--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবি ‘কুত্তে’ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাল। অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী টাবু অভিনীত এই ছবিখনৰ বিৰুদ্ধে যোধপুৰ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে এগৰাকী আৰক্ষী বিষয়াৰ কন্যাই। অহা ১২ জানুৱাৰীত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

১৩ জানুৱাৰীত মুক্তি পাব চলচ্চিত্ৰ নিৰ্মাতা বিশাল ভৰদ্বাজৰ পুত্ৰ আছমান ভৰদ্বাজৰ ছবি ‘কুত্তে’। ছবিখনৰ ট্ৰেইলাৰত কোৱা হৈছে যে এই কাহিনী আৰক্ষী বিভাগৰ ওপৰত আধাৰিত। গতিকে ‘কুত্তে’ শিৰোনামটো শুদ্ধ হোৱা নাই বুলি আপত্তি দৰ্শাইছে আৱেদনকাৰীয়ে।

জালৌৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৰেন্দ্ৰ চৌধুৰীৰ কন্যা ইতিমধ্যে আদালতৰ দাৰস্থ হৈছে। ন্যায়াধীশ অৰুণ ভাঞ্চালীৰ আদালতত হ’ব শুনানি।

ছবিখনত অৰ্জুন কাপুৰ আৰু টাবু দুয়োজনে আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও কংকনা সেন, নাছিৰুদ্দিন শ্বাহকে ধৰি আন বহুতে অভিনয় কৰিছে। ছবিখনৰ সংলাপ আৰু অন্যান্য দৃশ্যৰ বাবে ছবিখনক এ কেটেগৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে।

ছবিখনৰ পোষ্টাৰত দেখুওৱা মুখবোৰ ইউনিফৰ্মত দেখুওৱা হৈছে কিন্তু মানুহৰ মুখৰ স্থানত লগোৱা হৈছে কুকুৰৰ মুখ। এই আবেদনত ছবিখনৰ শিৰোনাম সলনি কৰাৰ লগতে মুক্তিৰ সময়ত স্থগিতাদেশৰ দাবী জনাইছে। আবেদনকাৰীৰ হৈ হাজিৰ হ’ব অধিবক্তা দীপেশ বেনিৱাল।

দিপেশ বেনিৱালে কয় যে আমি মত প্ৰকাশৰ স্বাধীনতাৰ বিৰোধিতা নকৰো। সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ উলংঘা কৰিব পাৰি। এই সন্দৰ্ভত এখন আবেদন দাখিল কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক