--°C
Loading...
Listen to Article
2 min read
80%

কৃষকসকল আমাৰ দেশৰ প্ৰাণ। তেওঁলোক আমাৰ অন্নদাতা। বহু যুৱক-যুৱতীয়ে বৰ্তমান সময়ত কৃষিকৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো উপাৰ্জনৰ পথ দেখুৱাইছে। বহু যুৱক-যুৱতীয়ে কিন্তু নিজৰ পথাৰ এৰি, খেতি-খোলা এৰি এটা সাধাৰণ চাকৰিৰ সন্ধানত চহৰলৈ ঢাপলি মেলে। আপোনালোকক জনাবলৈ লৈছো দুজন যুৱকৰ বিষয়ে যিয়ে অভিযন্তাৰ চাকৰি এৰি থৈ আহি কৃষক ৰূপে সুপৰিচিত হৈ পৰিছে। চহৰত অভিযন্তাৰ পোচাক খুলি থৈ আহি গাঁৱত তেওঁলোকে পিন্ধি ল'লে কৃষকৰ সাজ। যুৱক দুজনৰ নাম অমৰেন্দ্ৰ প্ৰতাপ সিং আৰু প্ৰেম প্ৰকাশ সিং। দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ বস্তিত।

পপি ফুলৰ খেতি কৰি অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে দেখুৱাইছে সাফল্যৰ অন্যতম নিৰ্দশন। দুয়োৱে পপি খেতি আৰম্ভ কৰিবলৈ লক্ষ্ণৌত ৬ দিনীয়া প্ৰশিক্ষণ লয়। তিনি একৰ পথাৰত অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে খেতি কৰা আৰম্ভ কৰে। দুয়ো তেওঁলোকৰ চুবুৰীয়া কৃষকসকলৰ পৰা মাটিৰ লীজ লৈছিল আৰু ১৫০ একৰ মাটি খেতি কৰিছিল।কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়ৰে আৰম্ভ কৰা এই খেতিয়ে কম দিনৰ ভিতৰতে মাৰিলে সাফল্যৰ ফুলাম হাঁহি। তেওঁলোকৰ খেতিৰে পপি ফুলৰ পৰা উৎপাদন কৰা সুগন্ধি তেল ডাবৰ, বৈদ্যনাথ আদিৰ দৰে আগশাৰীৰ কোম্পানীক যোগান ধৰা হয়। ইয়াৰ মূল্য প্ৰতি লিটাৰত ১৪,০০০ টকাৰ পৰা ১৫,০০০ টকা।

কোভিড-১৯ৰ আগতে এই তেল প্ৰতি লিটাৰত ২৫ৰ পৰা ৩০ হাজাৰ টকাত বিক্ৰী হৈছিল। অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে আন বহুতকে এই কৃষিকৰ্মত জড়িত কৰি অৰ্থনৈতিকভাবে শক্তিশালী কৰি তুলিছে। তেওঁলোকে এই পপি খেতিৰ দ্বাৰা বছৰি উপাৰ্জন কৰে প্ৰায় ২ কোটি টকা।উল্লেখ্য যে আন্তৰ্জাতিক বজাৰত পপি তেলৰ চাহিদা যথেষ্ট বেছি। বৰ্তমান সময়ত অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশ সকলোৰে আদৰ্শ হৈ পৰিছে। যিয়ে উচ্চ দৰমহা প্ৰাপ্ত চাকৰি এৰি থৈ আহি কৃষক হিচাপে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী কৰি তুলিছে। অমৰেন্দ্ৰ প্ৰতাপ সিং আৰু প্ৰেম প্ৰকাশ সিঙক বহুতেই প্ৰেৰণাৰ উৎস হিচাপে লৈ আৰু 'পথাৰ আমাৰ..বজাৰ আমাৰ' এই লক্ষ্য আগত লৈ অনেক যুৱক-যুৱতী আগুৱাই আহিছে খেতিৰ জৰিয়তে নিজৰ এক সুপৰিচিতি গঢ়ি তোলাৰ মানসেৰে….।

-কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন