--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুভাগত বিভক্ত হ’ল ভাৰতীয় জনতা পাৰ্টি। অলপতে মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক নাৰায়ণ ত্ৰিপাঠিয়ে নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। তেওঁ জনোৱামতে, অহা বিধান সভাৰ নিৰ্বাচনত নতুন দলটোৰ পৰা ৩০ জন বিধায়কে ৩০ খন আসনৰ পৰা প্ৰাৰ্থীত্ব আগিবঢ়াব।

উল্লেখ্য যে চলিত বৰ্ষতে মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তেনে সময়তে বিজেপি বিভক্ত হোৱাটো লক্ষ্যণীয় হৈ পৰিছে।

নাৰায়ণ ত্ৰিপাঠীৰ দলটোৰ নাম হৈছে বিন্ধ্যা জনতা পাৰ্টি, চমুকৈ ভিজেপি। বিন্ধ্যা প্ৰদেশৰ নামৰ নতুন ৰাজ্যৰ দাবীত ত্ৰিপাঠিয়ে গঠন কৰিছে এই নতুন দলটো।

খবৰ অনুসৰি অহা ১৫ এপ্ৰিলৰ ভিতৰত ভিজেপিৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব। মাইহাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিন্ধ্যা প্ৰিমিয়াৰ লীগ ছিজন ২ৰ সামৰণি অনুষ্ঠানত ত্ৰিপাঠীয়ে নিজেই ঘোষণা কৰে যে ভিজেপিৰ প্ৰাৰ্থীয়ে ৰেৱা আৰু শ্বাহদোল অঞ্চলৰ ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখ্য যে চাৰিবাৰকৈ এছ পি, কংগ্ৰেছ, আৰু বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে দক্ষ ৰাজনীতিক ত্ৰিপাঠী। নতুন দলটোৰ বিন্ধ্যাবাসীক সমৰ্থনৰ বাবে তেওঁ আহ্বান জনায়।

লগতে ত্ৰিপাঠিয়ে কয়, ‘‘এইবাৰ বিজেপিৰ প্ৰাৰ্থীয়েও বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বিন্ধ্যাৰ ৰাইজে হয়তো বিন্ধ্যা দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ল’ব।’’

উল্লেখ্য যে বিগত বিধান সভা নির্বাচনত বিন্ধ্যা অঞ্চলৰ ৩০খন আসনৰ ভিতৰত ২৭খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল৷

এতিয়া বিজেপিৰ পৰা ওলাই গৈ নতুনকৈ আঞ্চলিকতাবাদী দল গঠন কৰা ত্ৰিপাঠিয়ে নতুন দলটোক কেনেদৰে আগুৱাই নিবলৈ সক্ষম হয় আৰু এই নতুন দলটোৱে ৰাজ্যখনৰ ৰাজনীতি কইদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া হ’ব লক্ষ্যনীয়। কিন্তু বিজেপিত ফাঁট মেলা এই ঘটনাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত