--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। কৰ'না সংক্ৰমণৰ সমানে সমানে বাঢ়িছে অমিক্ৰণৰ আতংক। প্ৰতিদিনে কৰ'নাত আক্ৰান্ত হোৱাৰ মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। ইয়াৰ মাজতে সূৰ্যক নমস্কাৰ কৰা নকৰাক লৈ বিতৰ্ক আৰম্ভ হৈছে। বিহাৰত কৰ'না ভাইৰাছৰ দ্ৰুত গতিত বৃদ্ধি পোৱা ঘটনাৰ মাজতে বিজেপিয়ে সূৰ্য নমস্কাৰ দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছে। 'সূৰ্য নমস্কাৰ দিৱস' ১২ জানুৱাৰীত বিজেপিয়ে উদযাপন কৰিব, য'ত দলৰ নেতা আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰিব। যিহেতু বিহাৰত বিজেপিয়ে আন তিনিটা দল জেডিইউ, হিন্দুস্তানী আম মৰ্চা আৰু ভিআইপিৰ সৈতে মিত্ৰতা কৰিছে, সেয়েহে এই দলবোৰৰ নেতাসকলেও এই কাৰ্যসূচীত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

অৱশ্যে, জেডিইউৰ এমএলচিয়ে স্পষ্টভাৱে কৈছে যে তেওঁলোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব নোৱাৰে। ইছলামে তেওঁলোকক সূৰ্যৰ উপাসনা কৰিবলৈ অনুমতি নিদিয়ে।জেডিইউৰ এমএলচি গোলাম ৰছুল বালৱায়ীয়ে কয় যে ''সূৰ্য নমস্কাৰ এটা ধৰ্মীয় বিশ্বাস। আনহাতে দেশৰ সংবিধানত ধৰ্মীয় বিশ্বাস অনুসৰণ নকৰাৰো স্বাধীনতা আছে। সংবিধানে কৈছে যে যিসকলে ধৰ্ম পছন্দ কৰে তেওঁলোকে ইয়াক গ্ৰহণ কৰা উচিত আৰু ইয়াৰ বিশ্বাস অনুসৰণ কৰা উচিত। এনে পৰিস্থিতিত যদি কোনোবাই সূৰ্য নমস্কাৰক তেওঁৰ ধৰ্মীয় বিষয় বুলি বিবেচনা কৰে তেন্তে ইয়াক তেওঁৰ ধৰ্মীয় বিশ্বাস বুলিয়েই বিবেচনা কৰক। আমি ইয়াৰ ওপৰত মন্তব্য দিব নাযাওঁ।

কিন্তু মই ক'ব বিছাৰিছো যে ইছলাম ধৰ্মত মুছলমানসকলে কেৱল এজন আল্লাক প্ৰণামৰ যোগ্য বুলি গণ্য কৰি আহিছে। আল্লাই যি সৃষ্টি কৰিছে সেয়া মুছলমানসকলে প্ৰণাম নকৰে। সূৰ্য আল্লাই সৃষ্টি কৰিছে। তেনে ক্ষেত্ৰত আমি সূৰ্যক প্ৰণাম নকৰো সূৰ্য যিয়ে সৃষ্টি কৰিছে সেই সৃষ্টিকৰ্তা মানে আল্লাকহে আমি প্ৰণাম কৰিম। আল্লাক প্ৰণাম কৰাৰ বাহিৰে আল্লাই যি সৃষ্টি কৰিছে সেয়া আমি কেতিয়াও প্ৰণাম নকৰো। গতিকে বিজেপিৰ 'সূৰ্য নমস্কাৰ দিৱস'ত আমি ভাগ নলওঁ।'' উল্লেখ্য গোলাম ৰছুল বালৱায়ীৰ এই মন্তব্য বিহাৰত চৰ্চিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক