--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজি চলি আছে বিহাৰত। বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ৰাহুল গান্ধীৰ সৈতে একেখন বাহনতে যাত্ৰা কৰা দেখা গৈছে৷ তেজস্বী আৰু ৰাহুলে একেখন মঞ্চ ভাগ-বটোৱাৰা কৰিছে৷ 

একেদিনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক লৈ কৰিছে বৃহৎ মন্তব্য৷ যেতিয়া লালু যাদৱক সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধী দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব নেকি? তাৎক্ষণিক উত্তৰ দি আৰজেডিৰ মুৰব্বীগৰাকীয়ে কৈছিল যে ৰাহুল গান্ধীৰ সম্ভাৱনাত কোনো ত্ৰুটি নাই।

পাটনাত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত লালু যাদৱে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব নে নহয় সেয়া স্পষ্ট কৰা নাছিল, কিন্তু নিশ্চিতভাৱে কৈছিল যে ৰাহুল গান্ধীত কোনো ত্ৰুটি নাই, কোনো অভাৱ নাই। 

ইয়াৰ পূৰ্বে ২০২৩ৰ জুনত ‘ইণ্ডিয়া’ এলায়েন্সৰ বৈঠকত লালু যাদৱে ৰাহুল গান্ধীক বিবাহপাশত আৱদ্ধ হ’বলৈ পৰামৰ্শ দিছিল।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিহাৰৰ চাচাৰামত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিছিল। বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱেও যাত্ৰাত যোগদান কৰিছিল। তেজস্বীয়ে ৰাহুল গান্ধীকো একেখন গাড়ীতে লৈ গৈছিল। 

তেজস্বী যাদৱে কয়, আজি ৰাহুল গান্ধী আহিছে, আমি তেওঁক স্বাগত জনাইছোঁ। তেওঁলোকে দেশখন ঘূৰি ফুৰি দেশখনক একত্ৰিত কৰাৰ বাবে কাম কৰি আছে, এইটো অতি গুৰুত্বপূৰ্ণ। আমি আগতে কৈছিলো যে প্ৰধানমন্ত্ৰী মোদী মিছা কোৱাৰ এটা কাৰখানা, তেওঁ এজন পাইকাৰী বিক্ৰেতা, উৎপাদক আৰু মিছাকথাৰ বিতৰক। 

তেজস্বীয়ে নীতিশ কুমাৰক সমালোচনা কৰি কয় যে আমাৰ মুখ্যমন্ত্ৰী কেনে আছে আপোনালোক সকলোৱে ভালদৰে জানে, তেওঁ কাৰো কথা শুনিব নিবিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক