--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবি ‘কুত্তে’ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাল। অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী টাবু অভিনীত এই ছবিখনৰ বিৰুদ্ধে যোধপুৰ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে এগৰাকী আৰক্ষী বিষয়াৰ কন্যাই। অহা ১২ জানুৱাৰীত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

১৩ জানুৱাৰীত মুক্তি পাব চলচ্চিত্ৰ নিৰ্মাতা বিশাল ভৰদ্বাজৰ পুত্ৰ আছমান ভৰদ্বাজৰ ছবি ‘কুত্তে’। ছবিখনৰ ট্ৰেইলাৰত কোৱা হৈছে যে এই কাহিনী আৰক্ষী বিভাগৰ ওপৰত আধাৰিত। গতিকে ‘কুত্তে’ শিৰোনামটো শুদ্ধ হোৱা নাই বুলি আপত্তি দৰ্শাইছে আৱেদনকাৰীয়ে।

জালৌৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৰেন্দ্ৰ চৌধুৰীৰ কন্যা ইতিমধ্যে আদালতৰ দাৰস্থ হৈছে। ন্যায়াধীশ অৰুণ ভাঞ্চালীৰ আদালতত হ’ব শুনানি।

ছবিখনত অৰ্জুন কাপুৰ আৰু টাবু দুয়োজনে আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও কংকনা সেন, নাছিৰুদ্দিন শ্বাহকে ধৰি আন বহুতে অভিনয় কৰিছে। ছবিখনৰ সংলাপ আৰু অন্যান্য দৃশ্যৰ বাবে ছবিখনক এ কেটেগৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে।

ছবিখনৰ পোষ্টাৰত দেখুওৱা মুখবোৰ ইউনিফৰ্মত দেখুওৱা হৈছে কিন্তু মানুহৰ মুখৰ স্থানত লগোৱা হৈছে কুকুৰৰ মুখ। এই আবেদনত ছবিখনৰ শিৰোনাম সলনি কৰাৰ লগতে মুক্তিৰ সময়ত স্থগিতাদেশৰ দাবী জনাইছে। আবেদনকাৰীৰ হৈ হাজিৰ হ’ব অধিবক্তা দীপেশ বেনিৱাল।

দিপেশ বেনিৱালে কয় যে আমি মত প্ৰকাশৰ স্বাধীনতাৰ বিৰোধিতা নকৰো। সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ উলংঘা কৰিব পাৰি। এই সন্দৰ্ভত এখন আবেদন দাখিল কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু