--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। কৰ'না সংক্ৰমণৰ সমানে সমানে বাঢ়িছে অমিক্ৰণৰ আতংক। প্ৰতিদিনে কৰ'নাত আক্ৰান্ত হোৱাৰ মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। ইয়াৰ মাজতে সূৰ্যক নমস্কাৰ কৰা নকৰাক লৈ বিতৰ্ক আৰম্ভ হৈছে। বিহাৰত কৰ'না ভাইৰাছৰ দ্ৰুত গতিত বৃদ্ধি পোৱা ঘটনাৰ মাজতে বিজেপিয়ে সূৰ্য নমস্কাৰ দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছে। 'সূৰ্য নমস্কাৰ দিৱস' ১২ জানুৱাৰীত বিজেপিয়ে উদযাপন কৰিব, য'ত দলৰ নেতা আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰিব। যিহেতু বিহাৰত বিজেপিয়ে আন তিনিটা দল জেডিইউ, হিন্দুস্তানী আম মৰ্চা আৰু ভিআইপিৰ সৈতে মিত্ৰতা কৰিছে, সেয়েহে এই দলবোৰৰ নেতাসকলেও এই কাৰ্যসূচীত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

অৱশ্যে, জেডিইউৰ এমএলচিয়ে স্পষ্টভাৱে কৈছে যে তেওঁলোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব নোৱাৰে। ইছলামে তেওঁলোকক সূৰ্যৰ উপাসনা কৰিবলৈ অনুমতি নিদিয়ে।জেডিইউৰ এমএলচি গোলাম ৰছুল বালৱায়ীয়ে কয় যে ''সূৰ্য নমস্কাৰ এটা ধৰ্মীয় বিশ্বাস। আনহাতে দেশৰ সংবিধানত ধৰ্মীয় বিশ্বাস অনুসৰণ নকৰাৰো স্বাধীনতা আছে। সংবিধানে কৈছে যে যিসকলে ধৰ্ম পছন্দ কৰে তেওঁলোকে ইয়াক গ্ৰহণ কৰা উচিত আৰু ইয়াৰ বিশ্বাস অনুসৰণ কৰা উচিত। এনে পৰিস্থিতিত যদি কোনোবাই সূৰ্য নমস্কাৰক তেওঁৰ ধৰ্মীয় বিষয় বুলি বিবেচনা কৰে তেন্তে ইয়াক তেওঁৰ ধৰ্মীয় বিশ্বাস বুলিয়েই বিবেচনা কৰক। আমি ইয়াৰ ওপৰত মন্তব্য দিব নাযাওঁ।

কিন্তু মই ক'ব বিছাৰিছো যে ইছলাম ধৰ্মত মুছলমানসকলে কেৱল এজন আল্লাক প্ৰণামৰ যোগ্য বুলি গণ্য কৰি আহিছে। আল্লাই যি সৃষ্টি কৰিছে সেয়া মুছলমানসকলে প্ৰণাম নকৰে। সূৰ্য আল্লাই সৃষ্টি কৰিছে। তেনে ক্ষেত্ৰত আমি সূৰ্যক প্ৰণাম নকৰো সূৰ্য যিয়ে সৃষ্টি কৰিছে সেই সৃষ্টিকৰ্তা মানে আল্লাকহে আমি প্ৰণাম কৰিম। আল্লাক প্ৰণাম কৰাৰ বাহিৰে আল্লাই যি সৃষ্টি কৰিছে সেয়া আমি কেতিয়াও প্ৰণাম নকৰো। গতিকে বিজেপিৰ 'সূৰ্য নমস্কাৰ দিৱস'ত আমি ভাগ নলওঁ।'' উল্লেখ্য গোলাম ৰছুল বালৱায়ীৰ এই মন্তব্য বিহাৰত চৰ্চিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ