--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ঘূৰি আহিছে পাইলট ৰাজ! দীঘলীয়া সময় ধৰি চৰকাৰ তথা দলীয় মঞ্চতো প্ৰায় এলাগী হৈ ৰোৱাৰ পাছত এতিয়া পুনৰ যেন শচীন পাইলটৰ মুখৰ হাঁহি ঘূৰি আহিবলৈ ধৰিছে। মুখ্যমন্ত্ৰী অশোক গেহলটেৰে সংঘাতৰ পৰিণতিত উপ-মুখ্যমন্ত্ৰীৰ পদ আৰু ৰাজস্থান কংগ্ৰেছৰ মুৰব্বীৰ পদো হেৰুৱাবলগীয়া হোৱা পাইলটৰ বিজেপি গমনক লৈও ব্যাপক চৰ্চা চলিছিল। কংগ্ৰেছৰ এই পোষ্টাৰ বয়ৰ প্ৰতি গান্ধী পৰিয়ালৰ সুদৃষ্টিৰ বাবেই এতিয়াও অপ্ৰাসংগিক হৈ পৰা নাই শচীন পাইলট। তাৰ পৰিৱৰ্তে এতিয়া দল তথা চৰকাৰত তেওঁৰ খোপনি অধিক দৃঢ় হোৱাৰ সম্ভাৱনা দেখা গৈছে।

ৰাজস্থান চৰকাৰৰ কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ হোৱাৰ দিশে আগবাঢ়িছে। এই সম্প্ৰসাৰণৰ জৰিয়তে ভালেকেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হ’ব কেবিনেটত। মুখ্যমন্ত্ৰী গেহলটৰ এই পদক্ষেপক লৈ লক্ষ্যণীয়ভাৱে সন্তুষ্টি ব্যক্ত কৰিছে শচীন পাইলটে। দেওবাৰে এই সম্পৰ্কত মন্তব্য কৰি পাইলটে কয়, দলৰ শীৰ্ষ পৰ্যায়ত হোৱা আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াক লৈ তেওঁ সন্তুষ্ট। তেওঁ ইমান দিনে উত্থাপন কৰি অহা সমস্যাবোৰক দলৰ হাইকমাণ্ডে গুৰুত্বসহকাৰে লোৱা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, ‘দলৰ হাইকমাণ্ড আৰু শীৰ্ষ নেতৃত্বই আলোচনাৰ পাছত লোৱা পদক্ষেপে সমগ্ৰ ৰাজ্যৰ বাবেই এটা ইতিবাচৰ বাৰ্তা প্ৰেৰণ কৰিব। আমি ভালেমান বিষয় সন্দৰ্ভত বহুবাৰ মাত মাতিছিলোঁ। মই সুখী যে, দলৰ হাইকমাণ্ড আৰু ৰাজ্য চৰকাৰে এই বিষয়বোৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে।’

আৰু পঢ়কঃ চতুৰ্থ বাৰলৈ বিয়াত বহিব ৫২ বছৰীয়া জেনিফাৰ লোপেজ; দৰা হ’ব ‘বেটমেন’

সংবাদ মাধ্যমৰ আগত পাইলটে এনে উচ্ছ্বসিত মন্তব্য কৰাৰ কাৰণ হৈছে যে, এইবাৰ মন্ত্ৰীসভাত তেওঁৰ শিবিৰৰ পাঁচজনকৈ বিধায়কক অন্তৰ্ভুক্ত কৰা হৈছে। পাইলট শিবিৰৰ হেমৰাম চৌধুৰী, বিশ্বেন্দ্ৰ সিং, মুৰুলী লাল মীনা, ৰমেশ মীনা, আৰু ব্ৰিজেন্দ্ৰ ওলাক অন্তৰ্ভুক্ত কৰা হৈছে নতুন মন্ত্ৰীৰ তালিকাত। বিভিন্ন বিশেষজ্ঞৰ মতে পঞ্জাবৰ দৰে পৰিস্থিতিক এৰাই চলিবৰ বাবেই এনে সাৱধানী পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছে। পঞ্জাবত প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু পঞ্জাব কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ মাজৰ মতবিৰোধে দলটোক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শলঠেকত পেলোৱাৰ উপক্ৰম ঘটাইছিল।

কোনোমতে জোৰা-তাপলি মাৰি পঞ্জাব কংগ্ৰেছৰ গাড়ী চলিছে যদিও বিৰোধী দলসমূহে দলটোৰ অভ্যন্তৰৰ এই বিপত্তি নিশ্চয় নেদেখাকৈ থকা নাই। দেশৰ অতি কমসংখ্যক কংগ্ৰেছশাসিত ৰাজ্যৰ ভিতৰত পঞ্জাব আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ গুৰুত্ব কি সেয়া কংগ্ৰেছে নজনা নহয়। সেয়েহে ৰাজস্থানত এই সমিলমিল দলটোৰ শীৰ্ষ নেতৃত্বৰ এক সুচিন্তিত পদক্ষেপেই বুলিব পাৰি। তদুপৰি গান্ধী ফেক্টৰেও নিসন্দেহে পাইলটৰ শুভ দিন ঘূৰাই অনাত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?