--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো দিনেই কোনোবা নহয় কোনোবা ইতিহাসৰ লগত জড়িত হৈ থাকে আৰু কিবা নহয় কিবা এটা শিকায়। ঠিক সেইদৰে ভাৰতৰ ইতিহাসত আজিৰ দিনটো অৰ্থাৎ ১৩ এপ্ৰিলৰ দিনটোৱে মনত দুখ আৰু খঙৰ অনুভূতি জাগ্ৰত কৰে। আজিও জালিয়ানৱালাৰ ঘটনাটো মনত পেলাই মানুহৰ আত্মা কঁপি উঠে৷

 ১৯১৯ চনৰ ১৩ এপ্ৰিলত ভাৰতৰ অমৃতসৰত সংঘটিত হৈছিল জালিয়ানৱালা বাগ হত্যাকাণ্ড। আজিৰ দিনটোতে অমৃতসৰৰ সোণালী মন্দিৰৰ সমীপৰ জালিয়ানৱালা বাগত তেজৰ হোলী অনুষ্ঠিত হয়।জালিয়ানৱালা হত্যাকাণ্ডৰ ১০৪ বছৰ পাৰ হৈ গ’ল, কিন্তু তথাপিও ইয়াৰ ঘাঁবোৰ ৰাইজৰ হৃদয়ত সতেজ হৈ আছে।

 ভাৰতীয় জাতীয় কংগ্ৰেছে এই গণহত্যাৰ বিৰুদ্ধে ধৰ্মঘটৰ ঘোষণা কৰিছিল। ইয়াৰ বাহিৰেও মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই ঘটনাৰ বাবেই ছাইমন কমিচনো গঠন হ’ল।১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালা বাগত বহু সংখ্যক লোক সমবেত হৈ সত্য পাল আৰু ড° চৈফুদ্দিন কিচলেউ নামৰ দুজন জাতীয়তাবাদী নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে। য’ত হঠাতে ব্ৰিটিছ সামৰিক বিষয়া জেনেৰেল ডায়েৰ নিজৰ সৈন্যৰ সৈতে উদ্যানৰ ভিতৰলৈ আহিল আৰু জনসাধাৰণক সকীয়াই নিদিয়াকৈয়ে তেওঁ নিজৰ সৈন্যসকলক দহ মিনিটৰ বাবে দ্ৰুতগতিত গুলী চলাবলৈ নিৰ্দেশ দিলে।

 কোৱা হয় যে দহ মিনিটত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।ব্ৰিটিছ চৰকাৰৰ ৰেকৰ্ড অনুসৰি কৰ্ণেল ৰেজিনাল্ড ডায়েৰৰ নিৰ্বিচাৰ গুলীচালনাত পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৩৮৮ জন লোক নিহত হোৱাৰ বিপৰীতে ১২০০ লোক আহত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন