--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো দিনেই কোনোবা নহয় কোনোবা ইতিহাসৰ লগত জড়িত হৈ থাকে আৰু কিবা নহয় কিবা এটা শিকায়। ঠিক সেইদৰে ভাৰতৰ ইতিহাসত আজিৰ দিনটো অৰ্থাৎ ১৩ এপ্ৰিলৰ দিনটোৱে মনত দুখ আৰু খঙৰ অনুভূতি জাগ্ৰত কৰে। আজিও জালিয়ানৱালাৰ ঘটনাটো মনত পেলাই মানুহৰ আত্মা কঁপি উঠে৷

 ১৯১৯ চনৰ ১৩ এপ্ৰিলত ভাৰতৰ অমৃতসৰত সংঘটিত হৈছিল জালিয়ানৱালা বাগ হত্যাকাণ্ড। আজিৰ দিনটোতে অমৃতসৰৰ সোণালী মন্দিৰৰ সমীপৰ জালিয়ানৱালা বাগত তেজৰ হোলী অনুষ্ঠিত হয়।জালিয়ানৱালা হত্যাকাণ্ডৰ ১০৪ বছৰ পাৰ হৈ গ’ল, কিন্তু তথাপিও ইয়াৰ ঘাঁবোৰ ৰাইজৰ হৃদয়ত সতেজ হৈ আছে।

 ভাৰতীয় জাতীয় কংগ্ৰেছে এই গণহত্যাৰ বিৰুদ্ধে ধৰ্মঘটৰ ঘোষণা কৰিছিল। ইয়াৰ বাহিৰেও মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই ঘটনাৰ বাবেই ছাইমন কমিচনো গঠন হ’ল।১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালা বাগত বহু সংখ্যক লোক সমবেত হৈ সত্য পাল আৰু ড° চৈফুদ্দিন কিচলেউ নামৰ দুজন জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে। য’ত হঠাতে ব্ৰিটিছ সামৰিক বিষয়া জেনেৰেল ডায়েৰ নিজৰ সৈন্যৰ সৈতে উদ্যানৰ ভিতৰলৈ আহিল আৰু জনসাধাৰণক সকীয়াই নিদিয়াকৈয়ে তেওঁ নিজৰ সৈন্যসকলক দহ মিনিটৰ বাবে দ্ৰুতগতিত গুলী চলাবলৈ নিৰ্দেশ দিলে।

 কোৱা হয় যে দহ মিনিটত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।ব্ৰিটিছ চৰকাৰৰ ৰেকৰ্ড অনুসৰি কৰ্ণেল ৰেজিনাল্ড ডায়েৰৰ নিৰ্বিচাৰ গুলীচালনাত পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৩৮৮ জন লোক নিহত হোৱাৰ বিপৰীতে ১২০০ লোক আহত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে