--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা আন এজন কৃষকৰ মৃত্যু ঘটিছে।   পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ সময়ত দৰ্শন সিং নামৰ এজন ৬২ বছৰীয়া কৃষকৰ মৃত্যু ঘটে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে। শুক্ৰবাৰে পুৱা প্ৰতিবাদৰ সময়ত তেওঁ অসুস্থ হৈ পৰিছিল। পিছত তেওঁক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয়। 

ইয়াৰ ফলত  চলিত কৃষকৰ প্ৰতিবাদত পাঁচজন কৃষকৰ মৃত্যু ঘটিছে। ইয়াৰ পূৰ্বে বুধবাৰে শম্ভু সীমান্তত এজন ২৪ বছৰীয়া কৃষকৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ আন এজন ৭০ বছৰীয়া কৃষকৰ মৃত্যু ঘটিছিল। ১৬ ফেব্ৰুৱাৰীত প্ৰতিবাদৰ মাজতে ৭৮ বছৰীয়া জিয়ান সিঙৰ মৃত্যু হৈছিল। ইয়াৰ মাজতে আন এজন কৃষকৰ মৃত্যু হয়।কেৱল কৃষকেই নহয়, আৰক্ষী কৰ্মীও এই প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে আহত হৈ মৃত্যুহৰণ কৰিছে। 

বৃহস্পতিবাৰে নিশা আম্বালাত প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে সংঘৰ্ষত দুজন আৰক্ষী নিহত হয় বুলি হাৰিয়ানা আৰক্ষীয়ে প্ৰকাশ কৰিছে।  আহত আৰক্ষীৰ সংখ্যা ত্ৰিশতকৈও অধিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰতিবাদকাৰীসকলে দিল্লীত  বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ  ফলত  উত্তেজনা বৃদ্ধি পাইছিল। দুয়োপক্ষৰ মাজত সংঘৰ্ষই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুজন আৰক্ষী বিষয়া নিহত হয়।

ইফালে হাৰিয়ানা আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিছে। হাৰিয়ানা চৰকাৰে এইবুলিও কৈছে যে যদি তেওঁলোকে প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰে তেন্তে তেনে কৃষকৰ সম্পত্তি জব্দ কৰা হ’ব। অৱশ্যে আৰক্ষীৰ এনে  সতৰ্কবাণীৰ পিছতো কৃষকৰ  প্ৰতিবাদ বন্ধ হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী