--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক। পৰিসংখ্যাইও তেওঁৰ হৈ কথা কয়। দুটা বিশ্বকাপ, এটা চেম্পিয়নছ ট্ৰফী জয় লাভ। টেষ্টত ভাৰতক এক নম্বৰ স্থান দখল কৰে।  তেওঁৰ শীতল মূৰটো তেওঁৰ সফলতাৰ অন্যতম কাৰণ। বৰ্তমানৰ অধিনায়কসকলক আই পি এলৰ পূৰ্বে সফলতাৰ বাট জনালে মহেন্দ্ৰ সিং ধোনীয়ে।

মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ধোণীয়ে কয়, “সমীহ আৰু বিশ্বাস শব্দ দুটাৰ মাজত এক সংযোগ আছে। ড্ৰেছিং ৰুমৰ কথা আহিলে, যদিহে সহায়ক কৰ্মচাৰী আৰু খেলুৱৈয়ে আপোনাক বিশ্বাস নকৰে, তেন্তে আপুনি তেওঁলোকৰ আস্থা লাভ নকৰে। আপুনি কি কয় আৰু কি কৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। আপোনাৰ আচৰণেই মানুহৰ সন্মান অৰ্জন কৰিছে।”

ধোনীয়ে অনুভৱ কৰে যে এজন সফল নেতাৰ বাবে কথাতকৈ কৰ্মহে বেছি গুৰুত্বপূৰ্ণ। ধোণীয়ে বুজাই দিলে, ‘মই সদায় অনুভৱ কৰি আহিছো যে এজন নেতা হিচাপে নম্ৰ হোৱাটো গুৰুত্বপূৰ্ণ। আপুনি কি পদত আছে তাৰ ওপৰত নিৰ্ভৰ নকৰে। কেতিয়াবা মানুহে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয়। যদিও দলটোৱে তেওঁক বিশ্বাস কৰে, তথাপিও তেওঁ নিজকে বিশ্বাস নকৰে। কাৰোবাৰ অনুমোদন জোৰকৈ ল'বলৈ চেষ্টা কৰে। স্বাভাৱিকতে আহে। এবাৰ সেই বিশ্বাস হ’লেই প্ৰদৰ্শনে প্ৰমাণ কৰিব।"

ধোনীয়ে অনুভৱ কৰে যে ড্ৰেছিং ৰুমৰ প্ৰতিজন খেলুৱৈক নেতা হিচাপে বুজাটো অতি প্ৰয়োজনীয়। ক’লে, “কিছুমানে হেঁচা ভাল পায়, কিছুমানে নাপায়। কাৰ কি শক্তি আৰু দুৰ্বলতা আছে সেয়া বুজি পোৱাটো গুৰুত্বপূৰ্ণ। তেতিয়া সেই খেলুৱৈজনৰ দুৰ্বলতা তেওঁলোকক নোকোৱাকৈ শুধৰাই দিব পাৰিব। ইয়াৰ ফলত খেলুৱৈগৰাকীয়ে আত্মবিশ্বাস লাভ কৰিব আৰু আত্মসন্দেহ দূৰ কৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক