--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ  সন্মুখত জোৰেৰে কথা কোৱাৰ বাবে চোৰাংচোৱা সংস্থাৰ  মুৰব্বীক শৌচালয়ত বন্দী কৰি থৈছিল ইমৰাণ খানে। শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।জিঅ' টিভিৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ  এজন হেকাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু চোৰাংচোৱা প্ৰধান মেমনৰ মাজত হোৱা বৈঠকৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছে।

যোৱা কেইদিনমানৰ পৰা পাকিস্তানক কেইবাটাও অডিঅ' ক্লিপ পোহৰলৈ অহাৰ কথাই ইমৰাণ খানৰ ভাৱমূৰ্তি ম্লান কৰি পেলাইছে। শেহতীয়াকৈ এটা অডিঅ' ক্লিপত প্ৰধানমন্ত্ৰীৰ সন্মুখত জোৰেৰে কথা কোৱাৰ বাবে পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ (এফআইএ) প্ৰাক্তন সঞ্চালক প্ৰধানক শৌচালয়ত আটক কৰাৰ কথা প্ৰকাশ পাইছে। এফ.আই.এ.-ৰ প্ৰাক্তন সঞ্চালক প্ৰধান বছিৰ মেমনে এইখতা  স্বীকাৰো কৰিছে বুলি  পাকিস্তানী সংবাদ মাধ্যমে  দাবী কৰিছে।

মেমনে বৈঠকত কৈছে যে তেওঁ পাকিস্তান মুছলিম লীগৰ (নৱাজ) নেতা মৰিয়ম নাৱাজক চলোৱা  নিৰ্যাতনৰ বিষয়ে ইমৰানৰ সন্মুখত অলপ জোৰেৰে কথা পাতিছিল। 

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীৰ তদানীন্তন প্ৰধান সচিব আজম খানে তেওঁক  টানি নি  শৌচালয়ত বন্দী কৰি ৰাখে। শৌচাগাৰৰ ভিতৰতে তেওঁ বহু সময় ধৰি বন্দী হৈ থাকিবলগীয়া হৈছিল বুলি সংবাদমাধ্যমে প্ৰকাশ কৰিছে। ইমৰাণ খানৰ এনে মানসিকতাই এতিয়া দেশখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন