--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ  জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। 

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি।   দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি  অনুসৰি ২০২১  চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ  হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১  চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।  

মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১  চনত ১৭.৫  শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা  ৰক্তহীনতাৰ চিকাৰ হৈছে। 

শৰীৰত  লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত  খাদ্য  যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে। 
একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা,  আদিখোৱা ভাল। 

বহু আহাৰে শৰীৰত  লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে  চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে  আহাৰ খোৱাৰ  এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। 
গৰ্ভৱতী মহিলাই  পৰিমাণৰ লোযুক্ত খাদ্য  খাব লাগে।




  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ