--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ খেৰী লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰই বিগত বৰ্ষৰ ৩ অক্টোবৰত তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত চাৰিগৰাকী কৃষক আৰু এগৰাকী সাংবাদিকক খুন্দিয়াই গাৰ ওপৰেৰে এখন এছইউভি কাৰ চলাই নিয়া বুলি অভিযোগ উত্থাপন হৈছিল৷ সেই ঘটনাৰ কেইদিনমান পাছতেই মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ সেই ঘটনাৰ চাৰিমাহৰ পাছত আজি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতেই অভিযুক্ত আশিস মিশ্ৰই জামিন লাভ কৰে৷ আশিস মিশ্ৰৰ অধিবক্তাৰ মতে, তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে জামিন প্ৰদান কৰিছে। আশিস মিশ্ৰই গাড়ীৰে খুন্দিয়াই প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই দিয়া ভিডিঅ’বোৰত দেখা গৈছিল যে এখন এছইউভিয়ে কৃষকসকলক খুন্দিয়াইছিল আৰু তেওঁলোকক পিষ্ট কৰিছিল। সেইদিনা লখিমপুৰ খেৰীত আঠগৰাকী লোক নিহত হৈছিল। ইয়াৰ পূৰ্বে লখিমপুৰ খেৰীৰ আদালতে আশিস মিশ্ৰৰ জামিন নাকচ কৰিছিল। লখিমপুৰ খেৰী ঘটনাৰ দেশজুৰি হোৱা প্ৰতিক্ৰিয়াই উত্তৰ প্ৰদেশ আৰক্ষীক আশিস মিশ্ৰৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য কৰাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু