--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কৃষকসকল দেশৰ জীৱনৰেখা, তেওঁলোকক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি। দেশৰ ‘সেউজ বিপ্লৱ’ৰ পিতৃ প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথনে এনেদৰে মন্তব্য কৰে।

কৃষকৰ প্ৰতিবাদত হাৰিয়ানা চৰকাৰে লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ গুলীচালনাৰ প্ৰতিক্ৰিয়া জনাই মধুৰাই মঙলবাৰে কয় যে কৃষকে দেশবাসীক খাদ্য যোগান ধৰে। গতিকে মধুৰাই উল্লেখ কৰিলে যে তেওঁলোকক কোনো ধৰণে অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি।

উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামীনাথনক ‘ভাৰত ৰত্ন’ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে। উদযাপনৰ বাবে দিল্লীৰ পুছাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আই এ আৰ আই)ৰ উদ্যোগত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়। তাত যোগদান কৰি মাধুৰাই কয় যে তেওঁৰ পিতৃ এজন কৃষি বিশেষজ্ঞক সন্মান জনোৱাৰ বাবে তেওঁৰ লগত দেশৰ কৃষকসকলেও যাব লাগে।

মধুৰাৰ ভাষাত "পঞ্জাৱৰ খেতিয়কসকলে আজি দিল্লী অভিমুখে পদযাত্ৰা কৰিছে। সংবাদ মাধ্যমৰ বাতৰিত দেখিছোঁ, হাৰিয়ানাত কৃষকৰ বাবে জেল নিৰ্মাণ কৰি বেৰিকেড লগোৱা হৈছে। কৃষকসকলক বাধা দিয়াৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত আছে। মনত ৰখা উচিত যে এইসকল কৃষক, অপৰাধী নহয়।’’

মধুৰাই আৰু লগতে কয়, ‘আমি ভাৰতৰ আগশাৰীৰ বিজ্ঞানীসকলক অনুৰোধ কৰিছো যে আমাৰ খাদ্য দাতাৰ সৈতে কথা পাতিবলৈ। আমি তেওঁলোকক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰো। আমি ইয়াৰ সমাধান বিচাৰিব লাগিব। মই ভাবো যদি এম এছ স্বামীনাথনক সন্মান জনাই ভৱিষ্যতে আগবাঢ়ি যাব লাগে তেন্তে আমি কৃষকৰ লগত যাব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ