--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত সৱল হৈ উঠা পৃথক খালিস্তানৰ দাবীয়ে এতিয়া পুনৰ মূৰ দাঙি উঠিছে৷ খালিস্তানী বিদ্ৰোহীক নিশেষ কৰিবলৈয়েই পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত চলোৱা হৈছিল অপৰাছেন ব্লুষ্টাৰ৷ সেয়াই এটা সময়ত কাল হৈ পৰিছিল ইন্দিৰা গান্ধীৰ বাবেও৷ পঞ্জাৱৰ বিচ্ছিন্নতাবাদীক নিঃশেষ কৰাৰ অভিযানত লিপ্ত হোৱাৰ বাবেই ইন্দিৰা গান্ধীক তেওঁৰেই শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল৷ কথাবোৰ এতিয়া অতীত হ’ল যদিও পৃথক খালিস্তানৰ দাবী যেন অততীত হৈ যোৱা নাই৷ 

এতিয়া নতুন নেতাৰ নেতৃত্বতত পুনৰ সাৰ পাই উঠিছে খালিস্তানৰ দাবীয়ে৷ এই দাবীক আগুৱাই নিছে অমৃতপাল সিঙে৷ অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দেশজুৰি সতৰ্ক হৈ পৰিছে আৰক্ষী৷ পলাতক হৈ থকা নেতা জনক পিছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী? ইয়াৰ মাজতে যোৱা নিশা একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ কৰিছিল৷ 

কিন্তু পিছত সেই বাতৰি বহু কেইটা প্ৰতিষ্ঠানে প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হৈছে৷ ফলত অমৃতপালৰ গ্ৰেপ্তাৰকলৈ দেশৰ জনতা বিভ্ৰান্ত হৈ পৰিছে৷ ইপিনে অমৃতপালে পঞ্জাৱত মানৱ বোমা আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি  আৰক্ষীয়ে দাবী কৰিছে ৷ অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত বহুে ধেখিছিল বুলিও দাবী কৰা হৈছে৷  'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বীজনৰ সৈতে আগ্নেয়াস্ত্ৰৰ সৈতে বহু কেইজন দেহৰক্ষী  আছিল৷একাধিক অপৰাধমূলক গোচৰত অভিযুক্ত স্বঘোষিত শিখ ধৰ্মগুৰু আৰু খালিস্তানপন্থী নেতা অমৃতপাল সিঙে পঞ্জাৱত আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল  বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰিঅমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰসমূহত চিকিৎসাধীন যুৱকসকলক  মানৱ বোমা হিচাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে  অমৃতপালক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এক চৰকাৰী বিবৃতি অনুসৰি, অমৃতপালে এখন বাইকত উঠি  আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল। অৱশ্যে, অমৃতপালৰ সংগঠন ৱাৰিছ পাঞ্জাৱ দে দাবী কৰিছে  যে তেওঁক আৰক্ষীয়ে আটক কৰি গোপন স্থানলৈ লৈ গৈছিল। এয়াও  আশংকা কৰা হৈছে যে তেওঁ ভুৱা সংঘৰ্ষত নিহত হ'বও পাৰে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে ফেব্ৰুৱাৰী মাহৰে পৰাই আজনালা হিংসাৰ পৰিপ্ৰেক্ষিতত 'ভাই চাহাব' ( অনুগামীসকলে  অমৃতপালক এই নামেৰে মাতে) আৰু তেওঁৰ ঘনিষ্ঠ সহায়কসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে  সক্ৰিয় হৈ আছে। শনিবাৰে পুৱা আৰক্ষীয়ে মোগা অঞ্চলৰ পৰা অমৃতপালৰ সংগঠনৰ ছয়জন নেতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত আগুৰি ধৰা হৈছিল। কিন্তু তেওঁ পলাই যাবলৈ সক্ষম হয়৷১৮ ফেব্ৰুৱাৰীত অমৃতপালৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত সিং টুফানক অমৃতসৰৰ আজনালা আৰক্ষী থানাই সংঘৰ্ষ  আৰু অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। 

তাৰ পিছতে আজনালাত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ৱাৰিছ পাঞ্জাৱ দে'ৰ সমৰ্থকসকলে লাভপ্ৰীতৰ মুক্তিৰ দাবীত আৰক্ষী থানা ঘেৰাও কৰিছিল। লাঠি, তৰোৱাল আৰু বন্দুকেৰে সজ্জিত শ শ সমৰ্থকে আৰক্ষী থানাৰ বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশ কৰিছিল। আক্ৰমণটোত কেইবাজনো আৰক্ষী আহত হৈছিল।প্ৰয়াত ৰাজনীতিক দীপ সিদ্ধুৱে  'ৱাৰিছ পাঞ্জাৱ দে' গঠন  কৰিছিল। ২০২২ চনত তেওঁৰ মৃত্যুৰ পিছত, ১৯৮০ ৰ দশকৰ বিচ্ছিন্নতাবাদী নেতা জাৰ্ণেল সিং ভিন্দ্ৰনৱালেৰ ভক্ত অমৃতপালে সংগঠনটোৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইপিনে পৃথক খালিস্তানৰ দাবীৰ প্ৰতি  সহানুভূতিশীল আৰু 'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিং বৰ্তমানেও  পলাতক হৈ থকাৰ সময়তে অসমলৈ অনা হৈছে  চাৰিজন   খালিস্তানী সমৰ্থকক৷ কালি বায়ুসেনাৰ এখন বিশেষ বিমানেৰে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা হয় চাৰিজন খালিস্তানী সমৰ্থকক৷ দলটোৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া দল এটাও আহিছে৷

 চাৰিওজন   খালিস্তানী ডিব্ৰুগড়ৰ কাৰাগাৰলৈ নিয়া হৈছে৷ পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে  অমৃতপাল সিঙৰ নেতৃত্বত থকা সংগঠনটোৰ  কমেও ৭৮ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে সমগ্ৰ পঞ্জাৱত চিআৰপিএফ জোৱানৰ সৈতে ফ্লেগ মাৰ্চ অনুষ্ঠিত কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ধাৰাৰ অধীনত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে। দেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে পঞ্জাৱত ভইচ কলৰ বাহিৰে এছএমএছ আৰু ম'বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত  সোমবাৰে দুপৰীয়ালৈকে বৃদ্ধি কৰিছে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement