--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱশ্ৰেষ্ঠ মানু৷ এইখন জগতত মানুহতকৈ শ্ৰেষ্ঠ আন একোৱেই নাই৷ কিন্তু আমি সঁচাকৈয়ে জীৱশ্ৰেষ্ঠৰ শাৰীত পৰো নে? বহুসময়ত জীৱশ্ৰেষ্ঠ মানুহেই দানৱৰূপী কাণ্ড সংঘটিত কৰে৷ মধ্য প্ৰদেশৰ গোৱালিয়ৰ জিলাত সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড৷

খবৰ অনুসৰি, ১০ দিনৰ পূৰ্বে, এজন কুৱেৰী চিকিৎসকৰ পুত্ৰক এই বাটৰুৱা কুকুৰে কামুৰিছিল, আঘাতটো অত্যধিক গুৰুতৰো নাছিল। কুকুৰটোৱে তেওঁলোকৰ পুত্ৰক কামোৰাত দেউতাকৰ প্ৰচণ্ড খং উঠিছিল। তাৰ পাছতে তেওঁ দিন-ৰাতি একাকাৰ কৰি কুকুৰটো বিচাৰি আছিল। ঘটনাটোৰ পিছদিনা, তেওঁ এই বাটৰুৱা কুকুৰটো গাঁওখনৰে এখন চৰকাৰী বিদ্যালয়ৰ পিছফালে বিছাৰি পাইছিল। ইয়াৰ পাছতে লোকজনে খঙত অগ্নিশৰ্মা হৈ বাটৰুৱা কুকুৰটোক এখন ঘন জংঘললৈ নি চোকা অস্ত্ৰৰে টুকুৰা-টুকুৰ কৰি কাটে, কুকুৰটোৱে সেই সময়ত মৃত্যু যন্ত্ৰণাত ছট-ফটাই কেকাই-কেকাই চিঞৰা থকাৰ পাছতো কেৱল আঘাতেই কৰি গ’ল৷

মানুহজনে কুকুৰটোক বাৰে বাৰে ৰডৰে প্ৰহাৰ কৰি আৰু তাৰ পাছত চুৰিৰে ভৰি কাটি পেলায়৷ কুকুৰটোক এনে নিৰ্মমভাৱে হত্যা কৰা সংগ্ৰহ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে সকলো লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এই কাণ্ডক সকলো লোকে একেমুখে গৰিহণা দিয়াৰ লগতে লোকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলি বহুতে কৈছে৷

ইতিমধ্যে জিলাখনৰ আৰক্ষী অধীক্ষকে এই সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে৷ ইতিমধ্যে আৰক্ষীয়ে মৃত কুকুৰটোৰ মৃতদেহ চমজি লৈছে৷ এই নিকৃষ্ট ঘটনাটোৰ লগত জড়িত মূল লোকজন পেছাত এজন চিকিৎসক৷ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পশু অধিকাৰ সংগঠনবোৰে চিকিৎসকজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ আৰক্ষীৰ কাষ চাপিছে। এই নিন্দনীয় ঘটনাটোৰ পাছত সকলোৰে মাজত প্ৰশ্ন হৈছে আমি সচাকৈয়ে জীৱশ্ৰেষ্ঠৰ শাৰীত পৰোনে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক