--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহামাৰী আৰু মহামাৰী। ক’ভিডৰ পৰা অ’মিক্ৰন লৈকে একপ্ৰকাৰ কাল হৈ দেখা দিছে এই মহামাৰীয়ে। বিগত দুটা বছৰে জ্বলা-কলা খুওৱা ক’ৰ’না নামৰ মাৰন ভাইৰাছবিধে এইবাৰ আকৌ লৈছে নতুন ৰূপ।বিশ্বজুৰি বিয়পি পৰিছে এটা নাম- অ’মিক্ৰন। ক’ৰ’নাৰ এই নতুন সন্দেহজনক ষ্ট্ৰেইন বিধৰ অ’মিক্ৰন নাম ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই। উল্লেখ্য যে, আজিৰ পৰা এসপ্তাহ পূৰ্বে কোনেও গমকে পোৱা নাছিল অ’মিক্ৰন কি? কিন্তু নামটো প্ৰকাশ পোৱৰা লগে লগে সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৯৬৩ চনৰ এখন ছবি। নাম-অ’মিক্ৰন।পলকতে ভাইৰেল হৈ পৰিছে খবৰটো। তৈয়াৰ হৈছে মিম। আজিৰ পৰা প্ৰায় ছয়টা দশক পূৰ্বে মুক্তি পোৱা ছবিখনৰ পোষ্টাৰখনো ব্যাপক ৰূপত শ্বেয়াৰ হৈছে। কেপছন বহুতে লিখিছে- 'দ্য অমিক্ৰন ভেৰিয়েণ্ট’। প্ৰায় ষাঠি বছৰ আগতে, অ’মিক্ৰনক লৈ এখন ছবি নিৰ্মাণ হোৱা কথাটো স্বাভাৱিকতে পৰমাশ্চৰ্যৰ বিষয়। স্মৰ্তব্য যে, ২০১৯ চনৰ ডিচেম্বৰত, যেতিয়া চীনৰ উহান চহৰত প্ৰথমবাৰৰ বাবে ক’ৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল। তেতিয়া হলীউডৰ এখন চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিছিল। ২০১১ চনত মুক্তি পাইছিল 'কোন্টাজিয়ন'।

মেট ডেমন, জুড ল’, কেট উইন্সলেট অভিনীত চলচ্চিত্ৰখনৰ প্ল’টটোৱে আছিল এটা ৰহস্যজনক ভাইৰাছৰ সংক্ৰমণ । হংকঙৰ পৰা আমেৰিকালৈ উভতি অহাৰ পাছত এগৰাকী যুৱতী হঠাতে অসুস্থ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। যুৱতীগৰাকী ৰহস্যজনক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ছবিখনত দেখুওৱা হৈছিল। কেবল সেয়াই নহয়, ছবিখনত কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত ২.৫ নিযুত লোকৰ মৃত্যু হৈছিল বুলিও ছবিখনে কয়। বিশ্বজুৰি প্ৰাণ হেৰুওৱা লোকৰ পৰিসংখ্যা আছিল ২৬ নিযুত। ছবিখনৰ কাহিনীত ভাইৰাছবিধ বাদুলি-গাহৰিৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হোৱা বুলি কোৱা হৈছে। উল্লেখ্য যে, বিভিন্ন সময়ত বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি অসংখ্য চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। কিন্তু যদি ছবিখনৰ কাহিনী ভৱিষ্যতে বাস্তৱ প্ৰেক্ষাপটৰ সৈতে মিল যায়! স্বাভাৱিকতে এয়া পৰমাশ্চৰ্যৰ কথা। 'কোন্টাজিয়ন' ছবিখনৰ লেখীয়া এইবাৰ আকৌ ‘অমিক্ৰন’তো সেই একেটা ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ