--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কংগনাৰ কলংকিত আখ্যান। য’ত কংগনা তাতেই যেন কলংক। এয়াই হৈ পৰিছে বিতৰ্কক এৰাই চলাটো কংগনাৰ বাবে এৰাব নোৱাৰা স্বভাৱ হৈ পৰিছে। স্মৰ্তব্য যে, কংগনা ৰাণাৱটে অলপতে স্বৰ্ণ মন্দিৰ ভ্ৰমণ কৰিছে।সামাজিক মাধ্যমত নিজৰ কিছুমান ফটো শ্বেয়াৰ কৰি এটা দীঘলীয়া পোষ্টো লিখিছিল কংগনাই। ফটো পোষ্ট কৰিয়েই ক্ষান্ত নাথাকিল কংগনা। পোষ্টটোত কৃষকসকলক সন্ত্ৰাসবাদী বুলি কৈ তেওঁলোকৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল কংগনাই। যিটো সময়ত দেশৰ কৃষকসকলে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰিছে সেইসময়তে তেওঁলোকক সন্ত্ৰাসবাদী বুলি অভিহিত কৰাটো দুৰ্ভাগ্যজনকে নহয় লজ্জানত কৰা কথা। সেয়েহে কংগনাৰ অভিযোগ-প্ৰতি অভিযোগ মানি ল’ব পৰা নাই কোনেও।

ক্ষোভিত কৃষকে আজি যেন তাৰেই পোতক তুলিলে। পঞ্জাৱৰ বাটত নাজল-নাথল অৱস্থা কংগনাৰ। বাট ভেটি ধৰিলে কংগনাৰ কনভয়। বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ ইনষ্টাগ্ৰামৰ ষ্ট’ৰীত শেহতীয়াকৈ কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিছে। চিৰ বিতৰ্কিত অভিনেত্ৰী কংগনাই পঞ্জাৱত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ গাড়ীখন ঘেৰি ধৰাৰ পাছত কৃষকসকলে আক্ৰমণ কৰা বুলি সদৰী কৰিছে। সম্প্ৰতি সকলোৰে হাতে হাতে ভিডিঅ’টো। কংগনাই মূৰপাতি ল’বলগা হৈছে কৃষকৰ ধিক্কাৰবাণী। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা দৃশ্যগ্ৰহণ কৰা হৈছে আৰু গাড়ীখনৰ চাৰিওফালে থিয় হৈ থকা কৃষকসকলক 'মুৰ্দাবাদ' বুলি চিঞৰি থকা দেখা গৈছে। কংগনা ৰাণাৱটে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ লিখিছে, ‘মই পঞ্জাৱত ভৰি দিয়াৰ লগে লগে জনতাই মোৰ গাড়ীত আক্ৰমণ কৰিছিল। তেওঁলোকে নিজকে কৃষক বুলি কৈছে।’

ইয়াৰপাছতো কংগনাই সেইমুহূৰ্তৰ কেইবাটাও ভিডিঅ' শ্বেয়াৰ কৰিছে। কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া কঠোৰ ভাষাৰে ব্যক্ত কৰিছে কংগনাই। নিজকে কৃষক বুলি পৰিচয় দিয়া লোকসকলে অশ্ৰাৱ্য গালি-গালাজ কৰা বুলিও সদৰী কৰে তেওঁ। কেবল সেয়াই নহয় কংগনাৰ প্ৰতি আহিছে হত্যাৰ ভাবুকিও। তাকে লৈ উদ্বিগ্ন হৈ পৰিছে কংগনা। দেশত এনেধৰণৰ ম’ব লিঞ্চিঙৰ ঘটনা সংঘটিত হৈছে মানে কোনো নিৰাপত্তাই নাই। দেশত এনেকোৱা হৈ থাকিলে ভৱিষ্যতে কি পৰিৱেশৰ উদয় হ’ব তাক লৈয়ো সৰব কংগনা। উল্লেখ্য যে, আৰক্ষী বাহিনী উপস্থিত থকা স্বত্বেও কংগনাক যাবলৈ দিয়া হোৱা নাই। ক্ষোভিত কংগনাই কয়,‘ মই এজন ৰাজনীতিবিদ নেকি নে মই এটা দল চলাওঁ?’ খাটি খোৱা কৃষকৰ দুখ-দুৰ্দশাৰ কথা বুজি নোপোৱা আঁকোৰগোজ কংগনাই এইবাৰ কৃষকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কংগনাৰ এই অনমনীয় স্থিতিক প্ৰশাসনে বাধা দিব পাৰিবনে নাই সেয়া সময়তহে লক্ষ্যণীয় হ’ব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন