--°C
Loading...
Listen to Article
2 min read
80%

কৃষকসকল আমাৰ দেশৰ প্ৰাণ। তেওঁলোক আমাৰ অন্নদাতা। বহু যুৱক-যুৱতীয়ে বৰ্তমান সময়ত কৃষিকৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো উপাৰ্জনৰ পথ দেখুৱাইছে। বহু যুৱক-যুৱতীয়ে কিন্তু নিজৰ পথাৰ এৰি, খেতি-খোলা এৰি এটা সাধাৰণ চাকৰিৰ সন্ধানত চহৰলৈ ঢাপলি মেলে। আপোনালোকক জনাবলৈ লৈছো দুজন যুৱকৰ বিষয়ে যিয়ে অভিযন্তাৰ চাকৰি এৰি থৈ আহি কৃষক ৰূপে সুপৰিচিত হৈ পৰিছে। চহৰত অভিযন্তাৰ পোচাক খুলি থৈ আহি গাঁৱত তেওঁলোকে পিন্ধি ল'লে কৃষকৰ সাজ। যুৱক দুজনৰ নাম অমৰেন্দ্ৰ প্ৰতাপ সিং আৰু প্ৰেম প্ৰকাশ সিং। দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ বস্তিত।

পপি ফুলৰ খেতি কৰি অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে দেখুৱাইছে সাফল্যৰ অন্যতম নিৰ্দশন। দুয়োৱে পপি খেতি আৰম্ভ কৰিবলৈ লক্ষ্ণৌত ৬ দিনীয়া প্ৰশিক্ষণ লয়। তিনি একৰ পথাৰত অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে খেতি কৰা আৰম্ভ কৰে। দুয়ো তেওঁলোকৰ চুবুৰীয়া কৃষকসকলৰ পৰা মাটিৰ লীজ লৈছিল আৰু ১৫০ একৰ মাটি খেতি কৰিছিল।কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়ৰে আৰম্ভ কৰা এই খেতিয়ে কম দিনৰ ভিতৰতে মাৰিলে সাফল্যৰ ফুলাম হাঁহি। তেওঁলোকৰ খেতিৰে পপি ফুলৰ পৰা উৎপাদন কৰা সুগন্ধি তেল ডাবৰ, বৈদ্যনাথ আদিৰ দৰে আগশাৰীৰ কোম্পানীক যোগান ধৰা হয়। ইয়াৰ মূল্য প্ৰতি লিটাৰত ১৪,০০০ টকাৰ পৰা ১৫,০০০ টকা।

কোভিড-১৯ৰ আগতে এই তেল প্ৰতি লিটাৰত ২৫ৰ পৰা ৩০ হাজাৰ টকাত বিক্ৰী হৈছিল। অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশে আন বহুতকে এই কৃষিকৰ্মত জড়িত কৰি অৰ্থনৈতিকভাবে শক্তিশালী কৰি তুলিছে। তেওঁলোকে এই পপি খেতিৰ দ্বাৰা বছৰি উপাৰ্জন কৰে প্ৰায় ২ কোটি টকা।উল্লেখ্য যে আন্তৰ্জাতিক বজাৰত পপি তেলৰ চাহিদা যথেষ্ট বেছি। বৰ্তমান সময়ত অমৰেন্দ্ৰ আৰু প্ৰেম প্ৰকাশ সকলোৰে আদৰ্শ হৈ পৰিছে। যিয়ে উচ্চ দৰমহা প্ৰাপ্ত চাকৰি এৰি থৈ আহি কৃষক হিচাপে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী কৰি তুলিছে। অমৰেন্দ্ৰ প্ৰতাপ সিং আৰু প্ৰেম প্ৰকাশ সিঙক বহুতেই প্ৰেৰণাৰ উৎস হিচাপে লৈ আৰু 'পথাৰ আমাৰ..বজাৰ আমাৰ' এই লক্ষ্য আগত লৈ অনেক যুৱক-যুৱতী আগুৱাই আহিছে খেতিৰ জৰিয়তে নিজৰ এক সুপৰিচিতি গঢ়ি তোলাৰ মানসেৰে….।

-কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ