্মন, ছান মামুদ আৰু গোবিন্দ সি্নহাই৷

তেওঁলোক আটাইয়ে ‘নিখিল ভাৰত কৃষক সংগ্ৰাম সংঘ সমন্বয়ৰক্ষী সমিতি’ৰ সদস্য আছিল৷ নতুন দিল্লীৰ সিংঘু সীমাৰ টেক্টৰ ৰেলীত অসমৰ মুঠ ১৪ জন কৃষকে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ নেতৃত্ব বহন কৰিছিল গহপুৰৰ কৃষক জয়ন্ত গগৈয়ে৷ আন্দোলন সামৰি যেতিয়া তেওঁলোক অসমলৈ উভতি আহিছিল তেতিয়া তেওঁলোকক বৰঝাৰ বিমান বন্দৰত কোভিড বিধিৰ ভংগ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকে ১৫ দিন কাৰাবাস খাটিব লগা হৈছিল৷

কৃষি আইন বাতিল হোৱাৰ পাছত বৰ্তমান আটাইকেইজন কৃষক নেতা সন্তুষ্ট৷ কৃষক নেতা জয়ন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত ক’য় যে ‘অৱশেষত কৃষকৰ জয় হল৷ মোদী চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰা বাবেই শত্ৰুৰ দৰে ব্যৱহাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷ অৱশেষত প্ৰধানমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰি আইন বাতিল কৰা কথা ঘোষণা কৰাত আদৰণি জনাইছো৷’ আনহাতে, ক’লা আইন বাতিলৰ দাবীত সিংঘু সীমান্তত অনুষ্ঠিত প্ততিবাদী সভাত বিজনীৰ কৃষক গজেন বৰ্মণেও অংশগ্ৰহণ কৰিছিল৷ বৰপেটাৰ কলগাছিয়াৰ কৃষক ছান মামুদেও নিখিল ভাৰত কৃষক সভাৰ বেনাৰত কৃষক আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ গোলাঘাটৰ সৰুপথাৰৰ কৃষক গোবিন্দ সিন্হাই ৪৮ জন কৃষকক লৈ উত্তৰ প্ৰদেশৰ মহা পঞ্চায়তত অংশগ্ৰহণ কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন