--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাকত আঙঠি, কপালত ফোঁট, হাতত খাৰু, ৰঙা শাৰী আৰু সম্পূৰ্ণ মেকআপ লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা এইগৰাকী ন কইনাক দেখি সকলো আচৰিত হৈ পৰিল। কেন্দ্ৰৰ প্ৰশাসকৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীলৈকে সকলোৰে তেওঁৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিল।

কোৱা হয় যে এগৰাকী কন্যা শিক্ষিত হ’লে দুটা পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনে। ঝান্সীৰ এই ছোৱালীজনীৰ কাহিনীয়েও একেধৰণৰ বাৰ্তা দিছে। ২২ ফেব্ৰুৱাৰীৰ পৰা যেতিয়া ইউ পি ব’ৰ্ডৰ পৰীক্ষা আৰম্ভ হ’ল, তেতিয়া কইনাৰ দৰে সাজ-পোছাক পিন্ধি এগৰাকী ছোৱালী পৰীক্ষাত হাজিৰ হ’বলৈ ঝান্সী জিলাৰ এটা পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ল। পৰীক্ষা কেন্দ্ৰত কইনাক দেখি মানুহে আচৰিত হৈছিল। পৰীক্ষা শেষ হোৱাৰ পাছত যেতিয়া ছাত্ৰীগৰাকীৰ সত্য পোহৰলৈ আহিল, তেতিয়া সকলোৱে তাইৰ আবেগ আৰু পৰিয়ালে কৰা সহায়ৰ প্ৰশংসা কৰে।

ছাত্ৰীগৰাকীৰ নাম কশিস অহিৰৱাৰ। ঝান্সীৰ ভট্টা গাঁৱত কশিস অহিৰৱাৰৰ মাতৃগৃহ। ছোৱালীজনীৰ সপোন পঢ়া-শুনা কৰি ডাক্তৰ হোৱা। এই সপোন পূৰণ কৰিবলৈ তেওঁৰ মাতৃগৃহ আৰু শহুৰগৃহ দুয়োঘৰে তেওঁক উৎসাহিত কৰি আছে।

১৮ ফেব্ৰুৱাৰীত ঝান্সীৰ চহৰৰ কোতৱালি অঞ্চলৰ পঞ্চৱতী সমীপত বাস কৰা অমৰ আহিৰৱাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় কশিস। বিয়াৰ ৩ৰ পৰা ৪ দিনৰ পাছত কশিসৰ মাক-দেউতাকে তেওঁক শহুৰেকৰ ঘৰৰ পৰা নিবলৈ আহিছিল। মাক-দেউতাকৰ ঘৰলৈ যোৱাৰ আগতে তেওঁ প্ৰথমে স্বামী আৰু মাক-দেউতাকক ইণ্টাৰমিডিয়েট পেপাৰ দিয়াৰ কথা কৈছিল, গতিকে পৰম্পৰা অনুসৰি কশিসে কইনাৰ সকলো সাজ-পোছাক পিন্ধি শহুৰেকৰ ঘৰৰ পৰা যাব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী