--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা আন এজন কৃষকৰ মৃত্যু ঘটিছে।   পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ সময়ত দৰ্শন সিং নামৰ এজন ৬২ বছৰীয়া কৃষকৰ মৃত্যু ঘটে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে। শুক্ৰবাৰে পুৱা প্ৰতিবাদৰ সময়ত তেওঁ অসুস্থ হৈ পৰিছিল। পিছত তেওঁক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয়। 

ইয়াৰ ফলত  চলিত কৃষকৰ প্ৰতিবাদত পাঁচজন কৃষকৰ মৃত্যু ঘটিছে। ইয়াৰ পূৰ্বে বুধবাৰে শম্ভু সীমান্তত এজন ২৪ বছৰীয়া কৃষকৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল। দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ আন এজন ৭০ বছৰীয়া কৃষকৰ মৃত্যু ঘটিছিল। ১৬ ফেব্ৰুৱাৰীত প্ৰতিবাদৰ মাজতে ৭৮ বছৰীয়া জিয়ান সিঙৰ মৃত্যু হৈছিল। ইয়াৰ মাজতে আন এজন কৃষকৰ মৃত্যু হয়।কেৱল কৃষকেই নহয়, আৰক্ষী কৰ্মীও এই প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে আহত হৈ মৃত্যুহৰণ কৰিছে। 

বৃহস্পতিবাৰে নিশা আম্বালাত প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে সংঘৰ্ষত দুজন আৰক্ষী নিহত হয় বুলি হাৰিয়ানা আৰক্ষীয়ে প্ৰকাশ কৰিছে।  আহত আৰক্ষীৰ সংখ্যা ত্ৰিশতকৈও অধিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰতিবাদকাৰীসকলে দিল্লীত  বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ  ফলত  উত্তেজনা বৃদ্ধি পাইছিল। দুয়োপক্ষৰ মাজত সংঘৰ্ষই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুজন আৰক্ষী বিষয়া নিহত হয়।

ইফালে হাৰিয়ানা আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিছে। হাৰিয়ানা চৰকাৰে এইবুলিও কৈছে যে যদি তেওঁলোকে প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰে তেন্তে তেনে কৃষকৰ সম্পত্তি জব্দ কৰা হ’ব। অৱশ্যে আৰক্ষীৰ এনে  সতৰ্কবাণীৰ পিছতো কৃষকৰ  প্ৰতিবাদ বন্ধ হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু