--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন আদৰ্শবান আৰু বিৰ্তকৰ পৰা শতদূৰ আঁতৰত থকা ভাৰতৰ এজন উদ্যোগপতি তেওঁ৷ দেশৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাৰ স্থান পোৱা এইজন উদ্যোগপতি অথবা পুঁজিপতিৰ নাম ৰতন টাটা৷ ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ এটা সভ্ৰান্ত পাৰ্চী পৰিয়ালত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা সৰু পৰিয়ালত। ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ ২ বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল ১ বছৰ। আইতাক লেডী নাৱালবাঈৰ সৈতে থাকিয়েই শৈশৱ পাৰ কৰিছিল ৰতন টাটাই।

১৯৬২ চনত, ৰতন টাটা ককাকৰ উত্তৰাধিকাৰী ৰূপে তেওঁ টাটা গ্ৰুপত যোগদান কৰে৷ ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ ‘ডাইৰেক্টৰ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ১৯৯১ চনত টাটা গ্ৰুপৰ ‘চেয়াৰমেন’ পদত ৰতন টাটাক নিযুক্তি দিয়া হয়। টাটা গোটৰ দায়িত্ব গ্ৰহণ কৰি সফলতাৰে ব্যৱসায়ী ক্ষেত্ৰখনৰ লগত প্ৰতিযোগিতা কৰিবলৈ গোটটোৰ ব্যৱসায়িক পদ্ধতিৰ আধুনিকীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল কৰিছিল। তেওঁৰ সময়ছোৱাত, তেওঁ সকলো টাটা উদ্যোগ একত্ৰিত কৰিছিল, অসংখ্য কোম্পানী ক্ৰয় কৰিছিল, বিশেষকৈ বিচ্ছিন্ন হৈ থকা টেটলী আৰু জাগুয়াৰ লেণ্ড ৰ’ভাৰ, আৰু টাটা মটৰ্ছক তেওঁলোকৰ কোম্পানীত অন্তভুক্ত কৰে৷ সেই সময়ত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷ ১৯৯৮ টাটা মৰ্টছৰ বেনাৰত ইণ্ডিগ’ গাড়ীখন মুকলি কৰিছিল, কিন্তু সেই গাড়ীখন গ্ৰাহকৰ দৃষ্টি আৰ্কষণ কৰিব নোৱাৰা বাবে গাড়ীখন বিক্ৰীৰ হাৰ কমি যোৱাত কোম্পানীটো যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল, তেতিয়াই ৰতন টাটাই ইণ্ডিগ’ গাড়ীখন ফৰ্ড কোম্পানীৰ সৈতে সংযুক্ত কৰি পুনৰ ব্যৱসায় পুনঃউদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷

তেওঁ দেশখনৰ এজন পুঁজিপতিৰ শাৰীত অৰ্ন্তভুক্ত হয় যদিও কোনোৱে তেওঁক পুঁজিপতি বুলি ক’ব নিবিচাৰে৷ কেৱল মানুহক সহায় কৰা কৰাৰ বাবেই মানুহজনে জীৱনটো উৰ্চগিত কৰিলে৷ টাটাই গোপনীয়তা খুবেই ভাল পায় আৰু মিডিয়াৰ স্পটলাইট সাধাৰণতে পৰিহাৰ কৰি চলে। আজৰি সময় বন্ধুৰ সৈতে সময় কটাই আৰু কিতাপ পঢ়ি ভাল পাই লগতে কুকুৰ খুবেই প্ৰিয় ৰতন টাটাৰ।

তেওঁৰ সমসাময়িক সকলৰ সৈতে এক আচৰিত ভাগ্য আৰু বিশ্ব স্বীকৃতিৰ সৈতে ওখ হৈ থকা ৰতন টাটাই আশ্চৰ্যজনকভাৱে কেতিয়াও 'ফৰ্বছ বিলিয়নেয়াৰ তালিকা'ত স্থান পোৱা নাই। এই ব্যৱসায়ীজনৰ কাহিনী যাৰ কৰ্মউদ্যমে বহুতকে প্ৰেৰণা দি গৈছে ।

শেহতীয়াকৈ কেঞ্চাৰ হাস্পতাল নিৰ্মাণত ৰতন টাটাই আগবঢ়োৱা বৰঙণি বাবে ৰাজ্যৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’ প্ৰদান কৰিব অসম চৰকাৰে৷ নতুন দিল্লীৰ অসম ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী