--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱশ্ৰেষ্ঠ মানু৷ এইখন জগতত মানুহতকৈ শ্ৰেষ্ঠ আন একোৱেই নাই৷ কিন্তু আমি সঁচাকৈয়ে জীৱশ্ৰেষ্ঠৰ শাৰীত পৰো নে? বহুসময়ত জীৱশ্ৰেষ্ঠ মানুহেই দানৱৰূপী কাণ্ড সংঘটিত কৰে৷ মধ্য প্ৰদেশৰ গোৱালিয়ৰ জিলাত সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড৷

খবৰ অনুসৰি, ১০ দিনৰ পূৰ্বে, এজন কুৱেৰী চিকিৎসকৰ পুত্ৰক এই বাটৰুৱা কুকুৰে কামুৰিছিল, আঘাতটো অত্যধিক গুৰুতৰো নাছিল। কুকুৰটোৱে তেওঁলোকৰ পুত্ৰক কামোৰাত দেউতাকৰ প্ৰচণ্ড খং উঠিছিল। তাৰ পাছতে তেওঁ দিন-ৰাতি একাকাৰ কৰি কুকুৰটো বিচাৰি আছিল। ঘটনাটোৰ পিছদিনা, তেওঁ এই বাটৰুৱা কুকুৰটো গাঁওখনৰে এখন চৰকাৰী বিদ্যালয়ৰ পিছফালে বিছাৰি পাইছিল। ইয়াৰ পাছতে লোকজনে খঙত অগ্নিশৰ্মা হৈ বাটৰুৱা কুকুৰটোক এখন ঘন জংঘললৈ নি চোকা অস্ত্ৰৰে টুকুৰা-টুকুৰ কৰি কাটে, কুকুৰটোৱে সেই সময়ত মৃত্যু যন্ত্ৰণাত ছট-ফটাই কেকাই-কেকাই চিঞৰা থকাৰ পাছতো কেৱল আঘাতেই কৰি গ’ল৷

মানুহজনে কুকুৰটোক বাৰে বাৰে ৰডৰে প্ৰহাৰ কৰি আৰু তাৰ পাছত চুৰিৰে ভৰি কাটি পেলায়৷ কুকুৰটোক এনে নিৰ্মমভাৱে হত্যা কৰা সংগ্ৰহ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে সকলো লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এই কাণ্ডক সকলো লোকে একেমুখে গৰিহণা দিয়াৰ লগতে লোকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলি বহুতে কৈছে৷

ইতিমধ্যে জিলাখনৰ আৰক্ষী অধীক্ষকে এই সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে৷ ইতিমধ্যে আৰক্ষীয়ে মৃত কুকুৰটোৰ মৃতদেহ চমজি লৈছে৷ এই নিকৃষ্ট ঘটনাটোৰ লগত জড়িত মূল লোকজন পেছাত এজন চিকিৎসক৷ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পশু অধিকাৰ সংগঠনবোৰে চিকিৎসকজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ আৰক্ষীৰ কাষ চাপিছে। এই নিন্দনীয় ঘটনাটোৰ পাছত সকলোৰে মাজত প্ৰশ্ন হৈছে আমি সচাকৈয়ে জীৱশ্ৰেষ্ঠৰ শাৰীত পৰোনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি