--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কৃষকসকল দেশৰ জীৱনৰেখা, তেওঁলোকক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি। দেশৰ ‘সেউজ বিপ্লৱ’ৰ পিতৃ প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথনে এনেদৰে মন্তব্য কৰে।

কৃষকৰ প্ৰতিবাদত হাৰিয়ানা চৰকাৰে লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ গুলীচালনাৰ প্ৰতিক্ৰিয়া জনাই মধুৰাই মঙলবাৰে কয় যে কৃষকে দেশবাসীক খাদ্য যোগান ধৰে। গতিকে মধুৰাই উল্লেখ কৰিলে যে তেওঁলোকক কোনো ধৰণে অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি।

উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামীনাথনক ‘ভাৰত ৰত্ন’ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে। উদযাপনৰ বাবে দিল্লীৰ পুছাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আই এ আৰ আই)ৰ উদ্যোগত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়। তাত যোগদান কৰি মাধুৰাই কয় যে তেওঁৰ পিতৃ এজন কৃষি বিশেষজ্ঞক সন্মান জনোৱাৰ বাবে তেওঁৰ লগত দেশৰ কৃষকসকলেও যাব লাগে।

মধুৰাৰ ভাষাত "পঞ্জাৱৰ খেতিয়কসকলে আজি দিল্লী অভিমুখে পদযাত্ৰা কৰিছে। সংবাদ মাধ্যমৰ বাতৰিত দেখিছোঁ, হাৰিয়ানাত কৃষকৰ বাবে জেল নিৰ্মাণ কৰি বেৰিকেড লগোৱা হৈছে। কৃষকসকলক বাধা দিয়াৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত আছে। মনত ৰখা উচিত যে এইসকল কৃষক, অপৰাধী নহয়।’’

মধুৰাই আৰু লগতে কয়, ‘আমি ভাৰতৰ আগশাৰীৰ বিজ্ঞানীসকলক অনুৰোধ কৰিছো যে আমাৰ খাদ্য দাতাৰ সৈতে কথা পাতিবলৈ। আমি তেওঁলোকক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰো। আমি ইয়াৰ সমাধান বিচাৰিব লাগিব। মই ভাবো যদি এম এছ স্বামীনাথনক সন্মান জনাই ভৱিষ্যতে আগবাঢ়ি যাব লাগে তেন্তে আমি কৃষকৰ লগত যাব লাগিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু