--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, গোৱা আৰু পঞ্জাবৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে তৎপৰ হোৱা দেখা গৈছে৷ নিৰ্বাচন আয়োগৰ ভূমিকা কঠোৰ, সবল আৰু নিৰপেক্ষ হোৱাতো প্ৰাথমিক ধাৰণাতেই আশা কৰা যায়৷ কিন্তু, ভাৰতৰ নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ অভিযোগ পুৰণি৷ অলপতে উত্তৰ প্ৰদেশৰ নিৰ্বাচন ক’ভিড বিধি মানি হ’লেও অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছিল নিৰ্বাচন আয়োগে৷ ক’ভিডে জুৰুলা কৰা ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌ আহিছিল নিৰ্বাচনী সভাৰ পৰা৷ ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ হটস্পট হৈ পৰিছিল নিৰ্বাচনী সভাবোৰ৷

যাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভৰ্ৎসনা কৰাৰ লগতে জবাবদিহি কৰিছিল৷ তাৰ পাছতো ভুলৰ পৰা শিক্ষা নল’লে নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক নেতাসকলে৷ পুনৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকপক্ষ৷ ভাৰতত ক’ভিডত ৪ লক্ষাধিক লোকৰ মৃত্যু হয়৷ পৰিসীমাৰ বাহিৰত অলেখ-অনেকজন হৈ পৰিল বিধ্বস্ত৷ তৎসত্তেও, হৃদয় কঁপা নাই ভাৰতৰ শাসনাধীষ্ঠিত দলৰ৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়েই উত্তৰ প্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়েও অংশ লৈছে ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত৷ এই নিৰ্বাচনী সভাসমূহেই ভাৰতত ক’ভিডৰ আন এক বিপৰ্যয় কঢ়িয়াই অনাতো প্ৰায় নিশ্চিত হৈছে৷ অসমতো দেখা গৈছে ক’ভিডৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ লৈছে৷

তাৰ বিপৰীতে, অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক কাকোৱেই ক’ভিড বিধি মানি চলা পৰিলক্ষিত হোৱা নাই৷ যদি আকৌ জনজীৱনলৈ ক’ভিডে বিপৰ্যয় নমাই আনে, তেন্তে তাৰ দায়িত্ব ল’বনে এইসকল ৰাজনীতিকে? আগতীয়া সাৱধানতা আৰু সতৰ্কতা অৱলম্বন নকৰি ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত টেলিভিছনযোগে ৰাইজক দুগজ দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ কিবা জানো ফল থাকিব? সেয়ে, সময় থাকোতেই ক’ভিড সম্পৰ্কত নিৰ্বাচন আয়োগ অতি কঠোৰ হোৱা প্ৰয়োজন৷ পুনৰ একেটা ভুলকে কৰি জনজীৱনলৈ অন্ধকাৰ নমাই নানিবলৈ নিৰ্বাচন আয়োগলৈ আহ্বান জনাইছে সচেতন নাগৰিকে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ