--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত নপৰিবই নেকি কৃষকৰ মৰ্মন্তুদ দুৰ্দশাৰ? কৃষক বিদ্ৰোহৰ স্ফুলিংগই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশত৷ পঞ্জাবৰ শম্ভু সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ মাজতে এজন বৰ্ষীয়ান কৃষকে অতি কৰুণভাৱে প্ৰাণ হেৰুৱালে। হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱতি নিশা তেওঁৰ মৃত্যু হয়। মৃত কৃষকজনক ৭৮ বছৰীয়া জ্ঞান সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ পঞ্জাবৰ গুৰদাসপুৰৰ বাসিন্দা আছিল। 

এইটো খবৰ পোৱা গৈছিল যে প্ৰতিবাদৰ সময়ত নিশা তেওঁৰ যথেষ্ট ঠাণ্ডা লাগিছিল, যাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি জ্ঞান সিঙক পুৱা ৪ বজাত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ৰ পৰা তেওঁক পাটিয়ালাৰ চৰকাৰী ৰজিন্দ্ৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। তাত তেওঁ জৰুৰীকালীন ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল। চিকিৎসকসকলে তেওঁৰ জীৱন বচাবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও ডেৰ ঘণ্টা ধৰি চলা চিকিৎসাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। পঞ্জাব-হাৰিয়ানা সীমান্তত চলি থকা কৃষকসকলৰ প্ৰতিবাদত এজন কৃষকৰ এয়া প্ৰথম মৃত্যু। 

চিকিৎসালয়ৰ এজন চিকিৎসকে কৈছিল যে কৃষকজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। যেতিয়া তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল, তেওঁৰ অৱস্থা অতি সংকটজনক আছিল। পুৱা ৬ বজাত তেওঁৰ মৃত্যু হয়।

পাটিয়ালাৰ উপায়ুক্ত শৌকত আহমেদ প্ৰাৰেয়েও কৃষকজনৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁ কয় যে চিকিৎকৰ তথ্য অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ কৃষকজনৰ মৃত্যু হয়। সিং কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সদস্য আছিল, যি কিষাণ মজদুৰ মৰ্চাৰ এটা গোট আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক