--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ খেৰী লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰই বিগত বৰ্ষৰ ৩ অক্টোবৰত তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত চাৰিগৰাকী কৃষক আৰু এগৰাকী সাংবাদিকক খুন্দিয়াই গাৰ ওপৰেৰে এখন এছইউভি কাৰ চলাই নিয়া বুলি অভিযোগ উত্থাপন হৈছিল৷ সেই ঘটনাৰ কেইদিনমান পাছতেই মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ সেই ঘটনাৰ চাৰিমাহৰ পাছত আজি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতেই অভিযুক্ত আশিস মিশ্ৰই জামিন লাভ কৰে৷ আশিস মিশ্ৰৰ অধিবক্তাৰ মতে, তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে জামিন প্ৰদান কৰিছে। আশিস মিশ্ৰই গাড়ীৰে খুন্দিয়াই প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই দিয়া ভিডিঅ’বোৰত দেখা গৈছিল যে এখন এছইউভিয়ে কৃষকসকলক খুন্দিয়াইছিল আৰু তেওঁলোকক পিষ্ট কৰিছিল। সেইদিনা লখিমপুৰ খেৰীত আঠগৰাকী লোক নিহত হৈছিল। ইয়াৰ পূৰ্বে লখিমপুৰ খেৰীৰ আদালতে আশিস মিশ্ৰৰ জামিন নাকচ কৰিছিল। লখিমপুৰ খেৰী ঘটনাৰ দেশজুৰি হোৱা প্ৰতিক্ৰিয়াই উত্তৰ প্ৰদেশ আৰক্ষীক আশিস মিশ্ৰৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু