--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ  সন্মুখত জোৰেৰে কথা কোৱাৰ বাবে চোৰাংচোৱা সংস্থাৰ  মুৰব্বীক শৌচালয়ত বন্দী কৰি থৈছিল ইমৰাণ খানে। শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।জিঅ' টিভিৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ  এজন হেকাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু চোৰাংচোৱা প্ৰধান মেমনৰ মাজত হোৱা বৈঠকৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছে।

যোৱা কেইদিনমানৰ পৰা পাকিস্তানক কেইবাটাও অডিঅ' ক্লিপ পোহৰলৈ অহাৰ কথাই ইমৰাণ খানৰ ভাৱমূৰ্তি ম্লান কৰি পেলাইছে। শেহতীয়াকৈ এটা অডিঅ' ক্লিপত প্ৰধানমন্ত্ৰীৰ সন্মুখত জোৰেৰে কথা কোৱাৰ বাবে পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ (এফআইএ) প্ৰাক্তন সঞ্চালক প্ৰধানক শৌচালয়ত আটক কৰাৰ কথা প্ৰকাশ পাইছে। এফ.আই.এ.-ৰ প্ৰাক্তন সঞ্চালক প্ৰধান বছিৰ মেমনে এইখতা  স্বীকাৰো কৰিছে বুলি  পাকিস্তানী সংবাদ মাধ্যমে  দাবী কৰিছে।

মেমনে বৈঠকত কৈছে যে তেওঁ পাকিস্তান মুছলিম লীগৰ (নৱাজ) নেতা মৰিয়ম নাৱাজক চলোৱা  নিৰ্যাতনৰ বিষয়ে ইমৰানৰ সন্মুখত অলপ জোৰেৰে কথা পাতিছিল। 

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীৰ তদানীন্তন প্ৰধান সচিব আজম খানে তেওঁক  টানি নি  শৌচালয়ত বন্দী কৰি ৰাখে। শৌচাগাৰৰ ভিতৰতে তেওঁ বহু সময় ধৰি বন্দী হৈ থাকিবলগীয়া হৈছিল বুলি সংবাদমাধ্যমে প্ৰকাশ কৰিছে। ইমৰাণ খানৰ এনে মানসিকতাই এতিয়া দেশখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক