--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহামাৰী আৰু মহামাৰী। ক’ভিডৰ পৰা অ’মিক্ৰন লৈকে একপ্ৰকাৰ কাল হৈ দেখা দিছে এই মহামাৰীয়ে। বিগত দুটা বছৰে জ্বলা-কলা খুওৱা ক’ৰ’না নামৰ মাৰন ভাইৰাছবিধে এইবাৰ আকৌ লৈছে নতুন ৰূপ।বিশ্বজুৰি বিয়পি পৰিছে এটা নাম- অ’মিক্ৰন। ক’ৰ’নাৰ এই নতুন সন্দেহজনক ষ্ট্ৰেইন বিধৰ অ’মিক্ৰন নাম ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই। উল্লেখ্য যে, আজিৰ পৰা এসপ্তাহ পূৰ্বে কোনেও গমকে পোৱা নাছিল অ’মিক্ৰন কি? কিন্তু নামটো প্ৰকাশ পোৱৰা লগে লগে সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৯৬৩ চনৰ এখন ছবি। নাম-অ’মিক্ৰন।পলকতে ভাইৰেল হৈ পৰিছে খবৰটো। তৈয়াৰ হৈছে মিম। আজিৰ পৰা প্ৰায় ছয়টা দশক পূৰ্বে মুক্তি পোৱা ছবিখনৰ পোষ্টাৰখনো ব্যাপক ৰূপত শ্বেয়াৰ হৈছে। কেপছন বহুতে লিখিছে- 'দ্য অমিক্ৰন ভেৰিয়েণ্ট’। প্ৰায় ষাঠি বছৰ আগতে, অ’মিক্ৰনক লৈ এখন ছবি নিৰ্মাণ হোৱা কথাটো স্বাভাৱিকতে পৰমাশ্চৰ্যৰ বিষয়। স্মৰ্তব্য যে, ২০১৯ চনৰ ডিচেম্বৰত, যেতিয়া চীনৰ উহান চহৰত প্ৰথমবাৰৰ বাবে ক’ৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল। তেতিয়া হলীউডৰ এখন চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিছিল। ২০১১ চনত মুক্তি পাইছিল 'কোন্টাজিয়ন'।

মেট ডেমন, জুড ল’, কেট উইন্সলেট অভিনীত চলচ্চিত্ৰখনৰ প্ল’টটোৱে আছিল এটা ৰহস্যজনক ভাইৰাছৰ সংক্ৰমণ । হংকঙৰ পৰা আমেৰিকালৈ উভতি অহাৰ পাছত এগৰাকী যুৱতী হঠাতে অসুস্থ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। যুৱতীগৰাকী ৰহস্যজনক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ছবিখনত দেখুওৱা হৈছিল। কেবল সেয়াই নহয়, ছবিখনত কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত ২.৫ নিযুত লোকৰ মৃত্যু হৈছিল বুলিও ছবিখনে কয়। বিশ্বজুৰি প্ৰাণ হেৰুওৱা লোকৰ পৰিসংখ্যা আছিল ২৬ নিযুত। ছবিখনৰ কাহিনীত ভাইৰাছবিধ বাদুলি-গাহৰিৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হোৱা বুলি কোৱা হৈছে। উল্লেখ্য যে, বিভিন্ন সময়ত বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি অসংখ্য চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। কিন্তু যদি ছবিখনৰ কাহিনী ভৱিষ্যতে বাস্তৱ প্ৰেক্ষাপটৰ সৈতে মিল যায়! স্বাভাৱিকতে এয়া পৰমাশ্চৰ্যৰ কথা। 'কোন্টাজিয়ন' ছবিখনৰ লেখীয়া এইবাৰ আকৌ ‘অমিক্ৰন’তো সেই একেটা ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক