--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, গোৱা আৰু পঞ্জাবৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে তৎপৰ হোৱা দেখা গৈছে৷ নিৰ্বাচন আয়োগৰ ভূমিকা কঠোৰ, সবল আৰু নিৰপেক্ষ হোৱাতো প্ৰাথমিক ধাৰণাতেই আশা কৰা যায়৷ কিন্তু, ভাৰতৰ নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ অভিযোগ পুৰণি৷ অলপতে উত্তৰ প্ৰদেশৰ নিৰ্বাচন ক’ভিড বিধি মানি হ’লেও অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছিল নিৰ্বাচন আয়োগে৷ ক’ভিডে জুৰুলা কৰা ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌ আহিছিল নিৰ্বাচনী সভাৰ পৰা৷ ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ হটস্পট হৈ পৰিছিল নিৰ্বাচনী সভাবোৰ৷

যাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভৰ্ৎসনা কৰাৰ লগতে জবাবদিহি কৰিছিল৷ তাৰ পাছতো ভুলৰ পৰা শিক্ষা নল’লে নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক নেতাসকলে৷ পুনৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকপক্ষ৷ ভাৰতত ক’ভিডত ৪ লক্ষাধিক লোকৰ মৃত্যু হয়৷ পৰিসীমাৰ বাহিৰত অলেখ-অনেকজন হৈ পৰিল বিধ্বস্ত৷ তৎসত্তেও, হৃদয় কঁপা নাই ভাৰতৰ শাসনাধীষ্ঠিত দলৰ৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়েই উত্তৰ প্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়েও অংশ লৈছে ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত৷ এই নিৰ্বাচনী সভাসমূহেই ভাৰতত ক’ভিডৰ আন এক বিপৰ্যয় কঢ়িয়াই অনাতো প্ৰায় নিশ্চিত হৈছে৷ অসমতো দেখা গৈছে ক’ভিডৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ লৈছে৷

তাৰ বিপৰীতে, অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক কাকোৱেই ক’ভিড বিধি মানি চলা পৰিলক্ষিত হোৱা নাই৷ যদি আকৌ জনজীৱনলৈ ক’ভিডে বিপৰ্যয় নমাই আনে, তেন্তে তাৰ দায়িত্ব ল’বনে এইসকল ৰাজনীতিকে? আগতীয়া সাৱধানতা আৰু সতৰ্কতা অৱলম্বন নকৰি ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত টেলিভিছনযোগে ৰাইজক দুগজ দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ কিবা জানো ফল থাকিব? সেয়ে, সময় থাকোতেই ক’ভিড সম্পৰ্কত নিৰ্বাচন আয়োগ অতি কঠোৰ হোৱা প্ৰয়োজন৷ পুনৰ একেটা ভুলকে কৰি জনজীৱনলৈ অন্ধকাৰ নমাই নানিবলৈ নিৰ্বাচন আয়োগলৈ আহ্বান জনাইছে সচেতন নাগৰিকে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু