--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯ মহামাৰীৰ পাঁচ বছৰৰ পাছত চীনত হিউমেন মেটানিউমোভাইৰাছ (HMPV)ৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা অনুসৰি চিকিৎসালয়সমূহ আক্ৰান্ত লোকেৰে ভৰি থকাৰ লগতে শ্মশান স্থলীত অতিমাত্ৰা ভিৰ। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে চীনত ইনফ্লুৱেঞ্জা এ,এইচএমপিভি, মাইকোপ্লাজমা নিউমোনিয়া আৰু ক’ভিড-১৯কে ধৰি একাধিক ভাইৰাছ বিয়পি পৰিছে। আনকি চীনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বুলিও দাবী কৰা হৈছে যদিও ইয়াৰ কোনো আনুষ্ঠানিক নিশ্চয়তা নাই।

এইচএমপিভিৰ ফলত ফ্লুৰ দৰে লক্ষণ দেখা দিয়ে। এই ভাইৰাছে সাধাৰণতে ওপৰৰ শ্বাসনলীত প্ৰভাৱ পেলায় যদিও কেতিয়াবা তলৰ শ্বাসনলীৰ সংক্ৰমণ হ’ব পাৰে। শীতকাল আৰু বসন্তৰ আৰম্ভণিতে এইচএমপিভি বেছিকৈ দেখা যায়।

মানৱ মেটানিউমোভাইৰাছৰ লক্ষণ

এইচ এম পি ভিৰ লক্ষণসমূহ ফ্লু বা সাধাৰণ চৰ্দিৰ দৰেই। কাহ, হাঁচি বা সংক্ৰমিত ব্যক্তিৰ ব্যক্তিগত সংস্পৰ্শৰ জৰিয়তে ই আনলৈ বিয়পিব পাৰে। কিছুমান সাধাৰণ লক্ষণ হ’ল-

১)কাহ

২)জ্বৰ

৩)নাক বন্ধ

৪)ডিঙি বিষ

৫)উশাহ লোৱাত অসুবিধা হোৱা

সৰু ল’ৰা-ছোৱালী, বয়সস্থ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ এইচএমপিভিৰ পৰা গুৰুতৰ ৰোগ হোৱাৰ আশংকা বেছি।

প্ৰতিৰোধৰ পৰামৰ্শ

এই পদক্ষেপসমূহ অনুসৰণ কৰিলে আপুনি এইচএমপিভি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে:

১)হাত চাবোনেৰে কমেও ২০ ছেকেণ্ড ধুব লাগে যাতে সংক্ৰমণ বিয়পি নাযায়।

২) কাহ বা হাঁচি কৰোতে মুখ আৰু নাক ঢাকি ৰাখিব লাগে

৩) মাস্ক পৰিধান কৰাৰ কথা চিন্তা কৰি অসুস্থ লোকৰ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে

৪) হাত নোধোৱাকৈ চকু, নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক

৫) বেমাৰত থাকিলে নিজকে বিচ্ছিন্ন কৰি ৰাখক

বৰ্তমান HMPV প্ৰতিৰোধৰ বাবে কোনো নিৰ্দিষ্ট এন্টিভাইৰেল থেৰাপী বা ভেকচিন উপলব্ধ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক