--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা গুড় আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ গুড়ে বায়ুমণ্ডলৰ পৰা আমাৰ নাক আৰু মুখেৰে প্ৰৱেশ কৰা ধূলিকণা আদি পুনৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ মূৰৰ বিষৰ সমস্যাতো গুড় খালে বহু খিনি সকাহ পাব পাৰি৷   সাধাৰণতে মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷পেটত হোৱা গেছৰ  ফলতো বহুতৰে মূৰৰ বিষ হোৱা দেখা যায়। মূৰৰ বিষৰ কাৰণ কোন অংশত বিষ হৈছে সেয়া লক্ষ্য কৰিও বহু সময়ত ধৰিব পাৰি৷  মূৰৰ কোন অংশৰ বিষ কি কাৰণত হ’ব পাৰে সেই বিষয়ত কিছু কথা জানো আহক-

 বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

মূৰৰ বিষ হ্ৰাস কৰিবলৈ ঔষধ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। অৱশ্যে কি ঔষধ গ্ৰহণ কৰিব লাগে সেয়া চিকিৎসকৰ পৰা জানি লোৱাটো  প্ৰয়োজন। যদি মূৰৰ বিষ হঠাতে আৰম্ভ হয় আপুনি কোঠাটো আন্ধাৰ কৰি বিশ্ৰাম ল'ব । আপুনি মূৰ আৰু ডিঙিত গৰম বা ঠাণ্ডা পানীও লগাব  পাৰে। এনে কৰিলে বিষ কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো উচিৎ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ