--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুভাগত বিভক্ত হ’ল ভাৰতীয় জনতা পাৰ্টি। অলপতে মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক নাৰায়ণ ত্ৰিপাঠিয়ে নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। তেওঁ জনোৱামতে, অহা বিধান সভাৰ নিৰ্বাচনত নতুন দলটোৰ পৰা ৩০ জন বিধায়কে ৩০ খন আসনৰ পৰা প্ৰাৰ্থীত্ব আগিবঢ়াব।

উল্লেখ্য যে চলিত বৰ্ষতে মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তেনে সময়তে বিজেপি বিভক্ত হোৱাটো লক্ষ্যণীয় হৈ পৰিছে।

নাৰায়ণ ত্ৰিপাঠীৰ দলটোৰ নাম হৈছে বিন্ধ্যা জনতা পাৰ্টি, চমুকৈ ভিজেপি। বিন্ধ্যা প্ৰদেশৰ নামৰ নতুন ৰাজ্যৰ দাবীত ত্ৰিপাঠিয়ে গঠন কৰিছে এই নতুন দলটো।

খবৰ অনুসৰি অহা ১৫ এপ্ৰিলৰ ভিতৰত ভিজেপিৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব। মাইহাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিন্ধ্যা প্ৰিমিয়াৰ লীগ ছিজন ২ৰ সামৰণি অনুষ্ঠানত ত্ৰিপাঠীয়ে নিজেই ঘোষণা কৰে যে ভিজেপিৰ প্ৰাৰ্থীয়ে ৰেৱা আৰু শ্বাহদোল অঞ্চলৰ ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখ্য যে চাৰিবাৰকৈ এছ পি, কংগ্ৰেছ, আৰু বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে দক্ষ ৰাজনীতিক ত্ৰিপাঠী। নতুন দলটোৰ বিন্ধ্যাবাসীক সমৰ্থনৰ বাবে তেওঁ আহ্বান জনায়।

লগতে ত্ৰিপাঠিয়ে কয়, ‘‘এইবাৰ বিজেপিৰ প্ৰাৰ্থীয়েও বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বিন্ধ্যাৰ ৰাইজে হয়তো বিন্ধ্যা দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ল’ব।’’

উল্লেখ্য যে বিগত বিধান সভা নির্বাচনত বিন্ধ্যা অঞ্চলৰ ৩০খন আসনৰ ভিতৰত ২৭খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল৷

এতিয়া বিজেপিৰ পৰা ওলাই গৈ নতুনকৈ আঞ্চলিকতাবাদী দল গঠন কৰা ত্ৰিপাঠিয়ে নতুন দলটোক কেনেদৰে আগুৱাই নিবলৈ সক্ষম হয় আৰু এই নতুন দলটোৱে ৰাজ্যখনৰ ৰাজনীতি কইদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ’ব লক্ষ্যনীয়। কিন্তু বিজেপিত ফাঁট মেলা এই ঘটনাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে